Search Engines

‘অসমত আকৌ এবাৰ বিজেপিৰ চৰকাৰ’, NDA-লৈ ৭৩-৮১ খন আসন, ইউপিএ-য়ে পাব ৩৬-৪৪খন, কিন্তু কেনেকৈ…

কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ পিছতে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে ইতিমধ্যে প্ৰায় ৫ বছৰ অসমত শাসন কৰিছে। পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ অসমত বিজেপিয়ে সকলো প্ৰকাৰেৰে চেষ্টা অব্যাহত ৰাখিছে। বিজেপিৰ লগতে মিত্ৰতাত থকা অসম গণ পৰিষদ আৰু বিপিএফে ২০১৬ চনত অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল যদিও এইবাৰ বিজেপিৰ সৈতে বিপিএফ নথকাটোৱে প্ৰায় নিশ্চিত।

২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০খন আসন, এজিপিয়ে ১৪খন আসন, বিপিএফে ১২ খন আসন লাভ কৰিছিল। একেদৰে ৩ বাৰৰ শাসনত থকা দল কংগ্ৰেছে লাভ কৰিছিল ২৬খন আসন। ২০২১ চনৰ নিৰ্বাচনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপিয়ে পুনৰ শাসনলৈ আহিব বুলি প্ৰকাশ কৰিছে এবিপি-চি ভোটাৰৰ অপিনিয়ন পুলে। ৭৩-৮১ খন আসন এনডিএ-য়ে লাভ কৰিব বুলি অপিনিয়ন পুলযোগে এবিপি-চি ভোটাৰে প্ৰকাশ কৰিছে। আনহাতে ইউপিএ-য়ে ৩৬-৪৪খন আসনতে সীমাবদ্ধ থাকিব বুলি প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰী সোণোৱালক লৈ ৰাইজ কিমান সুখী বুলি সোধা প্ৰশ্নৰ উত্তৰত এবিপি-চি ভোটাৰে ফলাফল লাভ কৰে-

  • অতি সন্তুষ্ট ৩৫ শতাংশ।
  • সন্তুষ্ট ৩১ শতাংশ জনতা।
  • ২২ শতাংশ জনতা অসন্তুষ্ট।
  • ১২ শতাংশ জনতাই মত পোষণ কৰা নাই
  • বৰ্তমানৰ ৰাজ্য চৰকাৰক লৈ কিমান সন্তুষ্ট অসমৰ জনতা? সেই বিষয়েও সোধা হৈছিল প্ৰশ্ন। উত্তৰ-

    • অতি সন্তুষ্ট ৩৩ শতাংশ।
    • সন্তুষ্ট ৩৭ শতাংশ জনতা।
    • ১৯ শতাংশ জনতা অসন্তুষ্ট।
    • ১১ শতাংশ জনতাই মত পোষণ কৰা নাই।


Post a Comment

0 Comments
close