এতিয়াৰে পৰা বাইক আৰোহী সকল সতর্ক হক, নহ'লে পৰিব পাৰে বিপদত । নিজৰ ইচ্ছা অনুসৰি আপুনি বহিব নোৱাৰিব বাইকত । এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে বিশেষ গাইডলাইন। সঘনাই হোৱা দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই বিশেষ গাইডলাইন গ্ৰহণ কৰিছে।
নতুন গাইডলাইন অনুসৰি বাইকৰ দুয়োফালে থাকিব লাগিব হেণ্ডহোল্ডৰ ব্যৱস্থা। লগতে মটৰ চাইকেলৰ পিছৰ চকাৰ আধা অংশ কভাৰেৰে ঢাকি থ’ব লাগিব। এনে কৰিলে পিছফালে বহা মহিলাৰ কাপোৰ চকাত সোমোৱাৰ পৰা ৰক্ষা কৰিব। আনহাতে মটৰ চাইকেল খনত লগাব লাগিব কণ্টেইনাৰ । এই কণ্টেইনাৰ ৫৫০ মিমি দীঘল, ৫১০ মিমি বহল আৰু ৫০০ মিমিতকৈ ওখ হ’ব নালাগিব।
লগতে বাইকত টায়াৰ প্ৰেছাৰ মনিটৰিং চিষ্টেম থাকিব লাগিব। যাৰ জৰিয়তে জানিব পাৰিব চকাৰ পাম্প সন্দৰ্ভত। ইয়াৰ জৰিয়তে ৰক্ষা পাব দুৰ্ঘটনাৰ পৰা।
মটৰ চাইকেল আৰোহীৰ জীৱনৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )