Search Engines

আপোনাৰ ঠাইখনত নেটৱৰ্ক নাই নেকি, খন্তেক ৰওকঃ আহি আছে এলন মাস্কৰ টাৱাৰহীন ষ্টাৰলিংক ইণ্টাৰনেট সেৱা

হাতত মোবাইল লৈ ইফালৰ পৰা সিফাললৈ ঢাপলি মেলা লোক ভাৰতত তেনেই সুলভ। কাৰণ নেটৱৰ্ক। নেটৱৰ্কৰ সমস্যাৰ বাবে এতিয়া আৰু আপুনি ওচৰৰ টাৱাৰৰ সন্ধান কৰিব নালাগে। পথাৰ, বাঁহনি, ধাননি, জংঘল যতেই নাথাকক, এতিয়া বহু গুণ দ্ৰুতগতিৰ নেটৱৰ্ক পাব আপুনি আপোনাৰ নিজৰ অঞ্চলত ।

আপোনাৰ ঠাইখনত নেটৱৰ্ক নাই নেকি, খন্তেক ৰওকঃ আহি আছে এলন মাস্কৰ টাৱাৰহীন ষ্টাৰলিংক ইণ্টাৰনেট সেৱা

ভাৰতত আহি আছে আন এক ইণ্টাৰনেট সেৱা। এই সেৱাৰ বাবে যিকোনো ঠাইৰ পৰা সমান মাত্ৰাত পাব ইণ্টাৰনেট স্পীড। তাকো দ্ৰুতগতিত, ৫০এমবিএছৰ পৰা ১৫০ এমবিএছলৈ

এই ইণ্টাৰনেট সেৱা উপলব্ধ হ’ব প্ৰত্যক্ষভাৱে কৃত্ৰিম উপগ্ৰহৰ পৰা। টেছলা কোম্পানীৰ অধ্যক্ষ এলন মাস্কৰ মস্তিস্কপ্ৰসূত এই ইণ্টাৰনেট সেৱা প্ৰদান কৰিব ষ্টাৰলিংক ছেটেলাইট ইণ্টাৰনেটে। ইতিমধ্যে ইয়াৰ বুকিং ভাৰতত আৰম্ভ কৰা হৈছে।

২০২২ চনৰ  এই সেৱা আৰম্ভ হ’ব দেশখনত। বুকিঙৰ বাবে ৯৯ ডলাৰ বা ভাৰতীয় মূল্যত ৭৩০০ টকা জমা দিব লাগিব কোম্পানীটোক। ভাৰতত টেছলা ইণ্ডিয়াৰ তত্ত্বাৱধানত এই ইণ্টাৰনেট সেৱা থাকিব।

প্ৰথম অৱস্থাত ইণ্টাৰনেটৰ স্পীড ৫০ৰ পৰা ১৫০ এমবিএছলৈ পাব যদিও বছৰটোৰ শেষলৈ ৩০০ এমবিএছ স্পীড পাব বুলি কোম্পানীটোৱে সদৰী কৰিছে। অৱশ্যে ভাৰতত এই সেৱা প্ৰথম অৱস্থাত মেট্ৰ’ চিটীত পাব। সেই হিচাপত দেশৰ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বাংগালুৰু আৰু দুই-এখন চহৰত এই সেৱা উপলব্ধ হব। কিন্তু কম সময়ৰ ভিতৰতে ভাৰতৰ সকলো ঠাইৰ লোকে এই সুবিধা গ্ৰহণ কৰিব পাৰিব।

উল্লেখ্য, যোৱাবছৰ টেছলাই ইণ্টাৰনেট সেৱা প্ৰদানৰ অৰ্থে মহাকাশত কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিছিল। বৰ্তমানলৈ ষ্টাৰলিংকৰ এনে কৃত্ৰিম উপগ্ৰহৰ সংখ্যা ১০০০টা হৈছে। এলন মাস্কে ১২০০০টা এনে কৃত্ৰিম উপগ্ৰহ স্থাপনৰ পৰিকল্পনা কৰিছে। এই পৰিকল্পনা বাস্তৱায়িত হলে বিশ্বজুৰি ষ্টাৰলিংকে ইণ্টাৰনেট সেৱা প্ৰদান কৰাৰ সম্ভাৱনা আছে।

Tags

Post a Comment

2 Comments

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close