ঘৰত বেচিকৈ টকা (Cash) নাৰাখি প্ৰয়োজনৰ সময়ত এটিএমৰ পৰা (ATM Withdrawal) টকা ওলোৱাটোকে বহুতেই শ্ৰেয় বুলি ভাবে।
এনে ক্ষেত্ৰত এটিএমৰ পৰা (ATM Withdrawal) যদিও কটা বা ছিঙা নোট ওলায় (Torn or Dirty currency) তেতিয়া কি কৰিব লাগিব সেই কথা বহু সময়ত মূৰলৈ নাহে ।
অনেক সময়ত বহু মানুহে সেই কটা–ছিঙা নোট (Torn or Dirty currency) উপায়হীন হৈ ঘৰত ৰাখি দিয়ে বা বহু সময়ত কম মূল্যত কাৰোবাৰ সৈতে বিনিময় কৰে ।
ৰিজার্ভ বেংকৰ (RBI) নিৰ্দেশ অনুযায়ী যদি এটিএমৰ পৰা ফটা বা ছিঙা নোট (Torn or Dirty currency) বাহিৰ হয় সেই টকা সলাই ভাল নোট পাব পাৰি । ফটা, ছিঙা বা বেয়া নোট (Torn or Dirty currency) সলাই দিবলৈ চৰকাৰী আৰু বেচৰকাৰী বেংক বাধ্য ৷
এপ্রিল ২০১৭ (April 2017) বৰ্ষত ৰিজাৰ্ভ বেংকৰ (Reserve Bank Of India) নিৰ্দেশিকাত জনোৱা হৈছিল যে, প্ৰতিটো বেংকৰ শাখাত কটা বা ছিঙা নোট অস্বীকাৰ নকৰি সলাই দিবলৈ বাধ্য ৷ বেয়া টকা বেংকত (Banks) সলোৱাটো একেবাৰে সহজ । যদি কোনো বেংকে দীঘলীয়া সময় নোট সলাই দিয়াৰ কাৰণে অপেক্ষা কৰায় সেইক্ষেত্ৰত আৰক্ষীক অভিযোগ দিব পাৰি । এনে কৰিলে সেই বেংকৰ বিৰুদ্ধে ১০,০০০ টকাৰ জৰিমনা আৰোপ হ’ব পাৰে ৷
সর্বপ্রথম যি এটিএমৰ (ATM) পৰা এনে নোট ওলাইছে সেই এটিএমৰ বেংকত গৈ লিখিত ভাৱে আৱেদন কৰিব লাগিব । আবেদনত লিখিব লাগিব (Application) কেতিয়া টকা উলিওৱা হৈছিল, কোন বেংক, ক’ত তোলা হৈছিল টকা, সেই এটিএমটো (Bank ATM) ক’ত ৷ এটিএমৰ পৰা বাহিৰ হোৱা টকা তোলাৰ ৰছিদসহ (Transaction Slip) সেয়া জমা দিব লাগিব । যদি লগত সেই ৰছিদ নাথাকে সেইক্ষেত্ৰত লেনদেনৰ এছএমএছ (SMS) দেখুৱাব লাগিব ।
আবেদন পোৱাৰ পিছতে বেংকৰ কৰ্মচাৰী বা বিষয়াই লগে লগে কটা–ছিঙা বা বেয়া নোট (Torn or Dirty currency) সলাই নতুন নোট দিব ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )