নগাঁও মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষাসমূহ কোভিদ বিধি মানি শ্ৰেণীকোঠাতে অনুষ্ঠিত কৰাৰ কথা আছিল।
নগাঁও জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যালয়ে ( স্বতন্ত্ৰ) স্নাতক প্ৰথম ষান্মাসিকৰ চলি থকা পৰীক্ষা সাময়িকভাৱে স্থগিত ৰাখিছে বুলি অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে প্ৰকাশ কৰিছে। নগাঁও জিলাত কোভিড-১৯ৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। স্থগিত ৰখা উক্ত পৰীক্ষা সম্পৰ্কে পৰৱৰ্তী সময়ত কলেজৰ ৱেবছাইটত ঘোষণা কৰা হ'ব বুলিও প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে, নগাঁও মহাবিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষাসমূহ কোভিদ বিধি মানি শ্ৰেণীকোঠাতে অনুষ্ঠিত কৰাৰ কথা আছিল। অৱশ্যে স্নাতক পাঠ্যক্ৰমৰ অন্য ষান্মাসিকসমূহ গুৱাহাটী বিশ্ববিদ্যালয়ে ইতিপূৰ্বে বাতিল কৰিছিল। ২০২০ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথমখন স্বতন্ত্ৰ মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰা নগাঁও মহাবিদ্যালয়ে এছ পদ্ধতিত প্ৰথম ষান্মাসিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে থিৰাং কৰিছিল যদিও নগাঁও জিলাত কোৰোণাৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত তাৎক্ষণিকভাৱে এই সিদ্ধান্ত লয়।
মধ্য অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা নগাঁও মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে সাময়িকভাৱে প্ৰথম ষান্মাসিকৰ পৰীক্ষা স্থগিত ৰাখিছে বুলি জানিব পৰা গৈছে।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )