Search Engines

এতিয়াৰে পৰা ৰে’লত ইচ্ছা অনুসৰি লেপটপ আৰু মবাইল চাৰ্জ কৰিব নোৱাৰিব, কঠোৰ ৰে’ল বিভাগ

আপুনি দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ বাবে ভাৰতীয় ৰে’লত উঠিলে আপুনি বিচৰা প্ৰথম বস্তুবোৰৰ ভিতৰত এটা হৈছে য’ত ম’বাইল বা লেপটপ চাৰ্জিং পইণ্ট। যদি আপুনি আপোনাৰ চিটৰ ওচৰত পইণ্টোৱে ভালদৰে কাম কৰা দেখিছে, এনে লাগিব পাৰে যে সমগ্ৰ যাত্ৰাত ম’বাইল চাৰ্জ শেষ হোৱাৰ বিষয়ে বেছি চিন্তা কৰি লাভ নাই। কাৰণ যেতিয়া প্ৰয়োজন হয় তেতিয়াই চাৰ্জ কৰিব পাৰে । কিন্তু ৰে’লত এতিয়া সেই সুদিন উকলিল ।

এতিয়াৰে পৰা ৰে’লত ইচ্ছা অনুসৰি লেপটপ আৰু মবাইল চাৰ্জ কৰিব নোৱাৰিব, কঠোৰ ৰে’ল বিভাগ


কাৰণ ৰে’লত প্ৰায়ে জুইৰ সূত্ৰপাত হোৱা দেখা যায় আৰু ইয়াৰ প্ৰধান কাৰণ শ্বৰ্ট চাৰ্কিট সেয়েহে ৰে’লৱে যাত্ৰীসকলক আবেলি ১১বজাৰ পৰা ৫বজাৰ ভিতৰত ম’বাইল চার্জিং কৰা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে । পশ্চিমৰ ৰে’লৱে ইতিমধ্যে ১৬ মাৰ্চৰ পৰা এই প্ৰক্ৰিয়া সমূহ আৰম্ভ কৰিছে ।

২০১৪ চনত ৰে’লৱে সুৰক্ষা আযুক্তই বাংগালোৰ- হাজুৰ চাহিব নাণ্ডেদ এক্সপ্ৰেছত জুইৰ ঘটনাৰ পিছতে নিশা ১১বজাৰ পৰা পোৱা ৫বজালৈ চার্জ বন্ধ কৰাৰ পৰামৰ্শ দিছিল ।

ৰে’লৱেৰ এজন জ্যেষ্ঠ বিষয়াই মঙলবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে পশ্চিম ৰে’লৱেৰ দৰে বাকী দেশত এই নিয়ম আৰম্ভ কৰা হ’ব । চাৰ্জিং পইণ্ট  6 ঘণ্টাৰ বাবে বন্ধ কৰা হ’ব । গতিকে ৰেলত উঠি যোৱাৰ আগতে আপোনাৰ ম’বাইল, লেপটপ সম্পূৰ্ণ চাৰ্জ ৰাখক । অন্যথা অন্ততঃ নিশা চাৰ্জ কৰিবলৈ পাহৰি যাওক ।


Post a Comment

0 Comments
close