JEC LOVE STORY Chapter 1 Part 11

 

JEC Part 11

JEC LOVE STORY Chapter 1 Part 11

মোৰ ঠাই, সেউজীয়া অাৰু জীপাল, গাড়ীৰ পৰা নামি অলপ দূৰ খোজকাঢ়ি যাব লাগে আমাৰ ঘৰলৈ, অট’ লৈও যাব পাৰি কিন্তু কথা পাতি পাতি খোজ কাঢ়ি যাবলৈ বেছি ভাল পাওঁ মই। আমাৰ ঘৰত গাড়ী নাই, কেতিয়াবা বিশেষ দৰকাৰ হলে বৰদেউতাৰ গাড়ীখন দেউতাই খুজি লৈ যায়। আজিও কৈছিল, কিন্তু এই খোজকঢ়া আমেজ কণৰ বাবেই মই নালাগে বুলি কলো। ভাল লগাবোৰ এতিয়া ময়ো জানো সামৰি থব, কোনোবাই শিকাইছে মোক। উশাহ তো দীঘলকৈ লৈছো, ধাননি পথাৰ বোৰৰ চিনাকি গোন্ধ নাকত লাগিছে, প্ৰিয় ঠাই, প্ৰিয় মানুহ। বাটত চিনাকি বহুতকে লগ পাইছো, কোনোবাই ক্ষীণ দেখিছে, কোনোবাই শকত। নতুন কলেজ কেনেকুৱা লাগিছে, পূজাত কিমান দিন বন্ধ, একেবোৰ কথাকে কৈ কৈ আহি আছো, বৰ্মা, খুড়ী সৱৰে ঘৰলৈকে যাব লাগিব, দঢ়াই দঢ়াই কৈছে । ভালপাওঁ এই মানুহবোৰ, ইমান সহজ, ইমান আপোন। কৃত্ৰিমতাই কেতিয়াও যেন বিচাৰি নাপাই এই মানুহবোৰক।

পদূলি মুখত ৰৈ অাছে মা, মুখ খন উজ্জল, যিমানেই ওচৰ চাপি গৈছো, তেওঁৰ আঁচলটো সিমানেই সেমেকিছে, সুখতো কন্দা দুখতো কন্দা মোৰ আজলী মা। দৌৰি গৈ সাৱটি ধৰিলো। আস! চিনাকি গোন্ধটো সামৰি ললো। চকুকেইটা ভৰি আহিল। কিন্তু বুকুখন পাতল লাগিছে, কলিজাটো শাঁত পৰিছে। মূৰত হাত ফুৰাই দিয়া মা, অাৰু অকণ নিজৰ কৰি লোৱা।

:চাঁও মুখ খন। আই ঐ দেহি, ভোকে পিয়াহে গোটেইজনী শুকাই আহিছে। খোজকাঢ়ি নো কিয় আহিব লাগে ইমান দূৰ। আপুনিও কম নহয় দেই।
:তাই নিজেহে কলে খোজকাঢ়ি যাও বুলি, মোৰ গাত কি দোষ!
আৰম্ভ হলেই, দেউতা আৰু মাৰ এইবোৰ দৈনন্দিন চলি থাকে, বহুত দিনৰ মূৰত আকৌ দেখিলো, হাঁহি এটা ওলাই আহিল্ আপোনা আপুনি।
:ভিতৰলে বলা মা, বহুত ভোক লাগিছে।
সকলোবোৰ একেই অাছে, আমাৰ সৰু ঘৰখন মায়ে খুব সযতনে ৰাখে, যদিও পুৰণা হৈছে, তথাপি কিবা নহয় কিবা এটা কৰি মায়ে নতুন কৰি ৰাখে। পৰ্দা খিনি নতুন। টেবুলত অলপ সতেজ ফুল। বেৰত মোৰ এখন ডাঙৰ ফটো, আগতে নাছিল, মই যোৱাৰ পাছত লগাইছে। মোৰ ৰুমটো ঠিক মই এৰি যোৱা ধৰণেই অাছে,পঢ়া টেবুলৰ
উপৰত থকা সৰশ্বতী মাৰ ফোটো খনৰ ওচৰত ধূপ ছাকি দি থোৱা অাছে, আগতে মই দিছিলো, এতিয়া মায়ে দিয়ে। বেগটো থৈ বিচনাত নিজকে এৰি দিছো, পুৰণা মইজনীক বিচাৰি লওঁ।

:মাজনী, হাত মুখ ধুই আহ সোনকালে, তোৰ প্ৰিয় বস্তু বনাইছে অাজি আমাৰ বৰুৱানীয়ে।
মাক জোকাবলে দেউতাই বৰুৱানী বুলি মাতে, কেতিয়াবা আস্থাৰ মাক, কেতিয়াবা গৃহস্থনী, কেতিয়াবা মমতা বেনাৰ্জী, মুঠতে গালি এটা নোখোৱালৈকে নতুন নতুন নাম দি মাতি থাকিব। সেইবোৰেই আমাৰ নিচিনা মানুহবোৰৰ সুখ। উঠি আহিলো, মুখ হাত ধুই কাপোৰ সলাই খোৱা টেবুলত বহিলো। পাঁচফুৰণ দি তেল মৰা ৰঙৰ দাইল, শাকৰ ভাজি, কণী আলু পিটিকা, কলদিল অাৰু ৰঙা বুটৰ ভাজি, পুদিনাৰ চাটনি । সকলোবোৰ মোৰ ভাল লগা বস্তু। হোষ্টেলৰ একেবোৰ বস্তু খাই খাই আমুৱায় গৈছিল।
অাজি চাৰিমাহৰ মূৰত তৃপ্তিৰে খালো, মায়ে নিজে খোৱা নাই, মই খোৱা চাই চাই হাঁহিছে, কান্দিছে। মই বুজি পাইছো। সকলোকে খুৱাই ভালপোৱা মানুহজনীৰ ‘জীও’ জনীয়ে বহুদিন একো ভালকৈ খোৱা নাছিল। দুখ লগাটো স্বাভাবিক। কিন্তু এতিয়া নিজে বনাই খুৱাই মোতকৈ বেছি তৃপ্তি তেওঁহে পাইছে, সেইবাবে চকুপানীৰ লগতে ফুটু নুফুটো কৈ হাঁহি এটাও ওলাইছে। খোৱাৰ টেবুলতে বহুত কথা পাতিলো, কিমান কব লগা আছিল মোৰ, কলেজৰ এটা এটা কথা কৈছো, কিন্তু কিয় জানো তেওঁৰ কথা এতিয়াও কব পৰা নাই মই।

:অলপ শুই লচোন যা জীও, দেতাৰ লগত কথা পাতিবলে এক সপ্তাহ অাছে,অলপ জিৰাই ল আগতে।
:ঠিকেই তই অকণ শুই ল মাজনী, মই পূজাৰ কামত যাব লাগে, পালেহিয়েই নহয়।
ঘৰৰ ওচৰতে পুজা হয় প্ৰতিবছৰে, দেউতা পূজা কমিতিৰ সভাপতি, এইকেইদিন তেখেতৰ কাম বহুত।মাক অলপ সহায় কৰি দিওঁ বুলি পাকঘৰ পাইছিলো, কিন্তু গালি খাই আকৌ বিচনালৈ আহিলো।
মোৰ ফোনটো?
কত বা থলো তাকো পাহৰিলো।'


বেগটো খুঁচৰি খুঁচৰি বিচাৰি পালো যেনিবা।
হে ভগৱান!!!!!!!
তেৰ টা মিছ্দ কল। পাঁচটা মেছেজ।
অৰ্ণৱ।
মেছেজ কেইটা খুলি চালো।
“Did you reach?”
“Is every thing alright”?
“are you fine?”
“pick up the call Astha, I am worried now”
“pick up the bloody phone Astha, Answer my call DAMN IT.”
কি কৰিলো এইয়া মই? বাৰে বাৰে কৈছিল ঘৰ পাইয়েই জনাবলে, কেনেকে পাহৰি থাকিলো? কি কৰোঁ এতিয়া।
সাহস কৰি ফোনটো লগালো, ৰিং হবলৈ নাপালেই।
:What the hell are you doing Miss Astha?
:..
:কত আছা তুমি?
:ঘৰত।
বহুত সময় একো কোৱা নাই তেওঁ, ঘন ঘন কৈ উশাহ লৈছে, কিমান খং উঠিছে গম পালো, সাজু হৈ আছো পিছৰ গালি কেইটালৈ।
:ফোন কিয় উঠোৱা নাছিলা?
: বেগত সোমাই আছিলে, গম নাপালো।
:ঘৰ পাই কিয় নকলা মোক?
:পাহৰি থাকিলো।
:Serioisely??????


:হমম।
:May be I am expecting too much from you Astha. I shouldn’t it seems. Enjoy your stay.
কাটি দিলে ফোন তো, কিন্তু কিয়? বুজি নাপালো।
:শোৱা নাই কেলে জীও।
মায়ে অাহি পাতল কম্বল এখন গাত দি দিলে, নিজেও মোৰ কাষতে শুই পৰিল। কুৰুকি কুৰুকি সোমাই গলো মাৰ বুকুলে, কিন্তু চকুকেইটা জপাই দিলে এখনেই মুখ ভাঁহি অাছে। অৰ্ণৱ!!!!!!!
বেয়া পাইছে মোক, জানো। কিন্তু জানি বুজি একো কৰা নাই মই। নমোয়ে সব জানে, তেওঁকো বুজাই দিয়া নমো। মায়ে চুলি কেইদাল মোহাৰি আছে, টোপনিয়ে হেঁচা মাৰি ধৰিলে।

শুই উঠি বৰমাৰ ওচৰ পালোগৈ, একেখন চোতালতে সেইখন আমাৰ পুৰণি ঘৰ। বৰদেউতা, বৰ্মা, দাদা, বৌ অাৰু আইতা থাকে তাত। যদিও দুখন ঘৰ বেলেগ, মনবোৰ কিন্তু একেই। ঘৰত থাঁকোতে দিনটোৰ বেছি ভাগ সময় মই তাতে থাকো। আইতাৰ কাপোৰ জাপি দিয়া, তামোল খুন্দা, চুলি আঁচুৰি দিয়া সেইবোৰ মোৰ কাম আছিল। এতিয়া বা কোনে কৰে?
:সেইজনী সৰু মাইনা নিজে আহিলে, তই শুই থাকোঁতে দুবাৰ গলো হেৰৌ তোৰ মুখ খন চাবলেকে, আইতাৰে খাই মাৰিছে কেলেই অহা নাই মাতি আনচোন। মই বোলো অকণ জিৰাই লওঁকচোন দিয়ক, নুশুনে হেৰৌ, ভালকে খোজ কাঢ়িব পৰা হলে নিজেই গলহেতেন বোলে।
সোমাই যাওতেই বৰমাৰ গালে মুখে মৰম এবুকু সানি দিলে, বৰদেউতা, বৰ্মা অাৰু আইতাৰ বাবে দাদা ডাঙৰ মাইনা অাৰু মই সৰু মাইনা। আইতালৈ চালো, চকু কেইটা সেমেকা, বহী থকা চকীখনৰ পৰাই হাতখন মেলি দিলে,একো নাই পৰা কব। বুজি পাওঁ, এদিন নেদেখিলে থাকিব নোৱাৰা মানুহজনী অাজি অতদিনে কেনেকে আছে! তোমাল খোৱা মুখ খনেৰে গালে মুখে এগালমান চুমা খালে, এই গোন্ধটো বৰ আপোন। পকাতে বহি আইতাৰ কোঁচত মূৰটো পেলাই দিলো। ধেৰ কিবাকিবি কৈছে তেওঁ, অাৰু নালাগে কতো যাব, মোৰ লগতে থাকিবি, কৰ অচিন দেশত থৈ আহিলে মোৰ সৰু ছোৱালীজনীক, মা দেউতাকো গালি কেইটামান পাৰিলে, শুনি আছো সব, এই অজলা অঁকৰা পৃথিৱী খনহে মোৰ চিনাকি। মোৰ ঘৰ।
:এইকণ থৈ দিছিলো তোলৈ,আইতাৰ ওচৰতে বহি খা।
কণজহা চাউলৰ পায়স। মোৰ প্ৰিয়, তাতে বৰমাই কৰ্পূৰ দি বনোৱা। গোটেইখিনি খালো, বাটিত লাগি থকা খিনি আঙুলিৰে চুঁচি চুঁচি খালো।
:আয়ৈ দেহি, কিমান দিন এইবোৰ খুৱাই নাই চাগে ন?
বৰমাৰ মাতটো থুকা থুকি, কথাটো সলাব লাগিব।
:বৌ নাই নি বৰ্মা?
:নাই নহয়, ডাঙৰ মইনাৰ লগতে ৰাতিপুৱাই ওলাই গৈছে, পূজা বুলি একো কিনাই নাই কোনেও, মোকো বৰকে লগ ধৰিছিলে, মই বোলো তাই ইমানদিনৰ মূৰত আহিব হোষ্টেলৰ পৰা, মই নেথাকিলে বেয়া পাব। দাদাক এইবাৰ জন্মদিনত কি লাগিব বুলি কলি?
:ৰঙা কুৰ্তা এটা।


:ওৱা, তইচোন ৰঙা বেয়া পাৱ?
:আজিকালি ভাল পাওঁ
কাৰোবাৰ প্ৰিয় ৰং ৰঙা, অাৰু সেই মানুহজন মোৰ প্ৰিয়!
বহুত দেৰি থাকিলো আইতাৰ ওচৰত। মায়ে নিজে গৈ মাতিলত হে ঘৰলৈ আহিলো।
এই কেইদিন ইমানবোৰ মানুহৰ মৰমৰ মাজত থাকিও মই কিবা এটা হেৰুৱাইছো, এই অনুভব একেবাৰে নতুন। কথাৰ মাজতো বাৰে বাৰে ফোনটো চাও, কিজানি তেওঁ ফোন কৰেই। নাই। নকৰে। মাৰ লগত পূজাৰ কাম কৰিছো, ঘৰ সজাইছো কিন্তু মন কতো বহা নাই, আগতে এনেকুৱা কেতিয়াও হোৱা নাছিল। কিয় হৈছে এইবোৰ?
ফোনটো বাজি উঠিল, তেওঁ বুলি দৌৰি গলো, নহয়। নিশা।
:অই পাগলী, এড্ৰেছটো নিদিয় যদি নাযাও কাইলৈ, কেইবাৰ খুজিলো মনত আছে।
:পাহৰি থাকিলো, ৰঃ দি আছো। সোনকালে আহিবি কিন্তু দেই।
:যাম যাম।
:মায়ে সুধিছে অাৰু কোন আহিব,ভাত বনাব লাগিব যে।
:কোনো নাই, driver থাকিব।
বেচেৰী জনী, লগ এটাও নাই।
:see you tomorrow then, bye.
কাটি দিলে ফোনটো, কাইলৈ মোৰ জন্মদিন। ভাবি ভাল লাগিল, অাজি টোপনিয়েই নাহিব মোৰ।
শুই উঠি গা পা ধুই গোঁসাই ঘৰত মাৰ লগত পুজা কৰিলো। মায়ে সদায় জন্মদিনত ভোগ দিয়ে, আজিও দিছে। ৰাতিপুৱাৰ চাহকাপ অাজি বৰদেউতাৰ ঘৰত, মানে আইতাৰ ওচৰত। জন্মদিনৰ ওলগ, আশীৰ্বাদ অাৰু মৰমবোৰে উপচাই পেলাইছে মোক।
:এইযোৰ ল। বোৱাৰীয়ে আনি দিছে, মোৰ সাঁচতীয়া পইচাৰে অনাইছো, ওঠৰ বছৰীয়া হলি এতিয়া, ডাঙৰ ছোৱালী অাৰু। অাজি পূজালৈ পিন্ধি যাবি।
এযোৰ বোৱা মেখেলা চাদৰ, পাতল গুলপীয়া, তাতে সৰু সৰু বুটা বছা। আইতাই দিছে। পিন্ধিব পৰাকৈ বৌয়ে চিলাই মেলি থৈছে সব ।উপহাৰৰ টোপোলা লৈ ঘৰলৈ আহিলো, আকৌ এবাৰ ফোনটো চালো, চিনাকি প্ৰায় সকলোৱেই ফোন বা মেছেজ কৰিছে, উৎপল দা, নিশা, ৰাজী সবেই, কিন্তু তেওঁ নাই কৰা। নকৰে চাগে।কাৰোবাৰ এটা শুভেচ্ছা বাৰ্তা ইমান জৰুৰী হব পাৰে বুলি আগতে জনাই নাছিলো।
আইতাই দিয়া কাপোৰযোৰ পিন্ধি পূজালৈ ওলালো। চুলিবোৰ এতিয়াও তিতি আছে, অাগৰ খিনি ছপাই কোচাই ক্লিপ এডাল লগাই থৈছো, চুলি মেলি ৰখা মানা, আইতা থাকিলে তো অসম্ভৱ। কুকি ভৰাই ফুল অাৰু শৰাই সজোৱা সামগ্ৰী লৈ মা,বৰ্মা আৰু বৌৰ লগত পূজালৈ ওলালো।পূজা থলীত জন্মদিনৰ অভিনন্দন অাৰু গুলপীয়া কাপোৰযোৰ মোৰ উপৰত কিমান শুৱাইছে তাকেই শুনি আছো, কিন্তু মোৰ চোন একোৱেই ভাল লগা নাই। শৰাই আগবঢ়াই সেৱা কৰি মাৰ ওচৰতে বহি আছো। ফোনটো বাজিল, নিশা। একেজাপে উঠি আহিলো।
:কত পালিহি।
:তই কোৱা স্কুল খন পালোহি। এতিয়া?
:চিধা চিধি আহ অাৰু এক কিলোমিটাৰ, পূজাৰ মণ্ডপটো দেখিবি। তাতে ৰৈ দিবি। মই ইয়াতে আছো।
দৌৰি গৈ মাক কলো, উচপিচাই আছো, বহুত কথা পাতিব লগা আছে তাইৰ লগত।
আকৌ ফোন কৰিছে।
:বাহিৰত ৰৈ আছো, ওলাই আহ।
অাজিও জিনছ আৰু টি শ্বাৰ্ট পিন্ধিয়ে আহিছে এইজনীয়ে, তাকো সেই আধা ফটা জিনছ টো। দেখা মাত্ৰকে দৌৰি আহি হেঁচা মাৰি ধৰিলে মোক।
:তোক বহুত মিছ কৰিছিলো।
:মইয়ো।
মা বৰ্মা সবৰে লগতে চিনাকি কৰাই দিলো তাইক, মোৰ মুখত শুনি শুনি তাই আগৰপৰাই সবৰ চিনাকি, মাথোঁ লগ পোৱা বাকী আছিল।
:পুজা ভাগিব অলপ পিছত, তই নিশাক লৈ ঘৰলে যা, অামি শৰাই সামৰি অলপ পুজা থলীখন সাৰি মুচি গৈ আছো।
:বল ঘৰলৈ, ধেৰ কথা আছে।
নিশাক লৈ ওলাই আহিলো, গাড়ীখন বহুত আগত ৰখোৱা অাছে, মণ্ডপৰ ওচৰত ঠাই নাছিল। কিনকিনিয়া বৰষুণ এজাকো আহিছে, দুইজনী যিমান পাৰো খৰ খোজেৰে গৈছো, মেখেলা চাদৰ পিন্ধি দৌৰিবও নোৱাৰো।
:সৌখন আমাৰ গাড়ী, তই যা, মই আহি আছো।
:কি? তই অকলে ইয়াত কি কৰিবি?
:আন্টিৰ কাৰণে কিবা এটা লওঁ, একো নানিলো।
:মইয়ো ৰৈছো, কিন্তু নিকিনিলেও হব, মায়ে সেইবোৰ নাভাবে।
:আচ্ছা তই গাড়ীৰ পৰা বেগটো লৈ আহ না মোৰ,পিছৰ চিট টোতে আছে। তেতিয়া লৈকে মই কি ভাল দেখো চাও।


গাড়ীখন ৰখা ঠাইডোখৰ অলপ নিজান, আগবাঢ়ি গলো, খুলিব পৰা নাই, নক কৰিলত ড্ৰাইভাৰ জনে খুলি দিলে। সোমাই চাইছোঁ বেগ নাইচোন। তলত পৰিছে নি চালো, নাই। ভিতৰত সোমাই ভালকে চাবলৈ লওঁতেই দেখিলো ড্ৰাইভাৰজন নামি মোৰ ফালৰ দৰজাখন বন্ধ কৰি দিলে। কি হৈছে এইবোৰ, খুলিবলৈ চেষ্টা কৰিছো নাইপৰা। ভীষণ ভয় লাগিছে। এনেতে আনফালৰ দৰজা খন খুলি কোনোবা এজন সোমাই আহিল, চিনাকি গোন্ধ,দৰজা ঠেলা হাতখন ঢিলা হৈ গল মোৰ , ঘূৰি চোৱাৰ সাহস নাই।
:We need to talk Miss Astha Baruah.

ধক্।
অৰ্ণৱ!!!!!!!!!!!!

:Talk to me Astha.
উফ।
কি কৰিম মই এতিয়া। বাহিৰত চিপচিপীয়া বৰষুণ। গাড়ীৰ ভিতৰত মই অাৰু তেওঁ। ভৰি কেইটা নাই নাই লাগিছে। বুকুখন কঁপিছে। লাহে লাহে তেওঁৰ ফালে ঘূৰি চালো। বেলেগ দেখাইছে অাজি। বগা ছাৰ্ট, নীলা জিনছ, চুলিখিনিও জেল লগাই থোৱা আছে। সদায় তো কিবা মৰহা ৰংবোৰৰ t-shirt পিন্ধে, অাজি ইমান বিশেষ ভাৱে সাজি অহাৰ কাৰণ? মই?
কি যে ভাবি আছো, আকৌ চেষ্টা কৰিলো দৰজা খুলিবলৈ, নিশা জনীও নহা হল।
:সেইখন এতিয়া নোখোলে। মোৰ কথা শুনা তাৰ পিছত খুলিম।
:আ আপুনি কিয় আহিছে?
:নিশাৰ ড্ৰাইভাৰ নাছিল, সেইকাৰণে মোক মাতিলে। খুচ?
মুখ খন মেল খাই গল, নিশাৰ ড্ৰাইভাৰ অৰ্ণৱ? সচাঁ??!!!
:মাখি সোমাব মুখত, জপাই দিয়া।
যিমান পাৰোঁ তেওঁৰ পৰা আঁতৰি কুচি মুচি দৰজা খনতে লাগি বহিছো।
:This is for you.
জন্মদিনৰ উপহাৰ, তাকো ইমান খঙত দিয়েনে কোনোবাই?
তেওঁৰ হাতৰপৰা যেনেতেনে উপহাৰটো ললো, খোলা নাই।
:খুলি চোৱা।
মোৰো চাব মন গৈছিল, কঁপা কঁপা হাতেৰে খুলিলো।
এখন ফটো। দেউতা অাৰু মোৰ। কেন্টিনত চাহ খাই থাকোতে তোলা হব। কিবা এটা কথাত প্ৰাণখুলি হাঁহিছে দেউতাই অাৰু মই অপলক নেত্ৰে চাই আছো। এটা মধুৰ মূহুৰ্ত। কেতিয়া কেমেৰাত বন্দী কৰিছিল নাজানো। নোসোধাকৈ তোলাৰ বাবে খং উঠিব লাগিছিল কিন্তু এনে এটা মূহুৰ্ত ধৰি ৰখাৰ বাবে তেওঁলৈ অাৰু বেছি মৰম লাগিল। এটা মিঠা উপহাৰ, হয়তো জন্মদিনৰ সৰ্বশ্ৰেষ্ঠ উপহাৰ।
:ভাল লাগিছে, মানে বহুত ধুনিয়া।
:দেউতা অাৰু তুমি একেলগে থাকিলে সব ভাল লগাই হয়।
এই মানুহজন, ইমান আবেগিক অথচ ইমান কঠোৰ। কিয় এনেকুৱা? কি লুকাই অাছে এই কজলা চকুজুৰিত, কি দেখা পোৱা নাই মই এতিয়াও, নে দেখিও বুজা নাই!
ফটো খনকে চাই চাই বহি আছো, নিশা নহালৈকে এই সময়খিনি কেনেকে পাৰ কৰোঁ???
হঠাতে তেওঁ কাষ চাপি আহিল, আকৌ এবাৰ উশাহত তেওঁৰ সুগন্ধি, একেবাৰে ওছৰৰ পৰা। চুলিৰ ক্লিপডাল খুলি দিলে। আঁতৰি যোৱাৰ বাট নাই, কিয় জানো ইচ্ছাও নাই অাজি।
:মই বেয়া পোৱা কামবোৰ কৰি বৰ ভাল লাগে ন?
একো কোৱা নাই, আইতাৰ গালি কেইটালৈ মনত পৰিল।
তললৈ মূৰ কৰি বহি আছো।
:মেখেলা চাদৰ পিন্ধি আঁহা পূজালৈ?
:হমম।
:মোৰ আগত নাহিবা।
:কিয়?


:লৈ যাম, এতিয়া নুসুধিবা কলৈ।
নাই সোধা, এনেকুৱা কথাবোৰ নোসোধাকৈ থকাই ভাল।
তেওঁ মোলৈ চাই আছে মই জানো, কিন্তু সেই চাৱনিৰ মাজত নিজক হেৰুৱাও বুলি ভয়ো লাগে কেতিয়াবা, চকুকেইটা ফটো খনতে ৰাখিছো, তেওঁলৈ চাব নোৱাৰোঁ এতিয়া।

:let me see you Astha, please
:…
:please Astha.
মোৰ তুলি চালো, ইমান বেছি আকুলতা, ইমান বেছি গভীৰতা ! বহুত কিবা কিবি কব খোজে এই চকুযোৰে, যিবোৰ তেওঁ মুখেৰে নকয়, নোৱাৰে কব। চাই লওক, মোক প্ৰাণ ভৰি চালেই যদি তেওঁ সুখী, মই তেওঁক সেইকণ সুখ দিব বিচাৰো।কিমান সময় পাৰ হল নাজানো, মৌন হৈও মুখৰ এই সময়, গালে মুখে আবিৰ সানে প্ৰতিটো পলে, সামৰি ৰাখিব খোজো প্ৰতিটো অনুপল, এই সময় আমাৰ, ভাল লগা, মিঠা মিঠা।
বাৰে বাৰে চুলিকেইডাল উৰি আহি গালে মুখে সোমাইছে, সোঁহাত খন তুলি ঠিক কৰিব খোঁজোতেই তেওঁ অাৰু অলপ কাষ চাপি আহি হাতখন খামুচি ধৰিল বাওঁহাতেৰে , মই কিবা ধৰিব পৰা আগতেই সোঁহাতেৰে মোৰ চুলিকেইডাল কাণৰ কাষলৈ গুজি দিলে। আকৌ এবাৰ উশাহ টো ছুটি হৈ গল। নিজৰ বুকুৰ শব্দ নিজেই শুনিছো, গালখন পুৰিছে, নহয় গোটেই গাটো জ্বৰ উঠা নিচিনাকে কঁপিছে।
নোৱাৰোঁ, ইমান বেছি কাষৰপৰা তেওঁক এতিয়াও ভাবিব পৰা নাই মই।
চকুকেইটা জোৰকৈ মুদি দিছো, তেওঁৰ নিস্বাসৰ শব্দ মোৰ কাণত।
কি কৰিব খুজিছে?
কি হব পাৰে এতিয়া?
:মোক পূজাৰ গিফ্ট নিদিয়া?


:…….
:মনত নাই মই কি কৈছিলো?
:ওহোঁ।
:ঠিক আছে, মই নিজে লৈ লওঁ।
গালখনত তেজবোৰ অাৰু বেছি থুপ খাইছে, তেওঁৰ ওঁঠযুৰি লাহে লাহে মোৰ ৰঙা গালখনৰ ওচৰ চাপি আহিল ।
:Astha, May I?
:ওহোঁ ।
লাহে লাহে দুয়োৰে মাত অস্ফুট হৈ আহিছে, নতুন অনুভব সাৰ পাব খুজিছে, লাজ ভয় এইবোৰ পাহৰি পাৰিম জানো সাৱটি লব এই নতুন আৱেগ?
:কিয়?
কেনেকৈ বুজাও যিখিনি মই নিজেও বুজা নাই, নোৱাৰোঁ মই ইমান আগবাঢ়িব।
:আ আপুনি চিগাৰেট খাই, সেইকাৰণে।
কি ওলালে মুখত নাজানো, কিবা এটা কলো, মুঠতে মই নোৱাৰোঁ তেওঁক সন্মতি দিব।
:WHAT!!!!! are you seriouse?
তেওঁ অলপ আঁতৰি আচৰিত হৈ মোলৈ চালে, বুৰ্বকৰ নিচিনা কিবা এটা যে কৰিলো গম পালো।
:I can’t kiss you because I smoke? You are impossible Astha.
ধামকৈ দৰজা খুলি ওলাই গল তেওঁ, বৰষুণত তিতি গাড়ীৰ আগফালে ৰৈ আকৌ চিগাৰেট জ্বলালে। কিয় খং উঠিল? এইয়া অভিমান নে অধিকাৰ নোহোৱাৰ আক্ষেপ? বুজিবলৈ চেষ্টা নকৰোঁ এতিয়া, সাজু নহয় মই।
তেওঁ কাৰোবাক ফোন কৰিছে।
নিশা ঘূৰি আহিল অলপ পিছত, মোৰ কাষতে বহিল। কাপোৰবোৰ আধা তিতা।
চিগাৰেট শেষ কৰি অৰ্ণৱো আহিল। মুখত বৰষুণৰ টোপাল।
ৰীয়েৰ ভিউ মিৰৰত এবাৰ মোলৈ চালে তেওঁ, এইবাৰ খঙৰ বাহিৰে একো বেলেগ নাছিল সেই চাৱনিত।
এক মিনিট!
হে ভগৱান, তেওঁ যাব আমাৰ ঘৰলৈ??????????????

আগলৈ…

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

Post a Comment

0 Comments
close