JEC Part 10
ভাত খাই উঠি মোৰ বিচনাতে নিশা অাৰু মই শুই শুই কথা পাতি আছো। অাজি যেন কথা শেষ নহবই। কথাৰ মাজতে তাইক কানফুলি যোৰ দিলো। তাই আচৰিত হৈ মোলে চালে।
:কি এইটো?
:তোৰ কাৰণে আনিছো।
নিশাৰ চকুকেইটা সেমেকি উঠিল, সাৱটি ধৰিলে মোক।
:কান্দিছ যে? বেয়া দেখিছ নিকি?
:মোৰ কাৰণে কোনোবাই first time কিবা কিনিছে আস্থা।
:মানে?
:মানে পুজা বিহু এইবিলাক আহিলে দেউতাই পইচা দিয়ে, নিজে কিনি লব লাগে, সেইকাৰণে কেতিয়াও একো নিকিনো। নিজেই নিজক gift দি পুতৌ কৰিব মন নাযায়। আস্থা, অাজি তোক এটা কথা কম, please বুজিবলে চেষ্টা কৰিবি।
:কচোন।
:তই বহুত বেছি সহজ আস্থা, দুনিয়াৰ কথা একো নাজান তই। তই দেখাটোকে সচাঁ বুলি ভাব। অাৰু সব তোৰ নিচিনা অঁকৰা বুলি মানি লৱ। কিন্তু কিছুমান মানুহৰ জীবন বহুত বেছি জটিল আস্থা। তোৰ পৃথিবীখন একেবাৰে সহজ, মা দেউতা তই, অাৰু বহুত বেছি মৰম। কিন্তু আমাৰ তেনেকুৱা নহয়। মই সদায় চাও তোক অাৰু অৰ্ণৱ দাক। তহঁতি বহুত বেলেগ ইতো আনটোতকৈ। উৎপল দাই মোক বহুত কিবাকিবি কৈছে অৰ্ণৱ দাৰ বিষয়ে। কিন্তু মই তোক এতিয়া কব নোৱাৰিম। সঠিক সময়ত তেওঁ নিজেই কব তোক। কিন্তু তই কেতিয়াবা কিছুমান কথা ভাবি চাইছনে?
অৰ্ণৱ দা কিয় এনেকুৱা ? কিয় ইমান জেদী, কিয় ইমান খঙাল? সেইবোৰ বাৰু বাদ দে, যোৰহাটতে নিজৰ ঘৰ থাকিও অৰ্ণৱ দা ভাৰাঘৰত কিয় থাকে জান?অৰ্ণৱ দা কিয় সদায় অকলে অকলে থাকে জাননে? উৎপল দাৰ বাহিৰে আন কোনোবা friend দেখিছ? কলেজৰ topper হয় কিন্তু class কিমান মিছ কৰে গম পাৱ?
:….
মনে মনে আছো মই, নিশাৰ ধেৰ কব লগীয়া অাছে।
:তোৰ মাজত আমিবোৰে আমাৰ নোপোৱা মৰমবোৰ বিচাৰি ফুৰো। অৰ্ণৱ দা অাৰু মোৰ নিচিনা মানুহবোৰে তোৰ নিচিনা কাৰোবাক লগ পালে পৃথিৱীখন আকৌ ভাল পাবলে শিকে। মই জানো তোৰ কাৰণে মোৰ কথাবোৰ বুজি পোৱা কিমান দিগদাৰ। কিন্তু আস্থা, অৰ্ণৱ দাক তোৰ বাহিৰে কোনেও চম্বালিব নোৱাৰে,তই সেইতো কথা নাপাহৰিবি।
:….
:এতিয়া শুই থাক, পাপা কাইলৈ ৰাতিপুৱাই পাবহি, ঘূৰি গৈ কিবা কাম অাছে।
নিশা তাইৰ বিচনালৈ গল, মই গাৰুটো ঠিক কৰি শুবলৈ লৈছো, বাৰে বাৰে তাইৰ কথা বোৰ মনত ঘূৰি অাছে, সঁচাকৈ মই কিয় এনেকুৱা? মোৰ সৰু পৃথিবীখন কিমান বেলেগ বাস্তৱ জগতৰ পৰা। তেওঁ চাগে মোক সেইকাৰণে ভাল পাব পৰা নাই এতিয়াও। মোৰ অপৰিপক্কতা হয়তো তেওঁৰ বাবে বিৰক্তি। সেমেকি উঠিল চকুকেইটা। ভাল লগা মানুহজনক বুজিব পৰা সামৰ্থ কণ মোৰ কিয় নাই? ফোনটো চালো, তেওঁ কিজানি কৰেই, নাই, message এটাও নাই। মইয়ে কৰো নিকি? কিন্তু কিয় ফোন কৰিছা বুলি সুধিলে কি কম? শুই থকাই ভাল। ফোনটো অফ নাইকৰা অাজি, কিজানি তেওঁ কৰেই।
ঠিকেই ভাবিছিলো, ফোনটো বাজিছে, অৰ্ণৱৰ ফোন।
:শোৱা নাই এতিয়াও?
:ওহোঁ।
:কিয়?টোপনি নাই অহা?
:নাই।
:আস্থা!
:হমম।
:কিবা কব খুজিছা?
:…..
:আচ্ছা, মোৰ পূজাৰ GIFT তো। দিবানে?
:কি gift?
:আগতে দিম বুলি কোৱা।
:……
:say something.
:ঠিক আছে।
:গুলুক মোৰ ওচৰত থৈ যাবা, ঘূৰি আহি লৈ লবা।
একেজাপে উঠি বহিলো, গুলুৰ কথা কেনেকে গম পায়? গুলু মোৰ অকণমানি Teddy তোৰ নাম। সদায় লগত থাকে মোৰ। আচলতে সেইতো মায়ে নিজে বনাইছিল। মই তেতিয়া class 5 মানত। মায়ে training কৰিছিল এইবিলাক বনোৱাৰ। অাৰু প্ৰথম এইটোৱেই বনাইছিল। সিমান ভাল হোৱা নাছিল, কিন্তু মায়ে বনোৱা প্ৰথম পুতলা। সদায় গাৰুৰ ওচৰত থৈ শুই থাকো। ঘৰত সদায় মাৰ্ লগত শুইছিলো, মা মই অাৰু গুলু, মই নিজে দিয়া নাম সেইতো। হোষ্টেললৈ আহোঁতে মায়ে বেগত ভৰাই কৈছিল অকলে শুবলে ভয় লাগে নহয় তোৰ, গুলুক লৈ যা লগত। কিন্তু এইটো কথাও তেওঁ কেনেকে গম পায়? নিশা, তাইয়ে কব লাগিব। কি বুলি ভাবিছে চাগে মোক। এতিয়া আকৌ, সেইতোও লাগে।
:ভয় খাইছা?
:ওহোঁ।
:দিবানে?
:…….
:এনেই কৈছো, নালাগে দিব, কিন্তু miss আস্থা বৰুৱা, তোমাৰ এটা এটা কথা মই জানো। কত পলাবা মোৰপৰা।
গালখন পুৰিছে আকৌ, চকু কেইটা মুদি দিছো, লাজ এটাই হেঁচা মাৰি ধৰিলে।
:ৰঙা পৰিব নালাগে, মোৰ gift মই সময়ত নিজে লৈ লম।
:…..
:শুই থাকা এতিয়া, good night.
:goodnight.
:what????? You replied me? Really!!!
সদায় ফোন তো কাটি দিওঁ, কোনোদিন তেওঁৰ goodnight অৰ reply দিয়া নাই। অাজি কিয় জানো, মন গল।
: you are driving me crazy astha.
কাটি দিলো ফোনটো, অাৰু শুনাৰ সাহস নাই, ভয় লাগে মোৰ।
মিঠা মিঠা সপোন এটা বুকুত সামৰি শুই পৰিলো, অৰ্ণৱ, বুকুত নতুন হেঁপাহে শিপাইছে। মই ডাঙৰ হৈছো!!!!!!
অাজি ৰাতিপুৱা পাঁচ টা বজাতে সাৰ পালো। ঘৰলৈ যোৱাৰ আনন্দত সকলো পাহৰিছো। নিশাকো টানি টানি উঠালো। বেগত ভৰোৱা বস্তুবোৰ আকৌ ঠিকে আছে নাই চালো। সময়বোৰ নাযায় নুপুৱাই লাগিছে, বাৰে বাৰে নিশাক সুধি আছো তোৰ পাপা কেতিয়া আহিব। গালি এটাও খালো এবাৰ। মায়ে চাৰে ছটাতে ফোন কৰিছে, উঠিলো নাই, বেগ সামৰিলো নাই। ৰুমটোকে বাৰে বাৰে চফা কৰিছো। ঘড়িতো চালো, ৭ টা বাজিল। গা ধুই লওঁ, চুলিখিনিও ধুব লাগে। চুলি ধুলে মোক বহুত সময় লাগে। বাথৰূমত থাকোঁতেও ঘৰত গৈ কি কি কৰিম তাকেহে ভাবি আছো। ওলাই আহি দেখো এইজনী আকৌ শুই থাকিলে, ইমান শুব পাৰে নহয়।
:নিশা, উঠ না, ৮ টা বাজিব এতিয়া।
টোপনিয়াই টোপনিয়াই বাথৰূমত সোমাল তাই , মই দুইজনীৰ কাৰণে breakfast আনিবলৈ hotcase তো লৈ ওলাই গলো। ঘূৰি আহি ৰুমত সোমাওঁতে নিশাই কাৰোবাৰ লগত কথা পাতি আছিল, মোক দেখি ফোনটো কাটি দিলে।
:কোননো? পাপা? আহিলে নি?
:আৰু 45 minutes মান লাগিব।কি দিছে অাজি খাবলে, ভোক লাগিছে।
খাই উঠি কাপোৰ কানি সলালো, আকাশ নীলা চুৰিদাৰযোৰ মাৰ বৰ প্ৰিয়, সেইযোৰকে পিন্ধিলো, চুলি খিনি আঁচুৰি আধা বান্ধি লৈছো, চুলি মেলি থলে গালি পাৰে মায়ে, বৰ চিন্তা কাৰোবাৰ মুখ লাগে বুলি । কথাটোত খুব হাঁহি উঠে যদিও মানি লওঁ। চকুৰ তলত কাজল লগাওঁ আজিকালি, নিশাৰ উৎপাত এইটো, নিজেই আনি দিছে এডাল, মোৰো পিছে ভাল লাগে, maybelline অৰ baby lips তো অকণ লগাই ললো। নিজকে বাৰে বাৰে চাও আজিকালি আইনাখনত, কিয় জানো এনেকুৱা লাগে তেওঁ এইমাত্ৰ আহি ধৰা দিবহি চকুৰ আগত। কথাটো ভাবি আকৌ এবাৰ ৰঙা পৰি গলো।
:পাপা আহিলে। বল।
বেগ দুটা লৈ ছেণ্ডেলযোৰ পিন্ধি ওলাই আহিছো। হোষ্টেলৰ বহুত কালি ৰাতিয়েই ঘৰ গল, মই নিশা অাৰু বা হঁত হে বাকী আছিলো। ওলাই আহোঁতে তেওঁলোকৰ ৰুমত সোমাই যাও বুলি কৈ আহিলো। নিশাৰ দেউতাক গাড়ীতে বহি অাছে, driver জন নামি আহি বেগ কেইটা ডিকিত ভৰাই দিলেগৈ, কলেজৰ বেগটো হাততে ৰাখিলো।
:খুড়া, ভাল নে আপোনাৰ।
:ভাল ভাল, তোমাৰ কেনেকুৱা, আমাৰ এই তোমাক পাই বৰ ভাল পাইছে দেই।
নিশা এতিয়াও গাড়ীলৈ অহা নাই, ময়ে দেউতাকৰ লগত কিবাকিবি কথা পাতি আছো।
:পাপা, অলপ ৰবাচোন, বাইদেউক কিবা এটা কৈ আহিছো।আস্থা, আহচোন মোৰ লগত।
:মই? কেলেই?
:চুপ। আহ।
এইজনীও অৰ্ণৱৰ নিচিনাই। উপায় নাই, নামি আহিলো। বাইদেউৰ ওচৰ পাইচোন নিশাই কাৰোবালৈ ফোনহে লগাই অাছে।
:কি হলনো নিশা? কিবা হৈছে নি ক না।
নাই, একো নকয় মোক। উচপিচাই অাছে, বাৰে বাৰে ফোন কৰিছে, কাটিছে। মই চাইহে আছো অাৰু।
:কিবা কবিনে? নহলে মই যাঁও। গাড়ীতে বহি থাকো, তোৰ কাম হলে আহিবি।
উচাট মাৰি সেইখনৰপৰা আহিব খোজোতেই দেখিলো দূৰৰপৰা, উৰি অহা দি আহিছে, জোৰেৰে break মৰা বাবে অলপ দূৰ বাইকখন চুচৰি যোৱা দি গৈছে।উৎপাত বোৰ বেছি অলপ, পৰা হলে কি হলহেঁতেন। নিশালৈ চালো, একোৱেই নাজানে নিচিনা কৰি দেখালে। ইমানদেৰি কালে ফোন কৰি আছিলে গম পালো।
:থেংকছ নিশা।
উৎপল দাৰ মাত শুনি চালো, অৰ্ণৱে একো কোৱা নাই, মোৰ ফালে চাই অাছে, মই একে ঠাইতে ৰৈ গলো।
:ইমান দেৰি কিয় কৰিলে, পাপাই গালি দিব এতিয়া।
:এইটোৰ কাৰণেই দেৰি হল, ৰাতি দেৰীলৈকে game খেলিব, ৰাতিপুৱা উঠিব নোৱাৰে কেতিয়াও, আস্থা গুচি গল বুলি কলতহে একে জাপে উঠিছে।
উৎপল দা নামি আহি নিশাক লৈ বাইদেউৰ ওচৰ পালেগৈ, চাহ খাবলে পালে দুয়োটাকে একো নালাগে।
:hey, come here.
নিজে নামি নাহে, মোক ওচৰলে মাতিছে। যাওঁ নাযাও কৈ ওচৰ চাপি গলো।
:ফোন কিয় কৰা নাই যাব ওলাই!?
:……
কি উত্তৰ দিম ভাবি নাপালো।
:মই আহি নোপোৱা হলে গুচি গলা হেতেন? Without even saying bye to me?
:……
:Answer me damn it.
চিঞৰি উঠিল আকৌ এবাৰ, মূৰ তুলি চাব পৰা নাই। ভয় লাগিছে, এই খঙটো লৈ বহুত ভয় লাগে মোৰ।
:Astha, look at me.
নাই নাচাও, ঘৰলৈ যাবলৈ ওলাই এনেকে গালি খাম বুলি ভবা নাছিলো, ৰাতিপুৱাৰপৰা ভাল লাগি থকা মনটো মৰি থাকিল , চকুকেইটা সেমেকি আহিল।
:astha please, look here.
মূৰ তুলি চালো, কিয় জানো তেওঁৰ চকুত চকু থলে, খঙবোৰ নাইকিয়া হৈ যায়।
কিয় এবাৰো তেওঁক নোকোৱাকৈ যাবলৈ ওলাইছিলো, কিয় পাহৰি গৈছিলো তেওঁ কি বিচাৰে, নিজৰ ওপৰতে খং উঠিল।
:sorry.
তেওঁৰ খং তো কমা যেন লাগিল।
:don’t do this to me Astha. Please.I just want to see you once, I am not asking for anything else right?
:হমম।
:তোমাক খং কৰি মোৰো ভাল নালাগে। কিন্তু মই এনেকুৱাই, you have to understand.
:হমম।
:আচ্ছা, ফোন কৰিব পাৰিম নে কেতিয়াবা?
: পাৰিব।
:thank god.
:এতিয়া যাওঁ নে?
:ওহোঁ।
:কিয়?
:পূজাৰ gift তো লৈ লওঁ আগতে।
বুকুখন ধক কৰি গল, কি কৈছে তেওঁ, মানে কেনেকে লব gift তো।
দুখোজ পিছুৱাই আহিলো। তেওঁ ওঁঠটো বেঁকা কৰি হাঁহি এটা মাৰিল, খুব কমেই হাঁহি দেখো এই মুখ খনত। কি হবলৈ গৈ অাছে নাজানো।
:নিশা, মোৰ gift তো দিয়া।
কি??? নিশাই দিব gift? একো বুজি পোৱা নাই।
নিশাই মোৰ সৰু বগা ৰুমাল খন আগবঢ়াই দিলে তেওঁৰ ফালে, অাজি ৰাতিপুৱা তাই মোক খুজিছিল এইখন অাৰু কৈছিল তোৰ baby powder অলপ ইয়াত দি দে না। তই তই গোন্ধাই থাকিব। তোক যেতিয়া বহুত মিছ কৰিম, তেতিয়া এইখন থৈ দিম ওচৰত, তই থকাৰ নিচিনা লাগিব।এতিয়া বুজি পালো, তাৰমানে সেইবোৰ সব অৰ্ণৱৰ কথা আছিল, তেওঁ বিচাৰিছিল এই সকলোবোৰ। নিশালৈ ঘোপাকৈ চালো, তাই চকুটো টিপিয়াই দিলে।
:তোমাক খুজিলে নিদিয়া যে, so এইবিলাক কৰিব লগা হৈছে।
তেওঁ ৰুমাল খন লৈ এবাৰ গুন্ধি চালে, চকু কেইটা জপাই দিছে , কিয় এনেকুৱা এই মানুহজন, ইমান সৰু সৰু কথাত ভালপোৱা কেনেকৈ বিচাৰি পায়? পকেটত সেইখন ভৰাই মোৰ ফালে চালে তেওঁ, মই তল মূৰ কৰিলো, কিবা এটা লাজ লাজ লাগিছে।
:হব অাৰু অৰ্ণৱ দা, যাঁও দিয়ক এতিয়া, পাপাই যে বহুত গালি দিব আমাক।
:ঠিক অাছে যোৱা।
উফ্ ৰক্ষা। ইমানতে বাছিলো অাজি।
:যাঁও।
কৈয়ে তেওঁৰ ওচৰৰপৰা আতৰি আহিব খুজিলো, নিশা অাৰু উৎপল দা আগবাঢ়ি গৈ অাছে, তেওঁ তেতিয়াও বাইকৰ পৰা নমা নাই।
:কত পলাইছা ইমান জলদি।
ধক। মোৰ বাওঁহাত খন তেওঁৰ বাওঁহাতৰ মুঠিত, একো নেভাবে এই মানুহজনে, কোনোবাই দেখিলে কি হব পাৰো, যদিও ওচৰত কোনো নাই কিন্তু আহি যাবতো পাৰে। যিমান পাৰো এৰুৱাবলৈ চেষ্টা কৰিছো, পৰা নাই। দুখ পাইছো, ৰঙা পৰি গৈছে তেওঁ ধৰি থকা ঠাইডোখৰ, নিজেও জানে কিমান জোৰেৰে ধৰিছে, কিন্তু হলেও এৰি নাই দিয়া।
:দুখ পাইছো।
টানি আনিলে, দুখোজ বেছি ওচৰ চাপি আহিলো, আকৌ এবাৰ তেওঁৰ সুগন্ধি মোৰ উশাহত।
কাণতে ওঁঠ লগাই কৈ উঠিল তেওঁ।
:gift লোৱাৰ কথা কওঁতে তুমি কি ভাবিছিলা মইয়ো জানো, সোনকালেই লৈ আছো সেইতো gift, I can’t wait anymore, you just wait and watch miss Astha Baruah.
চকুকেইটা ডাঙৰ হৈ গল মোৰ, তেওঁৰ ফালে চালো, কিবা এটা বেলেগ অৰ্থ আছিল সেই চাৱনিত, হাঁহি এটা লাগি অাছে তেওঁৰ ওঁঠত, চকু কেইটা তিৰবিৰাই উঠিছে, তেওঁৰ খং দেখি সিমান ভয় নালাগে যিমান এতিয়া লাগিছে। হাতখন জোকাৰ মাৰি আঁতৰাই আনিলো, দৌৰি আহি নিশাৰ ওচৰ পালোহি, বুকুখন কঁপি অাছে, গাল মুখ ৰঙা।
:অৰ্ণৱ দাই কিবা কৰিলে নি বাৰু?
নিশাই অাৰু বেছি ভয় খুৱাই দিলে, লৰালৰিকৈ গৈ গাড়ীত বহিলো, কেনিও নাই চোৱা।গাড়ীখন চলিলেই যেন মই বাচি যাম্।
অলপ পিছতে নিশা আহি বহিল, শান্তি।
গাড়ীখন চলিল, পিছে পিছে তেওঁলোক, একোবত overtake কৰি গুচি গল, কোমল কলিজাটো আকৌ এবাৰ কঁপাই থৈ। হাতখন চালো, তেওঁৰ আঙুলিৰ চিন এতিয়াও স্পষ্ট, চুৰ্ণীখন দি ঢাকি দিলো।
আগলৈ…
-------------------------------------------------------------------------------------------------------------------------------------------------------
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )