৭২ সংখ্যক গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যলৈ আহিছে এক সুখবৰ । এফালে দিল্লীত কৃষক আন্দোলনৰ হিংসাই চৰম সীমা পোৱাৰ বিপৰীতে অসমৰ আমিনগাঁৱত ইছৰোৰ কেন্দ্ৰ স্থাপন হোৱাৰ খবৰ আহিছে ।
উল্লেখ্য যে, ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ মুখ্য কেন্দ্ৰটো তখা উৎক্ষেপণ কেন্দ্ৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত আছে । ইয়াৰ নাম সতীশ ধৱন
মহাকাশ কেন্দ্ৰ । কিন্তু দেশৰ প্ৰথমটো কেন্দ্ৰ আছে কেৰালাৰ থিৰুৱন্থপুৰমত, নাম- বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰ ।
বৰ্তমানে দেশৰ মুঠ ২০ স্থানত আছে ভাৰতীয় মহাকাশ গৱেষণাৰ কেন্দ্ৰ। মেঘালয়ৰ শ্বিলঙতো এটা কেন্দ্ৰ আছে ইয়াৰ । আৰু এতিয়া ইয়াৰ একবিংশতম কেন্দ্ৰটো অসমৰ আমিনগাঁৱত স্থাপন কৰিব বুলি সদৰি কৰিছে।
উল্লেখ্য যে, ২০১৭ চনতে অসমত ইছৰোৰ কেন্দ্ৰ স্থাপনৰ বাবে সিদ্ধান্ত লৈছিল । কেৱল ইয়াৰ বাবে সঠিত স্থান হে নিৰ্ণয় কৰিব পৰা নাছিল চৰকাৰ । আজি শেষত সেই সঠিক স্থানৰ বিষয়ে সদৰি কৰে । ব্ৰহ্মপুত্ৰৰ পাৰতে স্থাপন হব কেন্দ্ৰটো ।
মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে সদৰি কৰি কয় যে, মহাকাশ গৱেষণা কেন্দ্ৰটোৰ বাবে আমিনগাঁৱত সঠিত ভুমি নিৰ্ধাৰণ কৰা হৈছে দিনটোতে |
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )