কোনো আধাৰকেন্দ্ৰলৈ যাব নালাগে। ঘৰত বহিয়েই শুদ্ধ কৰিব পাৰিব জন্ম তাৰিখ, নামৰ বানান। আনকি ঠিকনাও সলনি কৰিব পাৰিব ঘৰতে বহি l
আধাৰ কাৰ্ডত প্ৰায় ভুল দেখা যায় । কেতিয়াবা যদি নামৰ বানান ভুল থাকে, কেতিয়াবা ঠিকনা ভুল থকা দেখা যায়। কিন্তু আধাৰ কাৰ্ডত থকা ভুল, শুদ্ধ কৰি লোৱাটো অত্যন্ত জৰুৰী । কিন্তু আধাৰ কেন্দ্ৰলৈ যাবলৈ সময় মিলাব পৰা নাই ! বছৰৰ পিছত বছৰ ধৰি ভুল ঠিকনাৰেই কাম চলাবলগীয়া হৈছে । এতিয়া এনেবোৰ সমস্যা ঘৰত বহিয়েই সমাধান কৰক । কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ কথা আগত ৰাখি আধাৰৰ 'body Unique Identification Authority of India (UIDAI)'ই বহুকেইটা পৰিৱৰ্তন আনিছে।
UIDAI-এ টুইট কৰি এটা ফোন নম্বৰ দিছে। ১৯৪৭ নম্বৰত ফোন কৰি আপোনাৰ আধাৰ সংক্ৰান্তীয় সকলো সমস্যা সমাধান ঘৰত বহিয়েই কৰিব পাৰিব। আধাৰ কেন্দ্ৰলৈ নোযোৱাকৈয়ে শুদ্ধ কৰিব পাৰিব জন্ম তাৰিখ, নামৰ বানান । আনকি ঠিকনাও সলনি কৰিব পাৰিব।

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )