আজিও নগাঁৱ জিলাত ৭৩ গৰাকী লোক কোভিড-১৯ত নতুনকৈ আক্ৰান্ত হৈছে ।
মহামাৰী কোভিড-১৯ ৰ দ্বিতীয়টো লহৰে নগাঁও জিলাত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। দৈনিক জিলাখনৰ বিভিন্ন প্ৰান্তত কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।
আজিও জিলাখনত ৭৩ গৰাকী লোক কোভিড-১৯ত নতুনকৈ আক্ৰান্ত হৈছে । বুধবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত স্বাস্থ্য বিভাগে ৩৬৩১টা RAT টেষ্ট আৰু ৯১টা আৰ টি পি চি আৰ টেষ্ট কৰিছিল । ইয়াৰ ভিতৰত ৭৩ গৰাকী লোকৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে ।

ইয়াৰে এগৰাকীক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হস্পতালত ভৰ্তি কৰোৱা হৈছে । আন ৭২ জনক নিজ নিজ গৃহতে আছুতীয়াভাৱে পৰ্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে ।
এই পৰ্যন্ত জিলাখনত কোভিড-১৯ ৰ দ্বিতীয় লহৰত ৩৮৩ গৰাকী লোক আক্ৰান্ত হৈছে যদিও আজিৰ তাৰিখত নগাঁও জিলাত ৩০০টা সংক্ৰিয় কোৰোণা কেচ আছে । ইপিনে নগাঁও চহৰৰ সমীপৱৰ্তী বঢ়মপুৰত থকা নৱম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত এজন আৰক্ষী জোৱাৰ লগতে তেওঁৰ পৰিয়ালটো কভিড-১৯ ত আক্ৰান্ত হোৱাত সমগ্ৰ বাহিনীটোৰ অভ্যন্তৰত আতংকৰ সৃষ্টি হৈছে ।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, আৰক্ষী জোৱানগৰাকী পৰিয়ালসহ কিছুদিন পূৰ্বে চিকিৎসাজনিত কাৰণত বিহাৰৰ পাটনালৈ গৈছিল । পাটনাত চিকিৎসা সেৱা গ্ৰহণ কৰি মঙলবাৰে নিশা প্ৰায় ২ বজাত বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ চৰকাৰী আবাসত পৰিয়াল সহ উপস্থিত হৈছিল ।

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )