ষ্টেট বেংকৰ ফালৰ পৰা টুইটাৰযোগে জনোৱা হৈছে যে গ্ৰাহকসকলে ঘৰতে বহি ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে মুঠ ৮টা কাম কৰিব পাৰিব।
![]() |
ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ ঘোষণা ! |
ষ্টেট বেংকৰ ইণ্টাৰনেট বেংকিং প’ৰ্টেলৰ পৰা একাধিক সুবিধা লাভ কৰে গ্ৰাহকে। একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰাৰ লগতে ফাণ্ড ট্ৰান্সফাৰ, নতুন চেকবুকৰ বাবে আবেদন, ডেবিট কাৰ্ডৰ বাবে আবেদনৰ দৰে কামসমূহ ঘৰতে বহি কৰিব পাৰে গ্ৰাহকসকলে। তাৰ বাবে ইণ্টাৰনেট বেংকিঙৰ ইউজাৰ নেম আৰু পাছৱৰ্ড থকাটো প্ৰয়োজন।
ষ্টেট বেংকৰ ফালৰ পৰা টুইটাৰযোগে জনোৱা হৈছে যে গ্ৰাহকসকলে ঘৰতে বহি ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে মুঠ ৮টা কাম কৰিব পাৰিব।
ধন লেনদেনৰ লগতে এটিএম কাৰ্ডৰ বাবে আবেদন, ডিপ’জিট একাউণ্ট সংক্ৰান্তীয় কাম, বিল পেমেণ্ট, ছেভিংছ বেংক একাউণ্ট ষ্টেটমেণ্ট, চেকবুকৰ বাবে আবেদন, ইউপিআই আৰম্ভ আৰু বন্ধ কৰা, টেক্স পেমেণ্ট কৰাৰ সুবিধা লাভ কৰিব গ্ৰাহকে।

নেট বেংকিং আৰম্ভ কৰাৰ আগতে গ্ৰাহকসকলে ব্ৰাঞ্চলৈ যাব লাগিব। এখন নিৰ্দিষ্ট ফৰ্ম ফিলআপ কৰাৰ পিছত এই সেৱা আৰম্ভ হ’ব। তাৰ আগতে আপোনাক এটা প্ৰিপেইড কিট দিয়া হ’ব। কিন্তু বেংকৰ শাখালৈ যোৱাৰ সময় নাথাকিলে ঘৰৰ পৰাই নেট বেংকিং সুবিধাৰ বাবে ৰেজিষ্টাৰ কৰিব পাৰে। ইয়াৰ বাবে কি কৰিব লাগিব চাওক।
- এছবিআই নেট বেংকিং হোমপেজ onlinesbi.comলৈ যাওক।
- ইয়াৰ পিছত New User Registration/Activation ক্লিক কৰিব লাগিব।
- একাউণ্ট নম্বৰ চি আই এফ নম্বৰ, ব্ৰাঞ্চ কোড, দেশ, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰসহ প্ৰয়োজনীয় তথ্য পূৰণ কৰি submitত ক্লিক কৰক।
- ইয়াৰ পিছত আপোনাৰ ৰেজিষ্টাৰ্ড নম্বৰলৈ অ’টিপি আহিব।
- টেমপ’ৰেৰী ইউজাৰ নেম আৰু পাছৱৰ্ড তৈয়াৰ কৰি ৰেজিষ্ট্রেচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ছাবমিট বুটামত ক্লিক কৰক।
- টেমপ’ৰেৰী ইউজাৰ নেম আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগইন কৰক। ইয়াৰ পিছত আপোনাৰ ইচ্ছা অনুযায়ী এটা ইউজাৰ নেম আৰু পাছৱৰ্ড বনাই লওক যিটো স্থায়ীভাৱে থাকি যাব।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )