India Mobile Congress 2020 :
মুকেশ আম্বানীয়ে জনায়, ‘‘ভাৰতৰ অৰ্থনীতি পুনৰ ঘূৰি আহিব। ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হ’ব।’’
৮ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰৰ পৰা ভাৰতত আৰম্ভ হৈছে চতুৰ্থ ম’বাইল কংগ্ৰেছ (4th India Mobile Congress )। উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তিনিদিন ধৰি চলিব এইবাৰৰ ম’বাইল কংগ্ৰেছ। কোভিড পৰিস্থিতিৰ বাবে ভাৰ্ছুৱেলী তিনিদিন চলিব এই অনুষ্ঠান। এই অনুষ্ঠানত বক্তব্য ৰাখে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়েও।
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষগৰাকীৰ মতে, ‘‘ভাৰতত প্ৰায় ৩০০ মিলিয়ন ম’বাইল গ্ৰাহক এতিয়াও ২জিৰ যুগতে আছে। এই সুবিধাৰ পৰা বঞ্চিত লোকসকলৰ হাতত সাধ্য অনুযায়ী দামত স্মাৰ্ট ফোন তুলি দিয়া প্ৰয়োজন। তেতিয়াহ’লে তেওঁলোকেও সকলো সুবিধা লাভ কৰিব আৰু ডিজিটেল অৰ্থনীতিৰ অংশীদাৰ হ’ব পাৰিব।’’
‘‘ভাৰত বৰ্তমান বিশ্বৰ অন্যতম ডিজিটেলী কানেক্টেড দেশসমূহৰ ভিতৰত অন্যতম। এই ধাৰা বজাই ৰাখিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ৫জি সেৱা যাতে সকলোৱে লাভ কৰে। আৰু গ্ৰাহকৰ যাতে সাধ্যৰ খৰচত উপলব্ধ হয় সেই বিষয়টো গুৰুত্ব দিয়া প্ৰয়োজন। আমি আপোনালোকক কথা দিছো যে ২০২১ৰ দ্বিতীয়াৰ্ধতে ভাৰতত ৫জি বিপ্লৱ আনিব জিঅ’ই। নেটৱৰ্ক, হাৰ্ডৱেৰ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূৰ্ব উন্নতি সাধন হ’ব। জিঅ’ই ৫জি সেৱা আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য পূৰণত বৃহৎ ভূমিকা গ্ৰহণ কৰিব।’’ – ক’লে আম্বানীয়ে।
তিনিদিনীয়া এই ইভেণ্টত দেশ আৰু বিদেশৰ মুঠ ২১০জন বক্তাই অংশ ল’ব। ইয়াৰ উপৰি এক্সিবিটৰ্ছ থাকিব প্ৰায় ১৫০জন। ২০১৯ বৰ্ষত ইণ্ডিয়ান ম’বাইল কংগ্ৰেছত ভিজিটৰৰ সংখ্যা আছিল প্ৰায় ৭৫০০০, এক্সিবিটৰ্ছ আছিল ৩৫০জন। লগতে আছিল ৩৫০জন বক্তা। এইবাৰ কোভিড পৰিস্থিতিৰ বাবে এক্সিবিটৰ্ছ, বক্তাৰ সখ্যা কিছু কম হৈছে।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )