Search Engines

৫৫ বছৰৰ পিছত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভাৰতত উপস্থিত নাথাকিব কোনো বিদেশৰ অতিথি…

কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত নাথাকিব কোনো বিদেশৰ অতিথি। একেদৰে অনুষ্ঠানত উপস্থিত থাকিবলগীয়া লোকৰ বয়সৰ ক্ষেত্ৰতো বান্ধি দিয়া হৈছে নিয়ম। উল্লেখ্য যে, ৰাফেল বিমানেৰে প্ৰদৰ্শন কৰা হ’ব বিশেষ কলা।

৫৫ বছৰৰ পিছত গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভাৰতত উপস্থিত নাথাকিব কোনো বিদেশৰ অতিথি…

একেদৰে অনুষ্ঠানত ৬৫ বছৰৰ ওপৰৰ আৰু ১৫ বছৰৰ তলৰ কোনো লোক উপস্থিত নাথাকে। আনহাতে ৫৫ বছৰ পিছত গণৰাজ্য দিৱসৰ অনুষ্ঠানত উপস্থিত নাথাকে কোনো বিদেশৰ অতিথি।

মুঠ ৩৮খন বায়ুসেনাৰ বিমানে বিশেষ কলা প্ৰদৰ্শন কৰিব গণৰাজ্য দিৱসত। ইয়াৰে ৰাফেল বিমান প্ৰথমবাৰৰ বাবে ভাৰতলৈ অনা হৈছিল ২০২০ চনৰ ১০ ছেপ্টেম্বৰত। আনহাতে পূৰ্বৰ তুলনাত এইবাৰ কম সময়ৰ হ’ব গণৰাজ্য দিৱসৰ পেৰেড।

পেৰেডত অংশ ল’ব পাৰিব কেৱল ৪০১ গৰাকী শিল্পী তথা ছাত্ৰ-ছাত্ৰীয়ে। একেদৰে ৰাজপথত উপস্থিত থকা লোকৰ ক্ষেত্ৰতো নীতি নিৰ্ধাৰণ কৰা হৈছে। কেৱল ২৫ হাজাৰ লোককহে ৰাজপথত উপস্থিত থকাৰ অনুমতি প্ৰদান কৰিছে প্ৰশাসনে।

Post a Comment

0 Comments
close