JEC Arnab And Astha Love Story
Chapter 1 Part 1 :------
:নাম্ কি ?
:আস্থা ।
:তোমাৰ নাম নে তুমি জন্ম হোৱা nursing home খনৰ নাম ?
: মোৰ নাম ।
:interesting.
বুকুখন বেছি জোৰকৈ ধক ধক কৰিছে মোৰ । এনেকুৱা লাগিছে কলিজাটো ওলাই আহিব এতিয়া । অাজি মোৰ JEC মানে Jorhat Engineering college অত প্ৰথম দিন । admission লবলৈ আহি ৰৈ থাকোতেই চিনাকি পৰ্ব আৰম্ভ হলেই। গাঁৱৰ পৰা প্ৰথম ওলাই আহিছো মই। এইখন কলেজত পঢ়াৰ দূৰ্বাৰ হেঁপাহ আাছিল আগৰপৰাই, অাজি যেন্ সপোন এটা সচাঁ হল।মনত অলেখ ভাবৰ বুৰবুৰণি! line অত ৰৈ থকাৰ পৰাই দূৰত ঠিয় হৈ থকা দেউতালৈ চালো, হাজাৰ কষ্টৰ মাজতো হাঁহিবলৈ নেপাহৰে অজলা মানুহজনে । মোক্ লৈয়েই যেন্ তেওঁৰ সমস্ত পৃথিবী ঘূৰে। স্কুলৰ শিক্ষক হিচাপে সকলোৰে আদৰৰ বৰুৱা ছাৰ। অাৰু সেই বৰুৱা ছাৰৰ আলসুৱা ছোৱালী মই আস্থা। দেউতাৰ বাবে মাজনী, মাৰ্ কাৰণে জীও। ঘৰৰপৰা আঁতৰি থাকিব পাৰিম জানো মই? কিয় হৈছে এনেকুৱা, মই সুখী হব লাগে নে দুখী হব লাগে অাজি নাজানো ।
“আস্থা বৰুৱা”
নিজৰ নামটো শুনি উচপ খাই উঠিলো।
Form খন অাৰু admission fees তো লৈ counter পালোগৈ। আকৌ এবাৰ ঘুৰি দেউতালৈ চালো। একে ঠাইতে ৰৈ অাছে, মই বাৰু আঁতৰি আহিছো নিকি মোৰ সৰু পৃথিৱীখনৰ পৰা?
Admission লোৱাৰ লগতে হোষ্টেলৰ কাৰণেও form এখন লৈ আনিলো। details খিনি ভৰাই দেউতাৰ চহী লৈ জমা দিলো। শোক এটাই খুন্দা মাৰি ধৰিলে। চকুৰ পানীখিনি সামৰিব নোৱাৰিম নেকি অাজি? কি হৈছে মোৰ? কিয় ইমান কঁপনি উঠিছে। গাল খন চোন পুৰিছে মোৰ। লৰালৰিকৈ হোষ্টেলৰ বাবে জৰুৰী কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ। নাইপৰা মই, নোৱাৰিম মই।
“Hey, you need any help?”
হাতৰপৰা কলমটো সৰি পৰিল মোৰ। চকু তুলি চাবলৈ ভয় লাগিল। ইমান গভীৰ মাতষাৰ! অলপ সাহস কৰি মোৰ তুলি চালো। এজাক চেঁচা বতাহে খুব জোৰেৰে কোবাই গল মোক। এইবাৰ অাৰু বেছি কঁপিছে বুকুখন।
“I am Arnav, computer science last year”
সন্মুখত থকাজন কলেজৰ senior বুলি বুজি পালো।কিন্তু অৰ্ণৱ! পাগলৰ দৰে তেতিয়া ভাল পাইছিলো Iss pyar ko Kya naam doon serial খনৰ Arnav sing raizada নামৰ চৰিত্ৰ তো কি??? নিজকে দুচৰ দিম যেন্ লাগিলে। কি যে কথাবোৰ ভাবো নহয় মই।
“নাই নালাগে, পাৰিম”
“I just wanted to help, Damn it”.. চিঞৰি উঠিল তেওঁ।
সকলোৱে ঘূৰি চালে আামাৰ ফালে। কিয় খং উঠিল একো বুজি নেপালো । দেউতা দৌৰি আহিল্ মোৰ ওচৰলৈ। মই মাত্ৰ কান্দিছো। মোক আজিলৈকে ঘৰতে কোনেও গালি পাৰি পোৱা নাই। অাৰু অাজি কলেজৰ প্ৰথম দিনাই সবৰ আগতে গালি খাইছো।
তেওঁ তেতিয়াও চাই আছে মোৰ ফালে, চকুৰ পৰা যেন্ জুই ওলাইছে তেওঁৰ । মই চুৰ্ণীখন জোৰেৰে খামুচি মাত্ৰ উচুপি আছো।
“পাগল হৈছ নিকি অৰ্ণৱ ? সৰু ছোৱালী । ভালকে কব পাৰিলি হয়”
তেওঁৰ লগৰজনে বুজালে। মই চকুপানী মচি মচি সেইখিনিৰ পৰা আঁতৰি আহিব খুজিলো। এনেতে পিছফালৰ পৰা শুনিলো
“Sorry uncle”
তেওঁ মোৰ দেউতাক ক্ষমা খুজিছে! কি আচৰিত মানুহ। মুহূৰ্ততে ইমানেই খং অাৰু এতিয়া ইমান নম্ৰ ।
অাৰু নাভাবো। চুৰ্ণীখন টানি চকুপানী খিনি মচি ললো।দেউতা এইবাৰ মোৰ কাষে কাষে থাকিল। Admission procedure শে্ষ কৰি এইবাৰ হোষ্টেল চাবলৈ ওলাই আহিলো দেউতা অাৰু মই ।
“মন্ বেয়া নকৰিবি মাজনী, অাৰু ইমান সৰু কথাত কোনোবাই কান্দে নিকি? এতিয়া ডাঙৰ হলি নহয়”
মই জানো দেউতাই মন্ ভাল লগাবলৈ কথাকেইটা কৈছে। কিন্তু মই এদিনতে কেনেকে ডাঙৰ হম ?
-------------------------------------------------------------------------------------------------------------------------------------------------------
Plzz 2nd chepter tur all parts bur dibo
ReplyDeletedilu
DeleteBaki bur part di diok jold plzzzz🤧🙏🙏
ReplyDeletebro sit uplod asy.check kora
Delete