Guwahati University Exam : স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ ১ জুনত আৰম্ভ হ'ব আৰু ১৫ জুনত অন্ত পৰিব । আনহাতে স্নাতক মহলাৰ পৰীক্ষাসমূহ জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা হ’ব অনলাইনযোগে । এক বৈঠকৰ অন্তত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কোভিড ১৯ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ অনলাইন মাধ্যমেৰে হ'ব পৰীক্ষাসমূহ ।
এই সংক্ৰান্তত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এখন জাননী জাৰি কৰিছে । এই জাননী অনুসৰি স্নাতকোত্তৰ মহলাৰ পৰীক্ষাসমূহ ১ জুনত আৰম্ভ হ'ব আৰু ১৫ জুনত অন্ত পৰিব ।
আনহাতে স্নাতক মহলাৰ পৰীক্ষাসমূহ জুন মাহৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ'ব ।
অনলাইনত মাধ্যমৰ Open Book Systemৰ জৰিয়তে অনুষ্ঠিত হ'ব বিশ্ববিদ্যালয়ৰ অন্তৰ্গত স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ পৰীক্ষা । অনলাইন মাধ্যমৰ পৰীক্ষা সন্দৰ্ভত অতি শীঘ্ৰে বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ তৰফৰ পৰা বিস্তাৰিতভাৱে প্ৰকাশ কৰা হ'ব SOP.
উল্লেখ্য যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এখন বৈঠক । বৈঠকত উপস্থিত আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থা, অসম কলেজ অধ্যক্ষ সংস্থা, অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি-সম্পাদকসকল। লগতে উপস্থিত আছিল বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, পৰীক্ষা নিয়ন্ত্ৰক, শ্ৰেণীসমূহৰ সচিব, বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিতকৰণক লৈ বিগত কেইবাদিন ধৰি অব্যাহত আছিল বিভিন্ন চৰ্চা। পৰীক্ষা পিছুৱাই দিয়া অথবা অনলাইন মাধ্যমেৰে অনুষ্ঠিতকৰণৰ বাবে একাংশ ছাত্ৰ-ছাত্ৰীয়ে বিশ্ববিদ্যালয় চৌহদত ৰূপায়ণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচীও ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )