এই সুযোগ আগবঢ়াইছে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ।
Last Date - 5 Mar 2021
নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰে নিবনুৱাৰ বাবে আনিছে কেইবাটাও ভাল খবৰ । ৰাজ্যৰ পঞ্চায়তে পঞ্চায়তে ওলাইছে নতুন চাকৰি ।
এতিয়াৰ পৰা সপ্তম শ্ৰেণীত উত্তীৰ্ণয়ো লাভ কৰিব ৮,৪০০ টকাৰ মাহিলী দৰমহাৰ চাকৰি । এই সুযোগ আগবঢ়াইছে ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ।
Post Name --
চাকৰিৰ নাম গ্ৰাম্য সখী । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে সৃষ্টি কৰিছে এই নতুন পদ । MGNREGA ৰ অধীনত শীঘ্ৰে নিযুক্তি দিয়া হব এই পদসমূহত । পিছে কেবল মহিলাৰ বাবেহে এই পদ সৃষ্টি কৰা হৈছে । আৰু নিযুক্তি লাভ কৰা সকলৰ প্ৰধান দায়িত্ব হ'ব জব কাৰ্ড থকা লোকৰ কাম চোবা-চিতা কৰা ।
কোনে কৰিব পাৰিব আবেদন -
এই পদসমূহত কেৱল মহিলাক নিযুক্তি দিয়া হ'ব । ১৮ বছৰৰ পৰা ৪৫ বছৰৰ যিকোনো মহিলাই এই পদৰ বাবে আবেদন কৰিবলৈ পাৰিব ।
শিক্ষাগত অৰ্হতা -- সপ্তম শ্ৰেণী উত্তীৰ্ণ । আত্মসহায়ক গোটৰ সদস্য বা জব কাৰ্ডধাৰি সদস্যয়ো এই পদৰ বাবে আবেদন কৰিব পাৰিব।
দৰমহা কিমান ?
চাকৰিৰ বাবদ প্ৰতিদিনে লাভ কৰিব ২৮০ টকাকৈ মজুৰি । আৰু সেই হিচাপত মাহে লাভ কৰিব ৮,৪০০ টকা ।
কত আৰু কিদৰে কৰিব আবেদন -
পঞ্চায়ত কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত উপলব্ধ হ'ব প্ৰ-পত্ৰ । অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চৰ ভিতৰত কৰিব লাগিব আবেদন । অফলাইনৰ জৰিয়তে হ'ব এই আবেদন ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )