কৰ’ণাৰ ভয়ংকৰ ৰূপ! বিগত ২৪ ঘন্টাত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত

বিগত ২৪ ঘন্টাত দেশত ৩,৩২,৭৩০ জন লোক নতুনকৈ আক্ৰান্ত হয় কৰ’ণা মহামাৰীত। স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি বিগত ২৪ ঘন্টাত ২,২৬৩ জন লোকে প্ৰাণ হেৰুৱাই।

কৰ’ণাৰ ভয়ংকৰ ৰূপ! বিগত ২৪ ঘন্টাত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত


উল্লেখ্য যে, দেশত কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে ভয়ংকৰ ৰূপ লৈছে। প্ৰতিদিনেই লাখ লাখ লোক আক্ৰান্ত হৈছে কৰ’ণা মহামাৰীত। চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰিছে যদিও বহু ক্ষেত্ৰত এই ভাইৰাছ নিয়ন্ত্ৰণৰ বাহিৰত হোৱা পৰিলক্ষিত হয়।

দিল্লীৰ কেইবাখনো হস্পাতালত অক্সিজেনৰ নাটনি হোৱা পৰিলক্ষিত হয়। কেৱল ইমানেই নহয় বহু ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা বুলিও তথ্য প্ৰকাশ পাইছে।

বৰ্তমান দেশত ২৪,২৮,৬১৬ জনৰ দেহত সক্ৰিয় অৱস্থাত আছে কৰ’ণা ভাইৰাছ। দেশত ক’ভিডত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা প্ৰায় ১,৬২,৬৩,৬৯৫ জন অন্যহাতে টিকাকৰণ কৰ হৈছে ১৩,৫৪,৭৮,৪২০ জনক।

Tags

Post a Comment

0 Comments

Ads

close