কামৰূপ মহানগৰ জিলাতে আজি আক্ৰান্ত ১২৮ গৰাকী, কামৰূপ গ্ৰাম্য জিলাত আক্ৰান্ত ২৮ গৰাকী, ডিব্ৰুগড়ত ২৬ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে তিনিচুকীয়া ১০ গৰাকী আক্ৰান্ত।
অসমত পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ক'ৰোনা সংক্ৰমণে । আজি ৰাজ্যখনত নতুনকৈ মহামাৰীত আক্ৰান্ত হ'ল ২৪৫ গৰাকী লোক । মৃত্যু হ'ল এজনৰ ।
কেৱল কামৰূপ মহানগৰ জিলাতে আজি আক্ৰান্ত হৈছে ১২৮ গৰাকী লোক । কামৰূপ গ্ৰাম্য জিলাত আক্ৰান্ত হৈছে ২৮ গৰাকী।
ইপিনে ডিব্ৰুগড়ত ২৬ গৰাকী আক্ৰান্ত হোৱাৰ বিপৰীতে তিনিচুকীয়া ১০ গৰাকী; হোজাই জিলাত ৯ গৰকাী; শিৱসাগৰ, গোলাঘাট, কৰিমগঞ্জ, বঙাইগাঁৱত ৬ গৰাকীকৈ; কাছাৰ, শোণিতপুৰ, নগাঁও আৰু যোৰহাটত ৫ গৰাকীকৈ আক্ৰান্ত হোৱাৰ লগতে বজালী জিলাত আক্ৰান্ত হৈছে ২গৰাকী লোক ।
বৃহস্পতিবাৰে অসমত মুঠ সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা হ'ল ১০২৩ গৰাকী ।
উল্লেখ্য যে প্ৰধানমন্ত্ৰীয়ে আজি স্পষ্ট কৰি দিছে দেশত যে সম্পূৰ্ণ লকডাউন নহয় । অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও লকডাউন নহয় বুলি ঘোষণা কৰিছে ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )