মাৰ্চ মাহতেই অনুষ্ঠিত হ’ব অসম বিধান সভা নিৰ্বাচন, ঘোষণা কৰিলে নিৰ্বাচনী আয়োগে
অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।
- ২৭ মাৰ্চত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন।
- ১ এপ্ৰিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
- ৬ এপ্ৰিলত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন।
এই সংবাদমেলত অসম, পশ্চিম বংগ, তামিলনাডু, পুডুচেৰী, আৰু কেৰালাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হয়।
উল্লেখ্য যে, অসমত১২৬, পশ্চিম বংগত ২৯৪ , কেৰালাত ১৪০, তামিলনাডুত ২৩৪ আৰু পুডুচেৰীত ৪০ খন আসনত নিৰ্বাচন অনুষ্ঠিত হ’ব ।
অসমত প্ৰায় ৩৪ হাজাৰ ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
৮০ ৰ উৰ্দ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু ৰোগাক্ৰান্ত লোকসকলে পোষ্টেল বেলটেৰে দিব পাৰিব ভোট।
মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰাৰ্থীৰ লগত মাত্ৰ ২জন লোক যাব পাৰিব।
মনোনয়ন দিবলৈ কেৱল ২খন বাহনৰহে অনুমতি । তদুপৰি মনোনয়ন দাখিলৰ বাবে থাকিব অনলাইন সুবিধা।
কেৱল ৫ জনেহে ঘৰে ঘৰে প্ৰচাৰ কৰাৰ অনুমতি।
সকলো নিৰ্বাচনী বিষয়াক কৰা হ’ব কৰ’ণাৰ টিকাকৰণ।
প্ৰতিটো স্পৰ্শকাতৰ পুলিং বুথট মোতায়ন কৰা হ’ব CRPF।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )