Search Engines

Kaziranga National Park : কাজিৰঙাত কোৰোণা, তিনি পৰ্যটকৰ দেহত ধৰা পৰিল কোভিড–১৯ পজিটিভ

 

বিগত বৰ্ষত কোৰোণা মহামাৰীয়ে কাজিৰঙা পৰ্যটন উদ্যোগটো তচনচ কৰাৰ পিছত শেহতীয়াকৈ কিছু সুস্থিৰ পৰিৱেশ ঘূৰি আহিছিল।

কাজিৰঙাত পৰ্যটকৰ দেহত কোৰোণাৰ অৱস্থিতি। কাজিৰঙালৈ আগমণ ঘটা তিনি পৰ্যটকৰ শৰীৰত ওলাল কোৰোণা পজিটিভ। হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এতিয়া কাজিৰঙাত৷ বিগত বৰ্ষত কোৰোণা মহামাৰীয়ে কাজিৰঙা পৰ্যটন উদ্যোগটো তচনচ কৰাৰ পিছত শেহতীয়াকৈ কিছু সুস্থিৰ পৰিৱেশ ঘূৰি আহিছিল যদিও পুনৰ এতিয়া আশংকাত ভুগিছে পৰ্যটন ব্যৱসায়ীসকলৰ লগতে কাজিৰঙা বাসী।
বৃহস্পতিবাৰে পুনৰ কাজিৰঙাৰ কঁহৰাত অৱস্থিত ব্যক্তিগত ফ্ল'ৰিকান পৰ্যটন নিবাসত বাহৰ পাতি থকা  ছজনীয়া পৰ্যটকৰ দল এটাৰ মহিলাসহ তিনিগৰাকীৰ দেহত কোভিডৰ অৱস্থিতি ধৰা পৰে৷ অৱশ্যে পৰ্যটককেইগৰাকীৰ দেহত কোভিড ৰোগৰ বীজাণু ধৰা পৰাৰ পিছতেই পৰ্যটন নিবাসৰ গৰাকীয়ে পৰ্যটন নিবাসটো বন্ধ কৰি দিয়ে৷

স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা মতে, উক্ত পৰ্যটন নিবাসত বাহৰ পাতি থকা ছজনীয়া পৰ্যটকৰ দলটোক আজি নুমলীগড় বিবেকানন্দ চিকিৎসালয়ত কোভিড পৰীক্ষা কৰোৱাত হায়দৰাবাদ নিবাসী প্ৰদীপ কুমাৰ (২৮), বি অনুশা (২৬) আৰু সুজাতা দেৱী (২৩)ৰ দেহত কোভিডৰ বীজাণু ধৰা পৰে৷ বৰ্তমান কোভিডত আক্ৰান্ত তিনি পৰ্যটক উক্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে৷

আমাৰ হাতত পৰা তথ্য মতে, অৰুণাচলৰ পৰা কাজিৰঙাৰ ফ্ল’ৰিকান পৰ্যটন নিৱাসত উপস্থিত হোৱা দলটো বৃহস্পতিবাৰে পুৱা কাজিৰঙা দৰ্শন কৰাৰ বিপৰীতে নুমলীগড় ৰিফেইনেৰীলৈ যায় আৰু তাতেই কোভিড পৰীক্ষা কৰে৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটক কোভিডত আক্ৰান্ত হোৱাৰ পিছতো বোকাখাত মহকুমা প্ৰশাসনে মৌনতা অৱলম্বন কৰিছে।

অভিযোগ অনুসৰি, তিনিগৰাকীকৈ পৰ্যটক কোভিডত আক্ৰান্ত হোৱা উক্ত পৰ্যটন নিবাসৰ গৰাকীয়ে পালন কৰিবলগা কোভিড প্ৰটকলৰ বিষয়ে বোকাখাত মহকুমা প্ৰশাসনে কোনো নিৰ্দেশনা জাৰি কৰা নাই বা এবাৰ খবৰো লোৱা নাই৷ প্ৰশাসনৰ তৰফৰ পৰা কোভিড প্ৰটকলৰ কোনো কথা অৱগত কৰা নাই যদিও কাজিৰঙাৰ কঁহৰাত অৱস্থিত ফ্ল'ৰিকান পৰ্যটন নিবাসৰ গৰাকীয়ে নিজা ব্যৱস্থাৰে আজিৰে পৰা নিজৰ পৰ্যটন নিবাস বন্ধ কৰাৰ সমান্তৰালভাৱে আগন্তুক কেইবাদিনৰ বুকিং বাতিল কৰিছে৷

ইপিনে, কাজিৰঙা দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই দুই-এক নিয়মমাফিক ব্যৱস্থাৰ বাহিৰে বিশেষ কোনো সচেতনতামূলক কাৰ্যসূচী গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে৷
Tags

Post a Comment

0 Comments
close