এইবাৰ লকডাউন অধিক কঠোৰ হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । বৰ্ধিত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ l
দিল্লীত পুনৰ লকডাউন বৃদ্ধি । ১৭ মে’ৰ পুৱা ৫ বজালৈ বৃদ্ধি কৰা হৈছে লকডাউন । পূৰ্বে ১০ মে’লৈ লকডাউন বৃদ্ধি কৰা হৈছিল দেশৰ ৰাজধানীত । এইবাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব মেট্ৰ’ সেৱা । এইবাৰ লকডাউন অধিক কঠোৰ হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।বৰ্ধিত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ।
যোৱা ২৪ ঘণ্টাত দিল্লীৰ পৰিস্থিতি কিছু উন্নত হৈছে । বিগত ২৪ ঘণ্টাত দিল্লীত আক্ৰান্তৰ সংখ্যা ১৩,৩৩৬ । পৰীক্ষা কৰা হৈছে ৬১,৫৫২জনৰ । Positivity Rate হৈছে ২১.৬৭শতাংশ । আনহাতে সুস্থ হোৱা আৰু হাস্পতাল এৰা লোকৰ সংখ্যা ১৪,৭৩৮জন । মৃত্যু হৈছে ২৭৩জনৰ ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )