Search Engines

PUBG নিষিদ্ধ হোৱাৰ পিছতে অক্ষয় কুমাৰে ঘোষণা কৰিলে নতুন এক্সন গেম Fau-G Game

ভাৰত চৰকাৰে PUBG ৰ লগতে অন্যান্য চীনা মোবাইল এপ্লিকেচন ১১৮ টা নিষিদ্ধ কৰিলে । তাৰেই ভিতৰত অন্যতম মোবাইল গেইম PUBG এই খেলটোৰ অতি কম দিনৰ ভিতৰত বহুতো যুৱক - যুৱতীৰ জনপ্ৰিয় হৈ পৰিল । কিন্তু ভাৰত চৰকাৰে ১১৮টা মোবাইল এপ্লিকেচন নিষিদ্ধ কৰিলে । তাৰে ভিতৰত PUBG অন্যতম ।

Fau - G

         কিন্তু এতিয়া PUBG খেলুৱৈ সকলৰ বাবে সুখবৰ । কাৰণ  এইবাৰ অক্ষয় কুমাৰে আনিছে নতুন এক্সন গেমিং এপ Fau-G। এই গেমটো PUBG দৰে হ'ব ।


PUBG দেশৰ প্ৰায় ২০ কোটি লোকে ডাউনলোড কৰিছিল । কিন্তু PUBG নিষিদ্ধ হোৱাৰ পিছতে এইবাৰ এটা নতুন গেমিং এপ মুকলি কৰিবলৈ সাজু হৈছে বলীউদৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’শ্লোগানৰ প্ৰতি সমৰ্থন জনাই Fau-G গেমৰ পৰিকল্পনা কৰিছে অভিনেতাজনে।

অক্ষয় কুমাৰে টুইটযোগে এই গেমটোৰ বিষয়ে জানিবলৈ দিয়ে। আনকি গেমটোৰ পৰা হ’বলগীয়া উপাৰ্জনৰ ২০ শতাংশ নেট ৰেভিনিউ ভাৰতৰ বীৰ ট্ৰাষ্টৰ বাবে দিয়া হ’ব বুলিও জনাই অভিনেতাজনে। এই গেমটোৰ যোগেদি কেৱল মনোৰঞ্জনেই নহয়, ভাৰতীয় বীৰ সেনাৰ বলীদানৰ সন্দৰ্ভতো জনোৱা হ’ব বোলি জানিবলৈ দিয়ে বলীউডৰ তাৰকা অক্ষয় কুমাৰে ।

শুকুৰবাৰে নিশা অক্ষয় কুমাৰে গেমটোৰ কথা ঘোষণা কৰাৰ লগে লগে সকলোৰে মাজত কৌতুহলৰ সৃষ্টি হয়। গেমটোৰ সম্পূৰ্ণ নাম হৈছে- 'Frealess and United Guards'।এই গেমটো বেংগালুৰুস্থিত মোবাইল গেম ডেভলপাৰ nORE Gamesৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। অহা অক্টোবৰ মাহত আনুষ্ঠানিক ভাবে মুকলি কৰা হ’ব Fau-G।

Akshay Kumar Twitter

Post a Comment

2 Comments

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close