ৰাজ্যত শেহতীয়াকৈ কোৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যত শেহতীয়াকৈ কোৰোণাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে । গতিকে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকাললৈ ৰাজ্যৰ সকলো চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিস্ব শৰ্মাই ।
উল্লেখযোগ্য যে, অসমত প্ৰতিদিনেই বৃদ্ধি পাবলৈ লৈছে Corona Virusত আক্ৰান্ত লোকৰ সংখ্যা । মৃত্যুৰ সংখ্যাও পূৰ্বতকৈ বৃদ্ধি হৈছে । সমান্তৰালভাৱে প্ৰতিদিনে হাজাৰতকৈ অধিক লোক আক্ৰান্ত হৈয়ে আছে কামৰূপ মহানগৰ জিলাত ।
মঙলবাৰৰ দিনটোত ৰাজ্যত Covid ত আক্ৰান্ত হৈছে ৪,৪৭৫জন লোক । সেইদৰে আক্ৰান্তৰ হাৰ হৈছে ৮.১৪ শতাংশ । কেৱল কামৰূপ মহানগৰীতে মঙলবাৰে ১৪১৭জন লোকৰ শৰীৰত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছে । বিগত ২৪ ঘণ্টাত অসমত ৪১জন লোকে Covidৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হৈছে । গতিকে এনে ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান তাৎক্ষণিক ভাবে বন্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )