প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা (PM Kisan Samman Nidhi scheme) ৰ অধীনত লাভ কৰিবলগীয়া অষ্টম কিস্তিৰ ধনৰ বাবে অপেক্ষা কৰি থকা কৃষকসকলৰ বাবে ভাল খবৰ । চৰকাৰে অতি শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা কৰিব অষ্টম কিস্তিৰ অধীনৰ ২,০০০ টকা । যদিহে আপুনিও এপ্ৰিল-জুলাইৰ ভিতৰতেই ২,০০০ টকাৰ কিস্তি লাভৰ অপেক্ষা কৰি আছে, তেন্তে মনত ৰাখিব যে এই মাহৰ শেষলৈ বা ২ মে'ৰ পিছত যিকোনো সময়তে আপোনাৰ একাউণ্টলৈ আহিব পাৰে এই ধন । প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ ধন কি হিচাপত আহিব সেয়া জনাটো অতি সহজ । এনেদৰে তালিকাত পৰীক্ষা কৰিব পাৰে আপোনাৰ নাম ...
প্ৰতি বছৰৰ প্ৰথম কিস্তি ১ এপ্ৰিলত দিয়া হয় -
প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত প্ৰতি বছৰে মোডী চৰকাৰে কৃষকসকলক তিনিটা কিস্তিত ২০০০ টকাকৈ মুঠ ৬০০০ টকা দিয়ে । ইয়াৰ অধীনত, প্ৰতি বছৰে প্ৰথম কিস্তি ১ এপ্ৰিলৰ পৰা ৩১ জুলাইলৈ, দ্বিতীয় কিস্তি ১ আগষ্টৰ পৰা ৩০ নৱেম্বৰলৈ আৰু তৃতীয় কিস্তি ১ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চৰ ভিতৰত দিয়া হয় ।
তালিকাত আপোনাৰ নাম পৰীক্ষা কৰক এনেদৰে -
- প্ৰথমে আপুনি পিএম কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইট https://pmkisan.gov.in লৈ যাব লাগিব ।
- আপুনি ইয়াৰ হোমপেজত Farmers Corner বিকল্প দেখিব ।
- Farmers Corner শাখাৰ ভিতৰত আপুনি Beneficiaries List বিকল্পত ক্লিক কৰিব লাগিব ।
- তাৰ পিছত আপুনি ড্ৰপ ডাউন তালিকাৰ পৰা ৰাজ্য, জিলা, উপ-জিলা, খণ্ড আৰু গাঁও বাছনি কৰিব লাগিব ।
- তাৰ পিছত আপুনি Get Reportত ক্লিক কৰিব লাগিব । ইয়াৰ পিছত হিতাধিকাৰীসকলৰ সম্পূৰ্ণ তালিকা প্ৰকাশ পাব, য'ত আপুনি আপোনাৰ নাম পৰীক্ষা কৰিব পাৰিব ।
এনেদৰে পৰীক্ষা কৰিব পাৰিব আপোনাৰ কিস্তিৰ সকলো তথ্য -
ৱেবছাইটলৈ যোৱাৰ হোৱাৰ পিছত, সোঁফালে ফাৰ্মাৰ্ছ কৰ্ণাৰ (Farmers Corner) ত ক্লিক কৰক । তাৰ পিছত হিতাধিকাৰীৰ স্থিতি (Beneficiaries Status) বিকল্পত ক্লিক কৰক, ইয়াৰ লগে লগে নতুন পেজ খুলিব । এতিয়া আপোনাৰ আধাৰ নম্বৰ, ম'বাইল নম্বৰ প্ৰবিষ্ট কৰক । তাৰ পিছত আপুনি আপোনাৰ স্থিতিৰ সম্পূৰ্ণ বিৱৰণ লাভ কৰিব । আপুনি পিএম কিষাণ সন্মান নিধি যোজনাৰ বাবে ঘৰত বহিয়েই পঞ্জীয়ন কৰিব পাৰে । ইয়াৰ বাবে, আপোনাৰ খেতিৰ তথ্য, আধাৰ কাৰ্ড, ম'বাইল নম্বৰ আৰু বেংক একাউণ্ট নম্বৰ থাকিব লাগিব । আপুনি pmkisan.nic.in প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটলৈ গৈ পঞ্জীয়ন কৰিব পাৰিব ।

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )