Search Engines

ডেটিঁং এপৰ জৰিয়তে প্ৰৱঞ্চনা! শাৰীৰিক সম্পৰ্কৰ আশা দেখুৱাই ১৬ জন লোকৰ পৰা ধন সোণ লুটি নিলে এগৰাকী মহিলাই

 ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক। আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা নগদ ১৫ লাখ টকা, সোণৰ গহনা জব্দ কৰিছে। 

Deception through dating app! One woman looted gold from 16 men in hopes of having sex


ডেটিং এপ! বহু অকলশৰীয়া লোকে নিজৰ অৱসৰ বিনোদনৰ বাবে ব্যৱহাৰ কৰি আহিছে ডেটিং এপ। এই এপ ব্যৱহাৰৰ জৰিয়তে বহু যুৱক-যুৱতীক প্ৰেমৰ জালত 
পেলাই একাংশ দুষ্ট চক্ৰই প্ৰৱঞ্চনা কৰি অহাৰ কথাও প্ৰায়ে শুনিবলৈ পোৱা যায়। অনলাইন ডেটিং এপৰ জৰিয়তে প্ৰেমৰ অভিনয় কৰি এবছৰত ১৬জন যুৱকক প্ৰৱঞ্চনা কৰা এগৰাকী ৰহস্যময়ী মহিলা এইবাৰ জালত পৰিছে মুম্বাই আৰক্ষীৰ।


ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে,  মহিলাগৰাকীয়ে মবাইল ডেটিঁ এপৰ জৰিয়তে প্ৰথমে যুৱকৰ সৈতে প্ৰেমৰ অভিনয় কৰে আৰু পিছত শাৰীৰিক সম্পৰ্কৰ আশা দেখুৱাই হোটেল বা ঘৰত যুৱকসকলৰ সৈতে মিলিত হয়। আৰু তাৰ পিছতে যুৱকক নিচাযুক্ত দ্ৰব্য খুৱাই ধন সোণ লুটি লৈ যায়।

মহিলাগৰাকীৰ প্ৰৱঞ্চনাৰ বলি হোৱা আশীষ কুমাৰ নামৰ এজন যুৱক শেহতীয়াকৈ আৰক্ষীৰ কাষ চাপে। আশীষৰ সৈতে এখন হোটেলত মিলিত হৈছিল অভিযুক্ত মহিলাগৰাকী। কিন্তু তেতিয়াই মহিলাগাৰকীয়ে আশীষক নিচা যুক্ত দ্ৰব্য খুৱাই নগদ ধন, ম’বাইল ফোন, গহনা আদি লুটি পলাই যায়।

ইফালে ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহিলাগৰাকীক। আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা নগদ ১৫ লাখ টকা, সোণৰ গহনা জব্দ কৰিছে।
Tags

Post a Comment

0 Comments
close