Search Engines

ড্ৰাইভিং লাইচেঞ্চৰ বাবে যাব নালাগে পৰিবহণ কাৰ্যালয়লৈ, আধাৰকাৰ্ডৰ দ্বাৰা পাব ১৮টা সেৱা l কি কি সেৱা পাব জানো আহক ।

যদি আপোনাৰ চালক অনুজ্ঞাপত্ৰৰ ম্যাদ উকলি গৈছে, নৱীকৰণৰ তাৰিখ ওচৰ চাপিছে অথবা নতুন চালক অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হৈছে, তেন্তে আপুনি আৰু পৰিবহণৰ কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই।

ড্ৰাইভিং লাইচেঞ্চৰ বাবে যাব নালাগে পৰিবহণ কাৰ্যালয়লৈ, আধাৰকাৰ্ডৰ দ্বাৰা পাব ১৮টা সেৱা l কি কি সেৱা পাব জানো আহক ।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে বৃহস্পতিবাৰে ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ, লাৰ্নাৰ লাইচেঞ্চ আৰু ডুপ্লিকেট লাইচেঞ্চসহ ১৮ টা সেৱাৰ বাবে অনলাইন সুবিধা প্ৰদান কৰে। এই মন্ত্ৰালয়ে আজি আধাৰ-আধাৰিত সম্পৰ্কবিহীন সেৱা আৰম্ভ কৰিছে।

ইয়াৰ জৰিয়তে কেৱল চিনাক্তকৰণ দস্তাবেজ হিচাপে আধাৰ কাৰ্ডৰে বাহনৰ আৰ চি, ড্ৰাইভিং লাইচেঞ্চ লিংক কৰিলেই হ’ল। পৰিবহণ মন্ত্ৰালয়ে ড্ৰাইভিং লাইচেঞ্চক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ বাবে এখন খচৰা অধিসূচনা জাৰি কৰাৰ পিছত এই সুবিধা লাভ কৰিব পাৰিব।

এজন নাগৰিকে আধাৰ প্ৰমাণীকৰণৰ জৰিয়তে পাব এই ১৮ টা অনুজ্ঞাপত্ৰ সম্পৰ্কীয় সেৱা-

  1. চালকৰ শিক্ষাৰ্থী অনুজ্ঞাপত্ৰ।
  2. ড্ৰাইভিং লাইচেঞ্চৰ নৱীকৰণ, যাৰ বাবে দক্ষতাৰ পৰীক্ষাৰ প্ৰয়োজন নহয়।
  3. ডুপ্লিকেট ড্ৰাইভিং লাইচেঞ্চ।
  4. ড্ৰাইভিং লাইচেঞ্চ আৰু পঞ্জীয়নৰ প্ৰমাণ-পত্ৰৰ ঠিকনা পৰিৱৰ্তন।
  5. আন্তৰ্জাতিক ড্ৰাইভিং পাৰমিট জাৰি।
  6. অনুজ্ঞাপত্ৰৰ পৰা বাহনৰ শ্ৰেণী সলনি বা বাতিল।
  7. বাহনৰ অস্থায়ী পঞ্জীয়নৰ বাবে আবেদন।
  8. সম্পূৰ্ণৰূপে নিৰ্মিত বোডীৰ সৈতে মটৰ বাহন পঞ্জীয়নৰ বাবে আবেদন।
  9. পঞ্জীয়নৰ নকল প্ৰমাণপত্ৰৰ বাবে আবেদন।
  10. পঞ্জীয়নৰ প্ৰমাণপত্ৰৰ বাবে এনঅ’চি প্ৰদানৰ বাবে আবেদন।
  11. মটৰ বাহনৰ মালিকানা স্থানান্তৰৰ আবেদন।
  12. মটৰ বাহনৰ মালিকানা স্থানান্তৰৰ বাবে জাননী।
  13. পঞ্জীয়নৰ প্ৰমাণপত্ৰত ঠিকনা পৰিৱৰ্তন।
  14. স্বীকৃত চালক প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা চালক প্ৰশিক্ষণৰ বাবে পঞ্জীয়নৰ বাবে আবেদন।
  15. কূটনৈতিক বিষয়াৰ মটৰ বাহন পঞ্জীয়নৰ বাবে আবেদন।
  16. কূটনৈতিক বিষয়াৰ মটৰ বাহনৰ নতুন পঞ্জীয়ন চিহ্ন ৰখাৰ বাবে আবেদন।
  17. ভাড়া-ক্ৰয় চুক্তিৰ অনুমোদন।
  18. ভাড়া-ক্ৰয় চুক্তি সমাপ্ত কৰা।

Post a Comment

0 Comments
close