Search Engines

নিশা পুনৰ ভুমিকম্পৰ জোকাৰণি, এইবাৰো শোণিতপুৰেই আছিল অভিকেন্দ্ৰ

নিশা পুনৰ আন এক ভুমিকম্পই জোকাৰি যায় অসম । এইবাৰো নিশা অহা ভুমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰেই আছিল । নিশা ৰাষ্ট্ৰীয় ভুমিকম্প বিভাগে সদৰি কৰা অনুসৰি নিশা প্ৰায় ১১.২৬ মান বজাত অনুভুত হয় এই ভুমিকম্প ।

Vomikampa


ৰিখটাৰ স্কেলৰ মাপ অনুসৰি ভুমিকম্পটোৰ প্ৰাবল্য আছিল ৩.৭ । যদিও কম ৰিখটাৰ স্কেলৰ জোকাৰণি আছিল তথাপি ই বহু দূৰ পৰ্যন্ত অনুভুত হয় । অৱশ্যে বিশেষ কোনো ক্ষয় ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে, ২৮ এপ্ৰিল বুধবাৰে পুৱা অহা ৬.৪ ৰিখটাৰ স্কেলৰ বৰভূঁইকপে জোকাৰি যোৱাৰ পিছৰে পৰা আজিৰ দিনটোলৈ বহু কেইটা ভুমিকম্পই অসম জোকাৰি আছে । ইয়াৰে অধিকাংশৰে অভিকেন্দ্ৰ শোণিতপুৰ ।

Tags

Post a Comment

0 Comments
close