পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি এক সকাহ ! পেট্ৰ’লৰ মূল্যই এশ স্পৰ্শ কৰাৰ সময়তে বজাৰলৈ আহিল Atum 1.0। Atumobile প্ৰাইভেট লিমিটেডৰ নতুন ই-বাইক ।
Atumobile বজাৰত মুকলি কৰিছে আটাম 1.0। য’ত ১০০ কিলোমিটাৰ গাড়ী চলাবলৈ খৰছ হ’ব মাত্ৰ ৭ টকা ।
এই Atum 1.0 তৈয়াৰ কৰিছে হায়দৰাবাদ ষ্টাৰ্টআপ সংস্থা আটাম’বাইল প্ৰাইভেট লিমিটেডে । কোম্পানীটোৱে দাবী কৰিছে যে পৰিৱেশ প্ৰদূষণৰ মোকাবিলা কৰাৰ বাবেই এই উদ্যোগ লোৱা হৈছে ।
এই বাইকখন সম্পূৰ্ণভাৱে বেটাৰি চাৰ্জ হ’বলৈ সময় প্ৰয়োজন হয় মাত্ৰ ৪ ঘণ্টাৰ । কোম্পানীটোৱে দাবী কৰিছে যে আটাম ১.০ সম্পূৰ্ণ বেটাৰি চাৰ্জত ১০০ কিলোমিটাৰ চলিবলৈ সক্ষম । যাৰ ব্যয় মাত্ৰ ৭ ৰ পৰা ৮ টকা ।
atumobile.co পোৰ্টেলৰ জৰিয়তে এই ই-বাইকখন বুক কৰিব পাৰিব গ্ৰাহকে ।
ইতিমধ্যে লঞ্চ হোৱাৰ পৰা ৪০০ ৰো অধিক বুকিং কৰা হৈছে । কোম্পানীটোৱে দাবী কৰিছে যে সোনকালেই ইয়াৰ ডেলিভাৰী আৰম্ভ হ’ব ।
উল্লেখ্য যে বৈদ্যুতিক বাইক আটাম ১.০ৰ মূল্য আপোনাৰ সাধ্যৰ ভিতৰতে । কেৱল ৫০,০০০ টকা । এই ই-বাইকখন অধিক ক্লাছিক ৰূপত দেখা গৈছে লগতে ই-বাইকখনত আৰামদায়ক আসন, ডিজিটেল ডিছপ্লে আৰু এলইডি হেডলাইট আছে ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )