Search Engines

চৰকাৰে দিছে সুযোগ ! লাভ কৰক ৫০ হাজাৰকৈ টকা, প্ৰতি জন যুৱক-যুৱতীয়ে । এই আঁচনি প্ৰতিবছৰে অব্যাহত থাকিব ।

কোৰোণা মহামাৰীয়ে সকলোৰে বাবে নমাই আনিছে চিন্তা। কাৰণ কিছুমান যুৱক-যুৱতীয়ে ল’ক ডাউনৰ ফলত চাকৰিও হেৰুৱাব লগীয়া হ’ল । তাৰ মাজতে ৰাজ্য চৰকাৰে আনিছে এটা সুখবৰ

 
লাভ কৰক ৫০ হাজাৰকৈ টকা, প্ৰতি জন যুৱক-যুৱতীয়ে

আঁচনিৰ অধীনত উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ২ লাখ যুৱক-যুৱতীলৈ আগবঢ়াব ৫০ হাজাৰকৈ টকা। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত খৰচ কৰিব ১০০০ কোটি টকা। ১ ছেপ্তেম্বৰৰ আগতে কালেক্টিভ এফৰ্ড আৰম্ভ কৰা সকলে লাভ কৰিব এই ধনৰাশি। প্ৰতি বছৰে অব্যাহত থাকিব এই আঁচনি। যুৱক-যুৱতী সকলে নতুনকৈ উদ্যোগ আৰম্ভ কৰিবলৈ দিয়া হ’ব এই ধনৰাশি ৰাজ্য চৰকাৰৰ ফালৰ পৰা । আৰু এই ধনৰাশি চৰকাৰক আকৌ ঘুৰাই দিবলৈ নালাগে ।
 
লাভ কৰক ৫০ হাজাৰকৈ টকা, প্ৰতি জন যুৱক-যুৱতীয়ে


এই সকলে লাভ কৰিব এই ধনৰাশি-   
  1. প্ৰতিটো গোট ২০২০ৰ ১ ছেপ্টেম্বৰৰ আগতে গঠন হোৱা হ'ব লাগিব ৷ আৰু গোটত ২০ জনত কৈ বেছি নাই বা ৫ জনত কৈ কম সদস্য থাকিব নালাগিব।
  2. এই আচঁনিত আবেদন কৰা গোটৰ সদস্যসকল অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ৷ সদস্য সকলৰ বয়স ২০২০ৰ ১ ছেপ্টেম্বৰৰ ভিতৰত ১৮ বছৰৰ ওপৰত বা চল্লিশ বছৰৰ ভিতৰত হ'ব লাগিব ।
  3. এই আচঁনিত আবেদনকাৰী গোটৰ ৰাষ্ট্ৰীয় বাণিজ্যিক আৰু ক'পাৰেটিভ বেংকত একাউণ্ট থাকিব লাগিব আৰু একাউণ্টৰ বিৱৰণত গোটটোৰ নাম থাকিব লাগিব ৷
  4. হিতাধিকাৰী গোটৰ প্ৰত্যেক সদস্য মেট্ৰিক বা সমপৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব ৷ অতীতত এই গোটসমূহ বা গোটৰ সদস্যই ব্যক্তিগতভাৱে বা সামূহিকভাৱে কোনো ধৰণৰ বেংকৰ পৰা ঋণ লৈ থোৱা হ'ব নে লাগিব ।
  5. ১৭ ছেপ্টেম্বৰত এই আচঁনিৰ বাবে এটা পৰ্টেল মুকলি কৰিব ৰাজ্য চৰকাৰে ৷ পৰ্টেলৰ জৰিয়তেই আবেদন কৰিব পাৰিব ৷ জিলা সমূহত কমিটী থাকিব ৷ কমিটীত ৰাজনীতিৰ সৈতে জড়িত কোনো লোক থাকিবলৈ নোৱাৰিব ।
  6. এই আচঁনিৰ বিত্ত বিভাগে পৰিচালনা কৰিব ৷ আবেদন কৰাৰ পিছত যুৱক-যুৱতী সকলক তিনিদিনীয়াকৈ প্ৰশিক্ষণ দিয়া হ'ব ৷ উদ্যোগ স্থাপন কৰাৰ লগতে কোনো বিভাগত ঠিকাও কৰিব পাৰিব  যুৱক-যুৱতী সকলে ।
  7. এই আচঁনিত প্ৰথম কিস্তিত ত্ৰিশ হাজাৰ, দ্বিতীয় কিস্তিত বিশ হাজাৰকৈ টকা দিয়া হ'ব। এই আঁচনি প্ৰতি বছৰে চলি থাকিব। স্বাধীনতাৰ পিছত অসমত এয়া বৃহৎ আঁচনি স্ব-নিয়োজনৰ ক্ষেত্ৰত ৷


Post a Comment

0 Comments
close