Search Engines

Ban! পাকিস্তানত নিষিদ্ধ হ’ল Facebook, WhatsApp, Twitterকে ধৰি কেইবাটাও ছচিয়েল মিডিয়া এপ

পাকিস্তানত নিষিদ্ধ কৰা হৈছে ছচিয়েল মিডিয়া সেৱা । ইয়াৰ ভিতৰত আছে ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব আৰু টেলিগ্ৰাম ।

Ban! পাকিস্তানত নিষিদ্ধ হ’ল Facebook, WhatsApp, Twitterকে ধৰি কেইবাটাও ছচিয়েল মিডিয়া এপ



পাকিস্তানত নিষিদ্ধ কৰা হ'ল ফেচবুক, টুইটাৰ, হোৱাটছএপ, ইউটিউব, টিকটক আৰু টেলিগ্ৰামৰ দৰে ছচিয়েল মিডিয়া প্লেটফৰ্ম (Social Media Platform) । দেশখনত পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজালৈ নিষিদ্ধ কৰা হৈছে এই ছ'চিয়েল মিডিয়া এপসমূহ। শুকুৰবাৰে পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ৰ তৰফৰ পৰ সদৰি কৰা হয় এই তথ্য ।

পাকিস্তানৰ গৃহ মন্ত্ৰণালয়ে কয় যে, পাকিস্তান টেলিকমিউনিকেশ্যন অথৰিটিৰ (PTA) নিৰ্দেশনা অনুসৰিয়েই এই সময়ছোৱাত দেশখনত এই ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । লগতে দেশখনৰ গৃহ মন্ত্ৰণালয়ে PTAক এই এপসমূহ ব্লক কৰিবলৈও নিৰ্দেশ প্ৰদান কৰিছে । যদিও এই ছচিয়েল মিডিয়া ৱেবছাইট তথা এপসমূহ পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজালৈ ব্লক কৰাৰ নিৰ্দেশ দিয়া হৈছে । কিন্তু কিহৰ বাবে পাকিস্তান চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে,সেয়া এতিয়াও জানিব পৰা যোৱা নাই ।

লক্ষণীয় দিশটো হ’ল যে, বিগত কেইদিনমানধৰি পাকিস্তানত তেহৰিক-ই-লব্বেক পাকিস্তান (TLP)ৰ দ্বাৰা দেশখনত প্ৰতিবাদ অব্যাহত আছে । সেয়েহে এই তীব্ৰ প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখিয়েই পাকিস্তানত ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞা প্ৰদান কৰিবলৈ এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলিয়েই আশা কৰিছে সকলোৱে । পাকিস্তানী টিভি চেনেলসমূহৰ পৰা তেহরিক-ই-লুব্বেকপাকিস্তানৰ প্ৰতিবাদৰ কভাৰেজও ছ'চিয়েল মিডিয়াৰ নিষেধাজ্ঞাৰ পূৰ্বে নিষিদ্ধ কৰা হৈছে ।

Ban! পাকিস্তানত নিষিদ্ধ হ’ল Facebook, WhatsApp, Twitterকে ধৰি কেইবাটাও ছচিয়েল মিডিয়া এপ


কেৱল ছচিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞাই আৰোপেই নহয়, পাকিস্তানী টিভি চেনেলসমূহত এই প্ৰতিবাদৰ প্ৰচাৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

ড’নৰ এক প্ৰতিবেদন অনুসৰি, পাকিস্তান টেলিকম কৰ্তৃপক্ষৰ অধ্যক্ষই কয় যে, তেওঁক বিষয়টোৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা ল'বলৈ কোৱা হৈছে ।

উল্লেখ্য যে, পাকিস্তানত ফ্ৰান্সৰ বিৰুদ্ধে বহুতো ধৰ্মীয় সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ । ফ্ৰান্সত পেংগম্বৰ মুহাম্মাদৰ কাৰ্টুন নিৰ্মাণক লৈ ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে পাকিস্তানৰ বহু ধৰ্মীয় সংগঠনে ৷ ইয়াৰ ভিতৰত আছে তেহৰিক-ই-লব্বেক পাকিস্তান (TLP)ও, যিবোৰ পাকিস্তানত নিষিদ্ধ কৰা হৈছে ।

Tags

Post a Comment

0 Comments
close