১৯৮৭ চনৰ পৰা ছাত্ৰ ৰাজনীতিৰে আৰম্ভ হোৱা ৰাজনৈতিক জীৱনৰ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হ'ল ড০ হিমন্ত বিশ্ব শৰ্মা ।
ড০ হিমন্ত বিশ্ব শর্মা ৷ বর্তমান সময়ত উত্তৰ–পূবৰ ৰাজনীতিৰ সর্বাধিক চর্চিত নামটোৱেই হৈছে ড০ হিমন্ত বিশ্ব শর্মাশ ৷ অসমৰ ৰাজনীতিৰ অদ্বিতীয় সত্তা ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত হয় আজি । বিধানসভা সমষ্টি জালুকবাৰীৰ পৰা ধাৰাবাহিকভাৱে পাঁচবাৰকৈ অসম বিধানসভালৈ নির্বাচিত হৈ অৱশেষত মুখ্যমন্ত্ৰিত্বৰ পদত অভিষিক্ত ২০ বছৰীয়া ৰাজনৈতিক জ্ঞান আৰু অভিজ্ঞতাৰে পৰিপুষ্ট ড০ শর্মাৰ জীৱন আৰু ৰাজনীতিৰ এক চুটি পৰিক্ৰমা পাঠকলৈ আগবঢ়োৱা হল ।
ড০ হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হয় ১ ফেব্ৰুৱাৰী ১৯৬৯ চনত যোৰহাটত ।
পিতৃ : প্ৰয়াত কৈলাশ নাথ শৰ্মা ।
মাতৃ : মৃণালিনী দেৱী।
শিক্ষাঃ
১৯৭৫ চনত নতুন শৰণীয়া প্ৰাথমিক বিদ্যালয়ত প্ৰথমিক শিক্ষা ।
১৯৭৯ চনত কামৰূপ একাডেমীত হাইস্কুলীয়া শিক্ষা ।
১৯৮৫ চনত মেট্ৰিক উত্তীৰ্ণ হৈ কটন কলেজত কলা শাখাত নামভৰ্তি ।
১৯৮৭ চনত উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰধান বিষয় হিচাপে লৈ কটন কলেজত নামভৰ্তি ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কটনৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ নিৰু হাজৰিকাৰ তত্ত্বাৱধানত NORTH EASTERN COUNCIL : A STRUCTURAL AND FUNCTIONAL ANALYSIS বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ।
ছাত্র ৰাজনীতি :
১৯৮২-৮৩ চনত প্ৰথমবাৰৰ বাবে কামৰূপ একাডেমীৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক নিৰ্বাচিত । এয়া তেওঁৰ প্ৰথম নিৰ্বাচনী জয় ।
১৯৮৪-৮৫ চনত কামৰূপ একাডেমীৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত ।
আছু নেতা ৰূপে আত্মপ্ৰকাশ ১৯৮৭-১৯৮৮ চনত। কটন কলেজ ছাত্র একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক উক্ত বৰ্ষত ।
১৯৮৮-১৯৮৯, ১৯৮৯-৯০আৰু ১৯৯১-১৯৯২ চনত তিনি বাৰকৈ কটন কলেজৰ ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ ।
ৰাজনৈতিক জীৱনঃ
১৯৯৪ চনত কংগ্ৰেছ দলত যোগদান । ছাত্র আৰু যুৱ কল্যাণ বিভাগৰ সদস্য সচিব হিচাপে কাৰ্যনিৰ্বাহ ।
১৯৯৬ চনত ৫১ নং জালুকবাৰী সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় ।
২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত ।
২০০২ চনত তৰুণ গগৈৰ মন্ত্রী সভাত কৃষিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ ।
২০০৬ চনত পুনৰ জয়ী হৈ তৰুণ গগৈৰ মন্ত্রী সভাত স্বাস্থ্যকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে স্থান লাভ ।
২০১১ চনত তৰুণ গগৈৰ মন্ত্রী সভাত স্বাস্থ্য, শিক্ষা, গুৱাহাটী উন্নয়নকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী ।
২০১৪ চনত প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰী সভাৰ পৰা পদত্যাগ ।
২০১৫ চনত বিজেপিত যোগদান ।
২০১৬ চনত বিজেপি দলৰ পৰা জালুকবাৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি চতুৰ্থবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত । সৰ্বানন্দ সোণোৱালৰ মন্ত্ৰীসভাত গড়কাপ্তানীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ ।
মুখ্যমন্ত্ৰীঃ
২০২১ চনত পঞ্চমবাৰৰ বাবে পুনৰ বিধানসভালৈ নিৰ্বাচিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা । বিধায়িনী দলৰ সিদ্ধান্ত মৰ্মে নৱনির্বাচিত ৬০ বিধায়কে আজি নিৰ্বাচিত কৰে অসমৰ নতুন মুখ্যমন্ত্রী ৰূপে । অসমৰ ১৫সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপতগ্ৰহণৰ পিছতে স্ৱীকৃত হ'ব ড০ শৰ্মা ।
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )