Fight Against Covid 19 in India :
কোৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ বিৰাট কোহলিয়ে অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাৰ সৈতে মিলি আৰম্ভ কৰিছে পুজি গঠনৰ এক অভিযান । ক্ৰাউড ফাণ্ডিং গোট কেটোৰ জড়িয়তে সাত কোটি টকা সংগ্ৰহৰ লক্ষ্য বিৰাট-অনুষ্কাৰ । নিজে দান দিলে ২ কোটি টকা ।
টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি (Virat Kohli) আৰু তেওঁৰ পত্নী অভিনেত্ৰী অনুষ্কা শৰ্মাই (Anushka Sharma) দেশত কোৰোণা মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আগবঢ়াইছে ২ কোটি টকাৰ অনুদান । লগতে দেশৰ আন সকলো লোককে এনেদৰে আগবাঢ়ি আহিবলৈ জনাইছে আহ্বান ।
বিৰাট কোহলিয়ে এটা ভিডিঅ’ ছেয়াৰ কৰিছে, য’ত ক্ৰিকেটাৰগৰাকীয়ে অভিনেত্ৰী পত্নী অনুষ্কাৰ সৈতে এই বাৰ্তা ৰাজহুৱা কৰি কয় যে তেওঁলোকে দেশৰ এই আপদৰ সময়ত দেশবাসীক সহায় কৰিব বিচাৰে । ইয়াৰ পিছতে ছচিয়েল মিডিয়াত বিৰাট-অনুষ্কাৰ প্ৰশংসাৰে ভৰি পৰে ।

বিৰাট-অনুষ্কাই এই অভিযান আৰম্ভ কৰি ৭ কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈছে । ছচিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে এই ধন সংগ্ৰহৰ কাম কৰি আছে দুয়োজনে । এনেদৰে সংগ্ৰহ কৰা ধন এ চি টি (ACT) নামৰ এটা সংস্থাক প্ৰদান কৰিব যি অক্সিজেনৰ যোগান আৰু চিকিৎসা সম্পৰ্কীয় কামত জড়িত হৈ আছে ।
কোৰোণাৰ বাবে আইপিএল ২০২১ বাতিল হোৱাৰ পিছতে ঘৰলৈ উভতি গৈ বিৰাট কোহলিয়ে কোৰোণাৰ বিৰুদ্ধে য়ুঁজত এননেদৰেই লৈছে অংশ ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )