ৰুষ্ট প্ৰকৃতি! ভূমিকম্পৰ পিছত এইবাৰ প্ৰৱল বৃষ্টিপাতৰ লগতে বতাহ-ধুমুহা অহাৰ সম্ভাৱনা
ৰুষ্ট প্ৰকৃতি! ভূমিকম্পৰ পিছত এইবাৰ প্ৰৱল বৃষ্টিপাতৰ লগতে বতাহ-ধুমুহা অহাৰ সম্ভাৱনা । আগন্তুক ৫ দিনলৈ ৰাজ্যবাসীক সাৱধান কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰই । গুৱাহাটীসহ ৰাজ্যৰ কেইবাখনো জিলাত প্ৰৱল বতাহ-বৰষুণ অহাৰ সম্ভাৱনা । আজিৰ দিনটোত অসম, অৰুণাচল, মেঘালয় আৰু মণিপুৰৰ বিভিন্ন প্ৰান্তত কম বেছি পৰিমাণে বৰষুণ অহাৰ সম্ভাৱনা ।
আনহাতে ২৯ , ৩০ এপ্ৰিল আৰু ১ মে'ত- প্ৰচণ্ড বতাহ ধুমুহা, বৰষুণ হোৱাৰ সম্ভাৱনা । আনকি এইকেইটাদিনত অসম আৰু মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলত তীব্ৰ বতাহ-বৰষুণ অহাৰ আগজাননী দিছে। আনকি ৫০ৰ পৰা ৬০ কিলো মিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা ।
অসমৰ ধুুবুৰী জিলা, মানকাছাৰ, কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, বঙাইগাওঁ, বাক্সা, লখিমপুৰ, ধেমাজি, কামৰূপ(মেট্ৰ), দৰং, যোৰহাট জিলাত প্ৰচণ্ড বৰষুণ অহাৰ সম্ভাৱনা । আনহাতে শিৱসাগৰ, মাজুলি, নগাওঁ জিলাত কিছু কম পৰিমাণে বৰষুণ আৰু বতাহ অহাৰ আশংকা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )