মংগল গ্ৰহৰ বায়ুমণ্ডলত আছে ৯৫ শতাংশ কাৰ্বন ডাই অক্সাইড । বাকী ৫ শতাংশ নাইট্ৰজেন আৰু আৰ্গণ ।
মার্কিন যুক্তৰাষ্ট্ৰৰ মহাকাশ প্ৰতিষ্ঠান National Aeronautics and Space Administration চমুকৈ NASA-ই মংগল গ্ৰহৰ বায়ুমণ্ডলত মানুহে উশাহ ল’ব পৰা অম্লজান আহৰণ কৰিবলৈ সক্ষম হৈছে ।
মহাকাশ প্ৰতিষ্ঠানটোৱে জনোৱা মতে, নাছাই যোৱা ফেব্ৰুৱাৰীৰ ১৮ তাৰিখে ৰঙা গ্ৰহটোলৈ প্ৰেৰণ কৰা ৬ চকাযুক্ত Perseverance নামৰ যানখনত সংলগ্ন হৈ থকা প্ৰযুক্তি প্ৰণালীয়ে মংগল গ্ৰহৰ বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আহৰণ কৰি তাক মানুহে ব্যৱহাৰ কৰিব পৰা অম্লজানলৈ ৰূপান্তৰ কৰাত সফল হৈছে । Moxie নামৰ যন্ত্ৰটোৱে ৫গ্ৰাম অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হয় । NASAৰ মতে, সিমান পৰিমাণৰ অক্সিজেনৰ সহায়ত এজন মহাকাশচাৰীয়ে ১০মিনিট উশাহ ল’ব পাৰিব ।
NASAৰ প্ৰযুক্তি প্ৰদৰ্শন (Technology Demonstration) ৰ সঞ্চালক Trudy Kortes-এ এই সন্দৰ্ভত কয় যে, 'Moxie হৈছে বৰ্হি-বিশ্বত অম্লজান আহৰণ কৰা প্ৰথমটো যন্ত্ৰ । তেওঁ লগতে কয়, এই পদ্ধতি মহাকাশচাৰীৰ কাৰণে ভীষণ সহায়ক হিচাপে পৰিগণিত হ’ব ।
এই প্ৰযুক্তি প্ৰণালীয়ে Electrolysisৰ যোগেদি কাম কৰে । এই পদ্ধতিত অতিমাত্ৰা তাপ ব্যৱহাৰ কৰি অক্সিজেন এটম, কাৰ্বন ডাই অক্সাইডৰ পৰা পৃথক কৰা হয় ।
উল্লেখ্যযে, মংগল গ্ৰহৰ বায়ুমণ্ডলত আছে ৯৫ শতাংশই কাৰ্বন ডাই অক্সাইড। বাকী ৫ শতাংশ নাইট্ৰজেন আৰু আৰ্গণ । মংগলৰ বায়ুত অতি নগণ্য পৰিমাণৰ অক্সিজেন আছে ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )