ৰাজ্যৰ শিক্ষা খণ্ডত শুকুৰবাৰে হ'ব সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া ।
ভংগ হ'ব ২০১২-১৩ বৰ্ষৰ অভিলেখ । অহা ৫ফেব্ৰুৱাৰীত ৰাজ্যত নতুনকৈ নিযুক্তি লাভ কৰিব ২৯,৭০০ শিক্ষকে। নতুনকৈ নিযুক্তিপ্ৰাপ্ত সকলো শিক্ষকক সৰুসজাই ষ্টেডিয়ামত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব।
হ'বলগীয়া নিযুক্তিৰ সন্দৰ্ভত বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে এখন সংবাদমেল। মন্ত্ৰীগৰাকীৰ মতে, দুটা ভাগত ভাগ কৰা হৈছে এই নিযুক্তি প্ৰক্ৰিয়াক। এই দুটা ভাগ হৈছে প্ৰাদেশীকৰণ বিদ্যালয় আৰু নতুন নিযুক্তি। ইয়াৰে প্ৰাথমিক বিদ্যালয় ১৬৯৮ খন, য'ত শিক্ষক উপকৃত হ'ব ৩৩০৯ গৰাকী। আনহাতে উচ্চ প্ৰাথমিক ২,১০৭ খন বিদ্যালয়ৰ ৬,৫৮৬ গৰাকী শিক্ষক উপকৃত হ'ব। আনহাতে ২৬৬ খন হাইস্কুলৰ ২২৬৯ গৰাকী নতুন শিক্ষক উপকৃত হ'ব।
ইয়াৰ উপৰিও ৪ খন হাই চেকেণ্ডৰীৰ ৩১ জন শিক্ষকক নতুনকৈ নিযুক্তি দিয়া হব। সেইদৰে ১৫২ খন জুনিয়ৰ কলেজৰ ২,৩০৬ জন শিক্ষকে নিযুক্তি পাব। পূৰ্বে প্ৰাদেশীকৰণ কৰা ৪৯৯৬ জন শিক্ষককো শুকুৰবাৰৰ দিনটোত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, উচ্চ শিক্ষা সঞ্চালকালয়ৰ তত্বাৱধানত ৩৩ খন কলেজৰ ৬৯৩ গৰাকীয়ে নতুনকৈ নিযুক্তি লাভ কৰিব।
নতুন নিযুক্তি তিনিটা ভাগত ভাগ কৰা হৈছে-
নতুনকৈ নিযুক্তি লাভ কৰিবলগীয়া শিক্ষকক তিনিটা ভাগত ভাগ কৰা হৈছে। য'ত সৰ্বমুঠ ১৬,৪৯৪ গৰাকী শিক্ষকে নিযুক্তি লাভ কৰিব।
- নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ৬৬৩২ জন শিক্ষকে নিযুক্তি লাভ কৰিব।
- উচ্চ প্ৰাথমিকৰ ২১৯৩ খন বিদ্যালয়ত ৬৬৩২ গৰাকী শিক্ষকে নিযুক্তি লাভ কৰিব।
- সৰ্বশিক্ষা মিছনৰ তত্বাৱধানত ২৩৯৫ গৰাকী টেট শিক্ষকে নিযুক্তি লাভ কৰিব।
- মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত সহ শিক্ষক বিজ্ঞান শাখাত ১৩২৭ গাৰাকী আৰু কলা শাখাত ২৮৬৩ গৰাকী শিক্ষকে নতুন নিযুক্তি লাভ কৰিব।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে, অহা কাইলৈ ১২ বজাৰ ভিতৰত শিক্ষক সকলৰ নামৰ তালিকা প্ৰকাশ পাব। তালিকাত নাম থকা সকলে ৫ তাৰিখে দিনৰ ১০ বজাত সৰুসঁজাইলৈ আহিব লাগিব।
- নতুন টেট শিক্ষকসকলে জিলাভিত্তিক ৱেবচাইটত তালিকা লাভি কৰিব।
ইয়াৰ উপৰিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনত পুনৰ ৫ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হব বুলি আশ্বাস দিয়ে। আনহাতে এই মাহৰ ভিতৰত প্ৰাদেশীকৰণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )