দুৰ্ঘটনা পতিত হৈ মৃত্যু হোৱা সংখ্যা হ্ৰাস কৰাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ হাতত লৈছে । সাধাৰণ যিকোনো হেলমেট পিন্ধিলেও দুৰ্ঘটনা পৰা ৰক্ষা পোৱা নাযায় । সেইবাবে ISI মাৰ্ক থকা হেলমেট বিক্ৰী কৰা দোকানৰ পৰাহে আপুনি ক্ৰয় কৰক হেলমেট । আৰু সম্পূৰ্ণ ৰূপে মুখমণ্ডল ঢাকি ৰখা হেলমেটহে পৰিধান কৰক আপুনি বাহন চলোৱা সময়ত ।
যি কোনো ধৰণৰ হেলমেট এতিয়া ব্যৱহাৰ কৰিব নোৱাৰিব দুচকীয়া বাহনৰ চালক সকলে ।আপোনাৰ হেলমেটৰ ওপৰত চৰকাৰ আৰু প্ৰশাসনে চকু ৰাখিছে । কেৱল BIS অৰ্থাৎ ব্যুৰ' অৱ্ ইন্ডিয়ান ষ্টেন্ডাৰ্ডছৰ দ্বাৰা স্বীকৃত হেলমেটহে ব্যৱহাৰ কৰিব পাৰিব দুচকীয়া বাহনৰ চালক সকলে ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )