ক’ৰোনাকালত হাইস্কুল আৰু হাইমাদ্রাছা শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ এক বিশেষ পৰিকল্পনা যুগুত কৰিছে ছেবা কর্তৃপক্ষই৷ ক’ভিড–১৯ৰ সম্ভাব্য সংক্রমণ প্রতিৰোধকল্পে এই পৰীক্ষার্থীৰ ‘ছীটপ্লেন’ৰ ক্ষেত্রত ছেবাই জাৰি কৰিছে এক নতুন নির্দেশনা৷‘এছ’ প্লেন পদ্ধতিৰ জৰিয়তে পৰীক্ষার্থীসকলে পৰীক্ষাগৃহত আসন গ্রহণ কৰিব লাগিব ৷
সেই অনুসৰি প্রতিটো পৰীক্ষা কেন্দ্রৰ প্রথম বেঞ্চত দুজন পৰীক্ষার্থী, দ্বিতীয়খন বেঞ্চত এজন পৰীক্ষার্থী আৰু তাৰ পিছৰ বেঞ্চসমূহতো এইধৰণে পৰীক্ষার্থীসকলে বহিব লাগিব ৷ তদুপৰি পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া প্রতিটো কেন্দ্রৰ দায়িত্বত থকা শিক্ষক–নিৰীক্ষকে প্রতিষেধক লোৱাটো বাধ্যতামূলক ৷
একেদৰে ক’ভিডৰ বাবে ছেবাই প্রতিটো পৰীক্ষা কেন্দ্রলৈ মাস্ক, ছেনিটাইজাৰৰ বাবে প্রেৰণ কৰিব ধন৷ প্রতিটো কেন্দ্রৰ প্রতিগৰাকী পৰীক্ষার্থীৰ বাবে এইবাৰ ২৫ টকাকৈ দিব ছেবাই৷ মুঠতে ক’ভিডৰ সকলো বিধি পালন কৰি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ছেবা কর্তৃপক্ষই ৷
আনহাতে, এইবাৰ শৈক্ষিক কেলেণ্ডাৰত ‘অসমীয়া বিষয়’ সকলোৱে বাধ্যতামূলকভাৱে অধ্যয়ন কৰিব লাগিব বুলি স্পষ্টকৈ উল্লেখ কৰিছে ছেবা কর্তৃপক্ষই ৷
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )