Ads Area

কম টকা বিনিয়োগেৰে আৰম্ভ কৰক কলৰ চিপছৰ এই ব্যৱসায়, প্ৰতিমাহে উপাৰ্জন কৰিব পাৰিব লাখ টকা

 

যদিহে আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আজি আপোনাক এনে এক ব্যৱসায়ৰ বিষয়ে কোৱা হ'ল, য'ত আপুনি চাকৰিত লাভ কৰা ধনতকৈ বহুগুণ বেছি উপাৰ্জন কৰিবলৈ সক্ষম হ'ব ।

Banana

এনে বহু লোক আছে, যি চাকৰিতকৈ ব্যৱসায়ৰ প্ৰতিহে অধিক আগ্ৰহী । তেনে লোকৰ ভিতৰৰে এগৰাকী হৈ আপুনিও নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰি আছে নেকি? যদি আছে, তেন্তে আপোনাৰ বাবে আছে বিশেষ ব্যৱসায়ৰ টিপছ, যি আৰম্ভ কৰি আপুনি প্ৰতিদিনে ৪,০০০ টকা অৰ্থাৎ এমাহতেই লক্ষাধিক টকা উপাৰ্জন কৰিব পাৰিব। এই ব্যৱসায় হৈছে কলৰ চিপছ তৈয়াৰ কৰা ব্যৱসায়। কলৰ চিপছ স্বাস্থ্যৰ বাবে ভাল হোৱাৰ লগতে এই চিপছবোৰ উপবাসে থকা লোকসকলেও খায়। আলুৰ চিপছতকৈ কলৰ চিপছৰ চাহিদা অধিক হেতুকে এই চিপছৰ বিক্ৰীও অধিক হয় ।

কলৰ চিপছৰ বজাৰৰ আকাৰ সৰু হোৱাৰ বাবেই ডাঙৰ ডাঙৰ ব্ৰেণ্ডেড কোম্পানীবোৰে কলৰ চিপছ তৈয়াৰ নকৰে । সেইকাৰণে কলৰ চিপছ তৈয়াৰ কৰি ব্যৱসায়ৰ এক ভাল সুযোগ আছে । গতিকে আপুনিও আৰম্ভ কৰিব পাৰে এই ব্যৱসায় ।


কলৰ চিপছ বনাবলৈ প্ৰয়োজন হ'ব এইসমূহ সামগ্ৰীঃ  

কলৰ চিপছ তৈয়াৰ কৰিবলৈ বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয় আৰু কেঁচা সামগ্ৰী মুখ্যতঃ কেঁচা কল, নিমখ, খোৱা তেল আৰু অন্যান্য মচলা ব্যৱহাৰ কৰা হয়। কিছুমান মুখ্য যন্ত্ৰ পাতি তথা সঁজুলিৰ তালিকা এনেধৰণৰ–


 কল ধোৱা টেংক আৰু কলৰ বাকলি গুচোৱা যন্ত্ৰ
 কল কটা যন্ত্ৰ
টুকুৰা ফ্ৰাইং মেচিন

মচলা মিলোৱা
পাউচ প্ৰিণ্টিং মেচিন
পৰীক্ষাগাৰৰ সামগ্ৰী

এই যন্ত্ৰবোৰ কৰ পৰা ক্ৰয় কৰিব

আপুনি কলৰ ব্যৱসায় আৰম্ভ কৰিবলৈ এই যন্ত্ৰবোৰ https://www.indiamart.com/ পাৰে বা https://india.alibaba.com/index.html পৰা ক্ৰয় কৰি পাৰিব । এই যন্ত্ৰ ৰাখিবলৈ আপোনাত কমেও ৪০০০-৫০০০ বৰ্গাকাৰ ঠাইৰ প্ৰয়োজন হ'ব । এই যন্ত্ৰ আপুনি ২৮,০০০ৰ পৰা ৫০,০০০ৰ ভিতৰত লাভ কৰিব ।

৫০ কিলোগ্ৰাম চিপছ তৈয়াৰৰ বাবে ব্যয় কৰিব লাগিব
৫০ কিলোগ্ৰাম চিপছ তৈয়াৰ কৰিবলৈ কমেও ১২০ কিলোগ্ৰাম কেঁচা কলৰ প্ৰয়োজন হ'ব। আপুনি প্ৰায় ১০০০ টকাত ১২০ কিলোগ্ৰাম কেঁচা কল পাব। ইয়াৰ বাবে ১২ৰ পৰা ১৫ লিটাৰ তেলৰ প্ৰয়োজন হ'ব । চিপচ ফ্ৰাইৰ মেচিনে ১ ঘণ্টাত ১০ ৰ পৰা ১১ লিটাৰ ডিজেল ব্যৱহাৰ কৰে । ৮০ টকাৰ হিচাপত ১ লিটাৰ ডিজেলৰ মূল্য হৈছে ৯০০ টকা । নিমখ আৰু মচলাৰ বাবে সৰ্বাধিক ১৫০ টকা । গতিকে ৫০ কিলোগ্ৰাম চিপছ তৈয়াৰ কৰিবলৈ আপোনাক প্ৰয়োজন হ'ব ৩,২০০ টকাৰ । ইয়াৰ অৰ্থ হৈছে যে এটা ১ কেজিৰ চিপছৰ পেকেটত আপোনাৰ ৭০ টকাকৈ খৰচ হ'ব, যি আপুনি সহজে অনলাইন বা গ্ৰোচাৰী দোকানত ৯০-১০০ টকাত বিক্ৰী কৰিব পাৰিব।

আপুনি ১ লাখ টকা পৰ্যন্ত লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব

১ কিলোগ্ৰামত ১০ টকা লাভৰ কথা ভাবিলেও আপুনি সহজে দিনে ৪,০০০ টকা উপাৰ্জন কৰিব পাৰিব । অৰ্থাৎ যদি আপোনাৰ কোম্পানীয়ে মাহত ২৫ দিন কাম কৰে, তেন্তে আপুনি প্ৰতিমাহে ১ লাখ টকা উপাৰ্জন কৰিব পাৰিব ।


Tags

Post a Comment

2 Comments
  1. sir apuni nije ai2 business kori ase nki

    ReplyDelete
    Replies
    1. হয় চাৰ কৰি আছোঁ

      Delete

আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )

close