ৰাজ্যত পুনৰ বিজেপিৰ নেতৃত্বত মিত্রজোঁটৰ চৰকাৰ গঠন নিশ্চিত হোৱাৰ পিছত এইবাৰ চর্চালৈ আহিছে অসমৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব ?
ইতিমধ্যে ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠান ইণ্ডিয়া টুডে’ আৰু এক্সিছ মাই ইণ্ডিয়াই এক সমীক্ষাত প্ৰকাশ পাইছে - ৰাজ্যৰ ২০ শতাংশ লোকে পৰৱর্তী মুখ্যমন্ত্রী ৰূপে ড০ হিমন্ত বিশ্ব শর্মাক বিচাৰে বুলি স্পষ্ট কৰিছে ৷ এনে অৱস্থাত ৰাজ্যত পৰৱর্তী চৰকাৰক ড০ হিমন্ত বিশ্ব শর্মাই নেতৃত্ব দিব নেকি, তাক লৈও চলিছে তুমুল চর্চা ৷ আনকি একাংশ চিন্তাবিদ তথা সচেতন লোকে ৰাষ্ট্রীয় প্রতিষ্ঠানৰ এনে সমীক্ষাক সমর্থন জনাই জনপ্রিয় আৰু সফলতাৰ দিশলৈ চাই ড০ শর্মাকে পৰৱর্তী মুখ্যমন্ত্রীৰ দায়িত্ব দিব লাগে বুলি মন্তব্য কৰিছে ৷
আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসেও ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব এই সন্দর্ভত স্পষ্টকৈ উল্লেখ কৰিছে যে -- যিবোৰ ৰাজ্যত বিজেপি চৰকাৰ নাথাকে, সেই ৰাজ্যতহে দলে আগতীয়াকৈ মুখ্যমন্ত্রী প্রক্ষেপ কৰে ৷ অসমত নির্বাচনৰ ফলাফলৰ পিছত ৰাষ্ট্রীয় নেতৃত্বই বিভিন্ন দিশ পর্যালোচনা কৰিব ৷ ইয়াৰ পিছত সংসদীয় কমিটীয়ে মুখ্যমন্ত্রী ৰূপে যাকে প্রক্ষেপ কৰে তেৱেঁই হ’ব অসমৰ পৰৱর্তী মুখ্যমন্ত্রী ৷
ইফালে, মিত্রজোঁটৰ অন্যতম অংশীদাৰ অগপৰ সভাপতি অতুল বৰাই মুখ্যমন্ত্রী সন্দর্ভত কয় যে --- ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব সেয়া বিজেপিয়ে ঠিক কৰিব ৷ মিত্রতাৰ সূত্রে অগপই যিজনকে বিজেপিয়ে মুখ্যমন্ত্রী ৰূপে নির্বাচিত কৰিব, তেওঁকেই সমর্থন জনাব ৷
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )