বিগত দিনটোত দেশত ৪ লাখ ১২ হাজাৰ ৩৭৩টা নতুন পজিটিভৰ ঘটনা পোগৰলৈ আহিছে। আনহাতে, ৩,৯৭৯জন লোকৰ মৃত্যু হৈছে ।
দেশত কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোণা ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত নতুন ৰোগী আৰু মৃত্যুৰ সংখ্যাই পুৰণি সকলো অভিলেখ ভংগ কৰিছে। বিগত দিনটোত দেশত ৪ লাখ ১২ হাজাৰ ৩৭৩টা নতুন পজিটিভৰ ঘটনা পোগৰলৈ আহিছে। আনহাতে, ৩,৯৭৯জন লোকৰ মৃত্যু হৈছে। এটা দিনত চাৰি লাখতকৈ অধিক লোক আক্ৰান্ত হোৱা এয়া দ্বিতীয়টো দিন। ইয়াৰ পূৰ্বে ৩০ এপ্ৰিলত ৪ লাখ ২ হাজাৰ ১৪জন লোক আক্ৰান্ত হৈছিল। সেইদিনা ৩৫২৫জন ৰোগীৰ মৃত্যু হৈছিল।
বিগত ২৪ ঘণ্টাত হোৱা মৃত্যুৰ সংখ্যাৰ পিছত দেশত কোৰোণা মহামাৰীত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২,৩০,০১০জনলৈ বৃদ্ধি পালে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি কোভিড–১৯ত আক্ৰান্তৰ ঘটনা ২,১০,৬৪,৮৬২জনলৈ বৃদ্ধি পালে। এই সংখ্যা এইবাবেই ভয়ংকৰ যে বিগত ২৪ ঘণ্টাত সুস্থ হোৱা ৰোগীৰ সংখ্যা আগৰ দিনটোতকৈ কম
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )