Search Engines

১ মে'ৰ পৰা ১৮ বছৰৰ উৰ্ধ্বক ক'ৰোনা ভেকচিন, কেৱল অনলাইনত হ’ব পঞ্জীয়ন ! Covid-19 Vaccine

Covid-19 Vaccine : 

অহা ১ মে’ৰ পৰা দেশত আৰম্ভ হ’ব ১৮ বছৰৰ উৰ্ধ্বৰ সকলো লোকৰ Covid-19ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । ইয়াৰ কাৰণে অহা ২৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব পঞ্জীয়ন ।

অহা ১ মে’ৰ পৰা দেশত আৰম্ভ হ’ব ১৮ বছৰৰ উৰ্ধ্বৰ সকলো লোকৰ Covid-19ৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া । ইয়াৰ কাৰণে অহা ২৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব পঞ্জীয়ন । বিশ্বৰ সৰ্ববৃহৎ এই টীকাকৰণ যাতে সুচাৰুৰূপে সম্পন্ন হয়, তাৰ কাৰণে আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰ সমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে ।
Covid-19 Vaccine


সকলো ১৮বছৰৰ উৰ্ধ্বৰ লোকে ভেকচিন কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ যাতে গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে ৰাজ্য চৰকাৰসমূহক সকলো যাৱতীয় ব্যৱস্থা পূৰ্বৰ পৰাই গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰই । টীকাকৰণ কেন্দ্ৰসমূহত যাতে অধিক লোকৰ সমাগম নহয় ইয়াৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ নিৰ্দেশ কেন্দ্ৰৰ ।


এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কেন্দ্ৰই কিছুমান নিয়ম বান্ধি দিছে । প্রতিটো টীকাকৰণ কেন্দ্ৰই CoWin এপত সকলো তথ্য প্ৰদান কৰি পঞ্জীয়ন কৰিব লাগিব । ব্যক্তিগত কেন্দ্রসমূহে ভেকচিনৰ সবিশেষ, কিমান মজুত আছে আৰু ভেকচিন গ্ৰহণ কৰা লোকজনৰ পৰা কিমান মূল্য লৈছে সকলো তথ্য CoWinত দিব লাগিব । ভেকচিন ল’বলৈ অহা লোকসকলে যাতে এপটোৰ জৰিয়তে এই কথাখিনিৰ বিষয়ে অৱগত হয় সেয়া সুনিশ্চিত কৰিব লাগিব ।

ভেকচিন গ্ৰহণ কৰিবলৈ যোগ্য হিতাধিকাৰীয়ে অনলাইন যোগে পঞ্জীয়ন কৰাটো অনিবাৰ্য হ’ব বুলিও পত্ৰত উল্লেখ । দিনটোৰ অন্তত অৱশিষ্ট ভেকচিনসমূহ ব্যৱহাৰৰ উদ্দেশ্যে অতি কম সংখ্যক লোকৰ সদৌ শেষত যথা স্থানত পঞ্জীয়ন কৰিব পাৰিব, পত্ৰত উল্লেখ । উল্লেখযোগ্য যে, কেৱল চৰকাৰী কেন্দ্রতহে ভেকচিন বিনামূলীয়াকৈ উপলব্ধ হ’ব ।
Tags

Post a Comment

0 Comments
close