দেশত কোৰোণাত ১ কোটি ৩৬ লাখ ৮৯ ৪৫৩জন লোক আক্ৰান্ত হৈছে ।
Coronavirus Outbreak in India Latest Updates : দেশত কোৰোণা ভাইৰাছ মহামাৰীৰ দ্বিতীয় ঢৌৰ ত্ৰাস। বিগত ২৪ ঘণ্টাৰ ভিতৰত নতুন ঘটনা কিছু হ্ৰাস পোৱা দেখা গৈছে । সোমবাৰে ১ লাখ ৬১ হাজাৰ ৭৭৬জন লোক আক্ৰান্ত হৈছে কোৰোণাত । মৃত্যু হৈছে ৮৭৯জনৰ। আনহাতে ৯৭ হাজাৰ ১৬৮জন ৰোগী সুস্থ হৈছে ।
দেশত কোৰোণাত ১ কোটি ৩৬ লাখ ৮৯ ৪৫৩জন লোক আক্ৰান্ত হৈছে। এতিয়ালৈকে ১ কোটি ২২ লাখ ৫৩ হাজাৰ ৬৯৭জন লোক সুস্থ হৈছে । আনহাতে, এই ভাইৰাছৰ সংক্ৰমণৰ ফলত ১ লাখ ৭১ হাজাৰ ৫৮জন লোকৰ মৃত্যু হৈছে । বৰ্তমান দেশত ১২ লাখ ৬৪ হাজাৰ ৬৯৮ সক্ৰিয় ঘটনা আছে । সোমবাৰলৈ ১০ কোটি ৮৫ লাখ ৩৩ হাজাৰ ৮৫জন লোকক ভেকচিন প্ৰদান কৰা হৈছে ।
কোৰোণা সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতে ব্ৰাজিলক পিছ পেলাই বিশ্বৰ দ্বিতীয় দেশ হিচাপে পৰিগণিত হৈছে । ভাৰতত ১.৩৫ কোটি লোক কোৰোণাত সংক্ৰমিত হৈছে । আনহাতে, ব্ৰাজিলত ১.৩৪ কোটি লোক আক্ৰান্ত হৈছে এই ভাইৰাছত । ৩.১৯ কোটি সংক্ৰমিতৰ সংখ্যাৰে শীৰ্ষত আছে আমেৰিকা ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )