যদি আপুনি পে টি এম (Paytm) ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ বাবে আছে এটা অত্যন্তই ভাল খবৰ । পে টি এমে (Paytm) এতিয়া ইয়াৰ ব্যৱহাৰকাৰী সকলৰ বাবে যথেষ্ট সুবিধা প্ৰদান কৰিছে । পে টি এমে (Paytm) এতিয়া ইয়াৰ গ্ৰাহকসকলক ২ লাখ টকা পৰ্যন্ত ঋণ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে । ইয়াৰ বাবে কোনো বিশেষ অসুবিধা নোহোৱাৰ লগতে আপোনাক প্ৰয়োজন নহয় অধিক নথি পত্ৰৰো l
পে টি এমে (Paytm) ইয়াৰ লাখ লাখ গ্ৰাহকক সহজ চৰ্ততে ২ লাখ টকালৈকে ঋণ প্ৰদান কৰি আছে । কোম্পানীটোৱে শেহতীয়াকৈ ইয়াৰ তাৎক্ষণিক ব্যক্তিগত ঋণ সেৱা আৰম্ভ কৰিছে। কোম্পানীটোৱে ঋণ আবেদনৰ বাবে গোটেই প্ৰক্ৰিয়াটো ডিজিটেল কৰাৰ লগতে ইয়াৰ বাবে বেংকলৈ গৈ কোনো নথিপত্ৰ দাখিল কৰাৰো কোনো প্ৰয়োজন নাই, গ্ৰাহকসকলে মিনিটতে ঋণ ল'ব পাৰিব । সেয়েহে জানি লওঁ আহক ইয়াৰ প্ৰক্ৰিয়াৰ বিষয়ে ...
ঘৰতে লাভ কৰিব ঋণ -
পে টি এমে (Paytm) ঋণৰ এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে অনলাইন কৰা হৈছে । গ্ৰাহকসকলে ঋণ লাভ কৰিবলৈ ঘৰৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই । ঘৰত বহিয়েই আপোনাৰ ম’বাইলৰ পৰা ঋণ লাভৰ বাবে আবেদন কৰিব পাৰিব । ঋণ লাভৰ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো হৈছে মাত্ৰ ২ মিনিটৰ । প্ৰক্ৰিয়াটোৰ কেইমিনিটমানৰ ভিতৰতে আপুনি একাউন্টত লাভ কৰিব ঋণৰ টকাখিনি ৷
ঋণ লাভৰ বাবে এনেদৰে আবেদন কৰক -
তাৎক্ষণিক ব্যক্তিগত ঋণ লাভ কৰিবলৈ, গ্ৰাহকে পে টি এমে (Paytm) এপলৈ যাব লাগিব আৰু বিত্তীয় সেৱা বিকল্পত ব্যক্তিগত ঋণ (Personal Loan) টেবত ক্লিক কৰি আবেদন কৰিব লাগিব । তাৰ পিছত বিচৰা তথ্যসমূহ প্ৰদান কৰিব লাগিব আপুনি আৰু আপোনাৰ যোগ্যতা নিৰীক্ষণ কৰা হ’ব আৰু পিছৰ পৰ্যায়ত টকা একাউণ্টলৈ স্থানান্তৰ কৰা হ'ব । পে টি এমে (Paytm) ইতিমধ্যে ৪০০ ৰো অধিক গ্ৰাহকক ব্যক্তিগত ঋণ বিতৰণ কৰিছে ৷ কোম্পানীটোৱে বিত্তীয় বৰ্ষৰ শেষৰ ফালে ১ নিযুত লোকক ব্যক্তিগত ঋণ প্ৰদান কৰা লক্ষ্য হাতত লৈছে ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )