২ মে’ৰ পাছত নতুন চৰকাৰে গ্ৰহণ কৰিব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা সন্দৰ্ভত সিদ্ধান্ত । এই কথা বৃহস্পতিবাৰে প্ৰকাশ কৰে শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
দেশত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে চিবিএছইৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিয়াৰ পৰিপ্ৰেক্ষিতত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ক্ষেত্ৰতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰা হ’ব নেকি বুলি চৰ্চা চলি থকাৰ সময়তে ড০ শৰ্মাই কয়—''নতুন চৰকাৰৰ হাততে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ সিদ্ধান্ত হ’ব। নিৰ্বাচনী আচৰণবিধি চলি থকাৰ সময়ত আমি এনেধৰণৰ সিদ্ধান্ত ল’ব বিচৰা নাই । কাৰণ আমি যি সিদ্ধান্ত লওঁ তাত নিৰ্বাচন আয়োগৰো অনুমোদন লাগিব । ২ তাৰিখৰ আগতে আমি সিদ্ধান্ত ল’ব খোজা নাই । মেট্ৰিক যিহেতু ১১ তাৰিখে আছে, তিনি বা চাৰি তাৰিখে সিদ্ধান্ত গ্ৰহণ কৰিলেও ই কাৰ্যকৰী হ’ব ।”
আনহাতে চিবিএছইৰ দৰে অসমত পৰীক্ষা বাতিল কৰাত কেইবাটাও সমস্যা আছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।
তেওঁ কয়—"চিবিএছইত ইণ্টাৰনেল এচেছমেণ্ট হয় । মেট্ৰিকত নহয় । দ্বিতীয়তে, আমাৰ ইয়াত অনলাইন পৰীক্ষা হ’ব নোৱাৰে। গতিকে ক’ভিডৰ সম্ভাব্য পৰিস্থিতি আৰু আমাৰ ব্যৱহাৰিক অসুবিধাবোৰ চাই এটা সিদ্ধান্ত ল’ব লাগিব ।”
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )