Search Engines

কি আছে নতুন শিক্ষানীতি ২০২০ ত ?

২০২০ শিক্ষানীতি :--  আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনালে নতুন শিক্ষা নীতিক। যোৱা বছৰ ISROৰ প্ৰাক্তন মুৰব্বী কে কস্তুৰীৰংগন কমিটীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰা প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰক জমা দিছিল। 
২০২০ শিক্ষানীতি

         মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত হ’ব প্ৰৱেশিকা পৰীক্ষা, HSত নাথাকিব কলা, বিজ্ঞান, বাণিজ্য শাখা ! শিক্ষা নীতি অনুসৰি, শিক্ষা ব্যৱস্থাত মাতৃভাষা, আধুনিক ভাৰতীয় ভাষা, আঞ্চলিক ভাষা আৰু সংস্কৃত ভাষাক অধিক গুৰুত্ব আৰোপ কৰা হ’ব । সেই ভাষা সমূহ বিকাশৰ লগতে শিক্ষাদানৰ মাধ্যম হিচাপে পূৰ্বতকৈ অধিক মাত্ৰাত ব্যৱহাৰ হ’ব।

এটা ৪ বছৰীয়া ‘all inclusive inter disciplinary B. Ed course’ আৰম্ভ কৰা হ’ব। স্নাতকৰ পাঠ্যক্ৰম সৰ্বমুঠ চাৰি বছৰৰ হ’ব । কিন্তু বিভিন্ন পৰ্যায়ত এই পাঠ্যক্ৰমৰ অন্ত পৰিব। অৰ্থাৎ multiple exit থাকিব। সেইদৰে MPhil ডিগ্ৰী বিশ্ববিদ্যালয় পদ্ধতিৰ পৰা কৰ্তন কৰা হৈছে।

পঞ্চম শ্ৰেণী লৈকে ভাৰতীয় ভাষাত শিক্ষা দান আৰু তাৰ পাছত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী ইংৰাজী ঐচ্ছিক বিষয় হিচাপে থাকিব। GDP ৬ শতাংশ শিক্ষা খণ্ডত ব্যয় কৰা হ’ব।

স্কুলীয়া শিক্ষা ৫+৩+৩+৪ পদ্ধতিৰ হ’ব । প্ৰথম ৫ বছৰত অন্তৰ্ভুক্ত হ’ব প্ৰাক-প্ৰাথমিক, প্ৰাথমিক, প্ৰথম আৰু দ্বিতীয় শ্ৰেণী । পিছৰ ৩ বছৰত অন্তৰ্ভুক্ত হ’ব তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী । তাৰ পিছৰ তিনি বছৰত থাকিব ষষ্ঠ, সপ্তম আৰু অষ্টম । শেষৰ চাৰি বছৰত থাকিব নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী । উচ্চতৰ মাধ্যমিকৰ চাৰি বছৰত শিক্ষা দান কলা, বাণিজ্য বা বিজ্ঞান বুলি বিভাজিত হৈ নাথাকিব। শিক্ষাৰ্থীয়ে ইচ্ছা অনুযায়ী বিষয় গ্ৰহণ কৰিব পাৰিব। উদাহৰণস্বৰূপে পদাৰ্থ বিজ্ঞানৰ লগত বুৰঞ্জীও পঢ়িব পাৰিব।

দেশৰ ৪৫,০০০ মহাবিদ্যালয়ক অধিক ক্ষমতা প্ৰদান কৰা হ’ব। মহাবিদ্যালয়ত নামভৰ্তিৰ কাৰণে গোটেই দেশতে এটাই entrance exam হ’ব।

২০২০ শিক্ষানীতি
★ ডিগ্ৰী এতিয়াৰ পৰা তিনিবছৰৰ ঠাইত চাৰি বছৰীয়া হ'ব । কিন্তু কোনোবাই যদি এবছৰ পঢ়ি এৰি দিয়ে তাৰো স্বীকৃতি পাব । 
কিয়নো ১ বছৰ পঢ়িলে চাৰ্টিফিকেট পাব, ২বছৰ পঢ়িলে ডিপ্লমা, তিনি বছৰ পঢ়িল ডিগ্ৰী আৰু চাৰিবছৰ পঢ়িলে ডিগ্ৰীৰ সৈতে ৰিচাৰ্চ চাৰ্টিফিকেট পাব। কিমান বছৰ পঢ়ে সেয়া আপোনাৰ ইচ্ছা। পিজিৰ ক্ষেত্ৰতো ১ বছৰীয়া আৰু ২ বছৰীয়াৰ অপচন থাকিব ।

★ ২০১৪ চনৰ নিৰ্বাচনী ইস্তাহাৰত কোৱাৰ দৰেই শিক্ষাখণ্ডত মুঠ জিডিপিৰ ৬% ব্যৱহাৰ কৰা হ'ব। যিটো বৰ্তমান ৩%

★ বৰ্তমানৰ ১০ + ২ ৰ পৰিৱৰ্তে শিক্ষা ব্যৱস্থাটো ৫ বছৰ + ৩ বছৰ + ৩ বছৰ + ৪ বছৰত বিভক্ত হ'ব ।
মানে এতিয়াৰ পৰা স্কুলীয়া জীৱন ১৫ বছৰ হ'ব ।

★ পৰীক্ষাবোৰ ক্লাছ ৩য় ,৫ ম আৰু ৮ম হ'ব । অৰ্থাৎ ক্লাছ ৮ লৈ প্ৰতিবছৰে পৰীক্ষা নাথাকে । মাত্ৰ তিনিটা পৰীক্ষা হ'ব । যিয়ে পৰীক্ষাকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত বহুখিনি সংশোধন আনিব ।

★৬ষ্ঠ শ্ৰেণীৰ পৰা কোডিং বাধ্যতামূলক হ'ব । সময়ৰ লগত চলিবলৈ‌ এইটো খুউৱ প্ৰয়োজন আছিল । প্ৰতিবছৰে মাৰ্কছিটত ছাত্ৰ বা ছাত্ৰী গৰাকী পঢ়া শুনাৰ লগতে কি বিষয়ত পাৰ্গত সেইটোও উল্লেখ থাকিব ।

★ স্কুলতে বৃত্তিমূখী শিক্ষাৰ ব্যৱস্থা কৰা হ'ব ।

★ ৫ ম শ্ৰেণীলৈ ( যদি প্ৰয়োজন ৮ ম শ্ৰেণীলৈ) মাতৃভাষাত পাঠদানৰ ব্যৱস্থা বাধ্যতামূলক কৰা হ'ব । 

★ মাধ্যমিকৰ পৰা বিদেশী ভাষা লোৱাৰ সুবিধা থাকিব । অৱশ্যে কোনো ভাষা বাধ্যতামূলক নহয় ।
মানে ইচ্ছা কৰিলে সকলো বিষয় ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে ইংৰাজীতে শিকিব পাৰিব ।

★  IIT ৰ দৰে প্ৰতিষ্ঠানবোৰ সামগ্ৰিক শিক্ষা লাভৰ অনুষ্ঠান হিচাপে ৰূপান্তৰ কৰা হ'ব । অৰ্থাৎ বিজ্ঞানৰ ছাত্ৰৰ বাবেও কলা বিভাগৰ বিষয় বা আন আন বিষয়বোৰো উপলব্ধ হ'ব । or vice versa

★  সমগ্ৰ দেশত বিশ্ববিদ্যালয়ৰ নামভৰ্ত্তিৰ বাবে এটায়েই entrance হ'ব । যিটো খুউৱ ভাল সিদ্ধান্ত ।

★ নতুন শিক্ষা নীতি অনুসৰি বিজ্ঞান , কলা , বাণিজ্যৰ কঠোৰ ভাগ কৰা নাথাকিব। অৰ্থাৎ পদাৰ্থ বিজ্ঞান আৰু ৰাজনীতি বিজ্ঞান একেলগে পঢ়িব পাৰিব ।

★ এতিয়াৰ পৰা নাথাকিব m.phil পাঠ্যক্ৰম । 

★ বিশ্বৰ শীৰ্ষ এশখন বিশ্ববিদ্যালয়ক ভাৰতত কেম্পাছ পাতিব  অনুমতি দিয়া হ'ব ।

★ HECI ক চাৰিটা ভাগত ভাগ কৰা হ'ব। National Higher Education Regulatory Council for regulation, General Education Council to set standards, Higher Education Grants Council for funding and National Accreditation Council for accreditation. 

আৰু বহুত আছে‌...কেৱল গুৰুত্বপূৰ্ণখিনি উল্লেখ কৰিলোঁ । দেশত ৩৬ বছৰৰ পিছত এই নতুন শিক্ষানীতি অনা হৈছে । এইখন চাই ভাৱ হৈছে, বিজেপি চৰকাৰে এক শক্তিশালী শিক্ষা ব্যৱস্থা গঢ় দিয়াৰ প্ৰয়াস কৰিছে । বাকী সময়ত দেখা যাব...

Post a Comment

0 Comments
close