এক আচৰিত ঘটনা। পঞ্চম শ্ৰেণীত অধ্যয়নৰত ১১ বছৰীয়া ছাত্ৰ পাৰ্গত হ’ল কম্পিউটাৰ হেকিং বিদ্যাত।
ইউটিউব ভিডিঅ’ যোগে শিকিলে হেকিং বিদ্যা। অৱশ্যে পুত্ৰৰ হেকিং বিদ্যাৰ প্ৰথম বলি হল স্বয়ং পিতৃ। ঘটনাটো হৈছে উত্তৰ প্ৰদেশৰ গাজীয়াবাদত।
ঘটনা অনুসৰি, ১১ বছৰীয়া পুত্ৰই পৰিয়ালৰ অজ্ঞাতে ইউটিউবৰ জৰিয়তে শিকি আছিল হেকিং পদ্ধতি। এই বিদ্যা শিকি কিশোৰ পুত্ৰই প্ৰথম লক্ষ্য কৰি ল’লে নিজ পিতৃক।
পিতৃৰ ই-মেইল কৰিলে হেক। পুত্ৰই পিতৃক দাবী কৰিলে ১০ কোটি টকা। আৰু দাবী পূৰণ নকৰিলে তেওঁ পিতৃৰ বহুতো অশ্লীল দৃশ্যৰ লগতে গোপন তথ্য ৰাজহুৱা কৰাৰ ভাবুকি প্ৰদান কৰিলে।
অৱশ্যে এটা ফোনযোগে পিতৃক ভাবুকি দিয়ে পুত্ৰই। কিন্তু পুত্ৰই এজন অচিনাকী ব্যক্তি হিচাপেহে ফোন কৰিছিল পিতৃলৈ। সেইমতে পিতৃয়েও কোনো চাইবাৰ অপৰাধীৰ ফোনকল বুলি ভাবি লৈছিল। পৰৱৰ্তী সময়ত পিতৃয়ে আৰক্ষীক গোচৰ দিয়াৰ পিছতহে পোহৰলৈ আহে প্ৰকৃত সত্য।
পিতৃয়ে আৰক্ষীক গোচৰ দি কয় যে যোৱা ১ জানুৱাৰীত এটা চাইবাৰ অপৰাধীৰ দলে তেওঁৰ ই-মেইল হেক কৰে। তেওঁৰ ই-মেইলৰ পাছৱৰ্ড আৰু মোবাইল নম্বৰ সলাই পেলায় দলটোৱে।
তাৰপাছতেই তেওঁক ১০ কোটি টকা দাবী কৰে দলটোৱে। দাবী কৰা ধন নিদিলে তেওঁৰ গোপন তথ্য ৰাজহুৱা কৰাৰো ভাবুকি দিয়ে। সেই টকা দিবলৈ দলটোৱে কেইবাবাৰো হেঁচা দিয়ে ব্যক্তিজনক।'
ব্যক্তিজনৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে যেতিয়া তদন্ত চলাই তেতিয়া ধৰা পৰে আচৰ্য্যজনক কথাটো। ব্যক্তিজনৰ পৰিয়ালৰ কোনোবাই IP Address সলনি কৰাৰ কথা পোহৰলৈ আহে। আৰু তেওঁলৈ টকা বিচাৰি প্ৰেৰণ কৰা ই-মেইলটো তেওঁৰ ঘৰৰে কোনো সদস্যই দিয়া বুলিও প্ৰমাণ পায়। আৰু শেষত জানিব পাৰে যে ব্যক্তিজনৰ ১১ বছৰীয়া পুত্ৰই এই কাণ্ড সংঘটিত কৰে।
পঞ্চম শ্ৰেণীত অধ্যয়নৰত কিশোৰজনে আৰক্ষীক জনায় যে, কেনেকৈ ধৰা নপৰাকৈ এই কাম কৰিব পাৰে তেওঁ শিকিছিল। তেওঁৱেই পিতৃক টকা দাবী কৰি ই-মেইল পঠাইছিল। এই কামৰ বাবে তেওঁ যথেষ্ট ইউটিউব ভিডিঅ’ চাইছিল।
আৰক্ষীয়ে কিশোৰ জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰিছে।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )