JEC LOVE STORY Chapter 1 Part 12

 

JEC Part 12

JEC LOVE STORY Chapter 1 Part 12

:কি হল অই। একদম জলি পকি আছে যে?
নিশাই ফুচফুচাই শুধিলে। কেনেকৈ কওঁ মই? লাজতে গোটেইজনী মৰোঁ যেন হলো।
:ইমান কিউট ফটো খন, চাওঁ চাওঁ দে না।
টান মাৰি লৈ গ ল মোৰ হাতৰপৰা।
:অৰ্ণৱ দাই দিলে? এইখনচোন আমি চাহ খাবলৈ যাওঁতে উঠোৱা। বাহ্ অৰ্ণৱ দা বাহ্।
আপুনি কিন্তু ‘জেং’ মানুহ।
জেং, বাঁহ দিয়া, bambo দিয়া এইবোৰ শব্দ অামি JEC আহি শিকিলো, নিশাৰ মুখত বেছিকে চলে আজিকালি।
তেওঁ একো কোৱা নাই, মনে মনে গাড়ী চলাইছে, মাজে মাজে মোৰ ফালে চায়, মই তলমূৰ কৰো। নিশাই আমাৰ ঠাইডোখৰ চাই চাই কৈয়ে তত পোৱা নাই, ইমান ধুনিয়া, ইমান সেউজীয়া। আনদিনা হোৱা হলে মই চাগে তাইক এফালৰ পৰা সব বৰ্ণনা দি গলো হেতেঁন, অাজি মাত্ৰ তাই কিবা সুধিলেহে উত্তৰ দিছো। মনৰ ভিতৰখন অশান্ত মোৰ,ভয়, লাজ, অভিমান… অলেখ আৱেগৰ বা মাৰলি। তেওঁ একোৱেই সোধা নাই, মইহে ৰাস্তাটো মাজে মাজে কেনি যাব লাগে কৈ আছো।
ঘৰ পালোহি। নিশা অাৰু মই নামি আহিলো, তেওঁ গাড়ীখন ঘূৰাই অলপ আগত থবলৈ গল।
:পালাহি নে আইজনী? অাৰু কোনোবা আহিছে নি?
গাড়ীৰ মাত শুনি দেউতা বাৰাণ্ডা লৈকে ওলাই আহিলে, মোক দিয়াৰ দৰে নিশাৰ মোৰতো হাত বুলাই দিলে। পিতৃস্নেহ! বেচেৰী হয়তো বহুদিনৰ পৰা বঞ্ছিত এই সুখানুভূতিৰ পৰা। চলচলীয়া চকুৰে এবাৰ মোৰফালে এবাৰ দেউতাৰ ফালে চালে। মৰমেও কন্দুৱাই, আমিবোৰ এনেকুৱাই।
:তোমালোক ভিতৰলে আহি বঁহা, মই আকৌ অাজি ৰান্ধনী বুইছা নাই। ৰবা সেইবোৰ কি হৈছে ঠিক নাই।

দেউতাই মোৰ জন্মদিনত কিবা এটা ৰান্ধে। আজিও ব্যতিক্ৰম নহয়, সেইবাবে পূজা ঘৰত সেৱা কৰিয়েই গুচি আহিল। দেউতাৰ সেই ‘বিশেষ’ ব্যঞ্জন ৰান্ধিবলৈ।
নিশা নিজেই সোমাই গৈ দ্ৰয়িংৰুমত বহিল, ফেন খন চলাই কাপোৰ শুকুৱাইছে, অাৰু মই তেওঁৰ বাবে এতিয়াও বাৰাণ্ডাৰ মুখতে ৰৈ আছো। কিনো কৰিছে চালো। গাড়ীৰ ভিতৰতে বহি আছে। আগবাঢ়ি গলো।
: ভিতৰলৈ আহক।
:মই কি বাহিৰত আছো নি এতিয়া? গাড়ীৰ ভিতৰতে আছো।
:নহয় মানে ঘৰৰ ভিতৰলে।
:কিয়?
:উৱা, কিয় মানে? ইয়াতে থাকিব আপুনি?
:You want me to come?
খং অলপ কমা যেন লাগিল।
:হমম।
:are you sure miss Astha??
এফালৰ চেলাউৰি কোঁচা দাঙি অলপ বেঁকা হাঁহি এটা মাৰি তেওঁ কথাটো সুধিলে, মোৰ বুকুখন আকৌ এবাৰ ধক কৰি গল। তেওঁ গাড়ীৰ বক্সটো খুলি প্ৰথমে মাউথ ফ্ৰেচনাৰ এটা উলিয়াই মুখৰ ভিতৰলে স্প্ৰে কৰিলে, তাৰপাছত গা ধোৱাৰ নিচিনাকে গোটেই গাতে body spray লগালে, ৰৈ ৰৈ ভাবিছো, ডাঙৰ মানুহৰ আগত চিগাৰেটৰ গোন্ধ লুকুৱাবলৈ যদি ইমান কষ্ট কৰিব লাগে, তাতকে নাখালে নো কি হয়। দৰজাখন খুলি ওলাই আহিল। আগে আগে মই পিছে পিছে তেওঁ।
:চেণ্ডেল কিয় পিন্ধা নাই?
ভৰি কেইটালৈ চালো, বাৰাণ্ডা মুখতে খুলিছিলো, তাতে এৰিলো।
:শুদা ভৰিৰে তিতা বননিত খোজ কাঢ়ি ভাল লাগে।
সেইতো আমেজ সুকীয়া, তেওঁক বুজাই লাভ নাই।
:সেইবোৰ কাম পোৱালি বোৰে কৰে।
হব, মই পোৱালিয়ে বাৰু। গৈ আছো, অলপ আগবাঢ়ি ঘূৰি চাই দেখো, তেওঁ ফুলনিৰ জেওঁৰা খনত ধৰি জোতা খুলিছে। ভিজা বননিত ভৰিটো পেলাই চকুকেইটা জপাই দিছে। কৰবাত হেৰাই যোৱা সৰু লৰাটো সাৰ পাই উঠিছে নেকি?
জোতাযোৰ হাতত লৈ মোৰ ওচৰ পালেহি।
:now what?

:ধুই লব লাগিব, ৰব।
:নিশা, শুনচোন।
নিশাই দুইটাৰ কাৰণে পানী আনি দিলে।
:হি হি,আমাৰ পোৱালিয়ে আপোনাক কি কি কৰাইছে অৰ্ণৱ দা!
ভিতৰ সোমাই পাকঘৰ পালোগৈ, দেউতা তেতিয়াও তাতে, কি কম ভাবি পোৱানাই, তেওঁ কিয় আহিছে বুলি সুধিলে কবলৈ একো উত্তৰ নাই। বুকুখন ধপধপাই আছে। পানী দুগিলাছ লৈ ওলাই আহিলো। পিছে পিছে দেউতা।
:আৰে ডেকা লৰা, তুমি আহিছা বুলি গমেই নাপাও চোন, নিশাৰ লগতে আহিছা নিকি?
:অ আংকল, অৰ্ণৱ দা মোৰ কাজিন হয়, আমাৰ ঘৰলে আহিছিল অাজি, মইতো ইয়ালে অহাৰ কথা আছিল, সেইকাৰণে কলো আপুনিও বলক। বেয়া কৰিলো নেকি?
গোকাট মিছা কথা এটা কৈ দিলে। চকুকেইটা ডাঙৰ হৈ গল মোৰ। তেওঁৰ ফালে চালো,সেই বেকা হাঁহিটো আকৌ ফুটি উঠিল।
:বৰ ভাল কৰিলা দেই, পূজাই বিহুৱে আলহী দুলহী আহিলে ভালহে পাওঁ, তাতে আকৌ মাজনীৰ জন্মদিন নহয় অাজি। তোমালোকে গম পোৱা নাই জানো।
:হয় নেকি, happy birthday Astha.
কি? তেওঁ নাজানে মোৰ জন্মদিন বুলি? ইমান মিছা কথা কেনেকে কব পাৰে।
পানীৰ গিলাছ দুটা লৈ ভিতৰ সোমালো, পিছে পিছে নিশা।
:দেখিছ মই কেনেকুৱা জেং, কি তামাম মিলাইছো বে সব। good job Nisha.
নিজেই নিজৰ কান্ধত থপথপাই দিলে নিশাই। পাকঘৰৰ শ্লেবখনত বহি ভৰি কেইটা জোকাৰি জোকাৰি ধেৰ কথা কৈছে তাই, এইকেইদিন লগ নাপাওঁতেই বহুত কথা জমা হল। মই চাহৰ লগত খোৱা বস্তুবোৰ প্লেট এখনত সজাই আছো।
:আংকলে সচাকে অৰ্ণৱ দা মোৰ কাজিন বুলি ভাবিছে!
কিয় জানো দেউতাক মিছা কথা কৈ মনটো ভাল লগা নাই,নিজকে অপৰাধী যেন লাগিল। কিমান সহজতে সব বিস্বাস কৰি লয় মানুহজনে!
:মিছা কথা কব নাপায়।
:কিয়, নমোয়ে দুখ ধৰিব?
অৰ্ণৱ। তেওঁ কিয় আহিছে ভিতৰলে?

চাহৰ প্লেটখন নি চেণ্টাৰ টেবুলখনত থলো।তেওঁ নাইচোন। বাহিৰলৈ ওলাই চালো। বাৰাণ্ডাৰ ওখ চিৰি কেইটা আইতাই উঠিব পৰা নাই। দেউতাই অাৰু তেওঁ ধৰি ধৰি আনিছে।ভিতৰলৈ আনি দৰ্জাৰ ওচৰতে থকা ‌সৰু ছ’ফাখনত বহুৱাই দিলে।আইতাৰ সন্মুখত থকা ডাঙৰ ছ’ফাখনত দেউতা আৰু তেওঁ বহিছে। ওচৰতে থকা সৰু বিচনাখনত নিশা।
:হব বোপাই, পাৰিম দিয়া, তুমি হবলা আমাৰ সৰু মাইনাৰ কলেচৰ ?
আইতাই কলেজ তো কলেচ বুলি কয়। শুনি শুৱলা পাওঁ বাবে কোনেও শুধৰাই দিয়া নাই।
:হয় আইতা।
আৰু কিবাকিবি সুধি আছে আইতাই, তেওঁ খুব উত্সাহেৰে উত্তৰবোৰ দিয়া যেন লাগিল। আচলতে আইতাৰ লগত কথা পাতি সকলোয়ে ভাল পায়। কেৱল আইতাৰ মাত এষাৰ লব লৈকে ওচৰ চুবুৰীয়া মানুহ প্ৰায় সদায় বৰদেউতাৰ আহে। কিন্তু তেওঁ আইতাৰ সৈতে এনেকে কথা পাতিব বুলি সপোনতো ভবা নাছিলো।
ভাবি কেতিয়াবা আচৰিত হওঁ। খং, অভিমান, জেদ কিয় এই সকলোবোৰ কেৱল মোৰ কাৰণেই? মোৰ ওচৰত কিয় বাৰে বাৰে সংযম হেৰুৱাই পেলায় তেওঁ?সুধিব বিচাৰো তেওঁক, কিন্তু নোৱাৰোঁ। ভয় লাগে। মোৰ প্ৰশ্নই যদি তেওঁৰ পুৰণা ঘাঁত আঘাত কৰে!

চেনি নিদিয়াকৈ দুটা কাপত চাহ বাকিলো। দেউতাৰ ডায়েবেটিছ আছে, সেইবাবে মিঠা কমাই খায়। বাইদেউৰ দোকানত তেওঁ ও সদায় চেনি নিদিয়া চাহ বিচাৰে। নিশাৰ ভাষাত তেওঁ ফিটনেচ ফ্ৰিক। নাখায় যেতিয়া নিদিওঁ। চাহ কাপ আগবঢ়াই দিলো।
আইতাৰ চাহকাপত চেনি এচামুচ গুলি কাঁহৰ বাটি এটাত ঢালি আগবঢ়াই দিলো, চাদৰৰ আঁচলটো আগলৈ টানি চাহৰ বাটিটো তাতে লৈ খোৱাটো আইতাৰ অভ্যাস।
:মাজনী, এওঁক চেনি নিদিয়া চাহ দিলি যে।
:মই মিঠা অলপ কমাই খাওঁ আংকল।
:ওৱ ‘ আই, তোমাৰো হবলা আমাৰ সৰু পোনাৰ নিচিনাকৈ কিবা হেই চেনি বেছি হোৱা বেমাৰ আছে????
:WHAT? NOOO.
হে প্ৰভূ, খং উঠিল ছাগে আকৌ।
নিশাই পেটত ধৰি হাঁহি হাঁহি বিচনাখনতে পৰি দিছে।
তেওঁ মোৰ ফালে চালে,মুখ খন ৰঙা। লাজত নে খঙত নাজানো।
পৰিস্থিতি বিষম হোৱা আগতে চম্ভালিব লাগিব।
:আইতা সেইবোৰ বাদ দিয়াচোন, চাহকাপ ভাল হৈছেনে? তুমি ভালপোৱা কাৰণে ইলাচি দি দিছো।
:ভাল হৈছে আকৌ। বৰ সোৱাদ হৈছে।
ওচৰ চাপি আইতাৰ ছফাখনৰ হাত থোৱা জেগাখিনিত বহিলো।
:এওঁক নিদিলি চোন? তোমাৰ কথা শুনিয়েই থাকো বুইছা, আজিহে দেখিলো। সৰু মাইনাৰ লগৰী ন।
নিশা আহি আইতাৰ ভৰি চুই সেৱা কৰিলে।চাহৰ বাতিটো মোৰ হাতত দি নিশাক সাৱটি ধৰিলে আইতাই। গালে মুখে টপৰ টপৰ চুমা দুটামানো খালে। দিয়ক, অাৰু মৰমেৰে উপচাই দিয়ক তাইক। পৰা হলে মোৰ ভাগৰ মৰমখিনিও দিম মই তাইক। নোপোৱাৰ যাতনাই নিশাক খুলি খাবলৈ নিদিওঁ মই। তিৰবিৰাই থকা চকুকেইটাৰে তাই এবাৰ মোৰ ফালে চালে, সামৰি থ নিশা, এই মৰমবোৰ বৰ দুৰ্লভ।নিশাৰ লগতে মোকো ছপাই নি চুমা এটা খালে আইতাই। কিজানিবা মই অভিমান কৰোঁ।
:তেনেই সৰুতে চুলি পকিলে হেৰৌ।তেল তোল অকণ ঘঁহিব লাগে। আমাৰ এইজনীক মই আগতে সদায় নাৰিকল তেল ঘঁহি দিওঁ। অাজি তোমাকো দিম দেই।
গম পাইছিলো নিশাৰ highlight কৰা চুলি দেখি আইতাই তেনেকুৱা কিবা এটাই কব।
নিশাই বেয়া পাইছে নেকি বুলি তাইৰ ফালে চালো, নাই, মুখ টিপি টিপি হাঁহি অাছে, অৰ্ণৱেও মাজে মাজে ৰখাব নোৱাৰি মুখ টিপি হাঁহিছে। নমো, আইতাই যেন মোৰ কথা একো নুলিয়াই।
:ইচ ৰাম। আকৌ পৰিলাও নি কবাত। আঁঠু চোন চেল খাই আছে। কাপোৰো ফাটিলে দেহি। গেলা বতৰ বুইছা। গোটেইখন পিছল। বেছি দুখ পালা নি মাজনী। মই চিলাই দিম ৰবা।
এইবাৰ আঁঠুৰ ওচৰতে ফটা পেন্ট টোলৈ চকু গল আইতাৰ।


:তুমি আমাৰ এইৰ ভাগৰ কিবা এটা সলাই পিন্ধিব পাৰিবা। চোলা এটা তাইকো দে আকৌ সৰু মাইনা। নিজেও চোন মেখেলা চাদৰ সলোৱাই নাই। এইযোৰ কাপোৰ আকৌ মই দিছো বুইছা নাই। বোলো ওঠৰ বছৰীয়া হলি এতিয়া, মেখেলা চাদৰ হে দিম। কাইলে পৰহিলে বিয়া বাৰু দিলে চোন লাগিবই। পিছে এইক নো কেনেকে বিয়া দিম জানো। তেনেই কেঁচুৱা ছোৱালী নিচিনা হৈয়ে আছে। মই বোলো তোৰ বয়সত মই তিনিটা লৰা ছোৱালীৰ মাক হলো।
লাজতে মৰো যেন লাগিছে। আইতাই কি কি কব এতিয়া ঠিক নাই। আঁৰ চকুৰে তেওঁৰ ফালে চালো। নাই আইতাৰ কথাবোৰ শুনা নাই। দেউতাৰ লগত কিবা গভীৰ আলোচনাত মগ্ন। ৰক্ষা।
:আইতা কিনো কথাবোৰ কৈ থাকা।
নিশাই কিন্তু বৰ ৰস পাইছে আইতাৰ কথাত। খুচৰি খুচৰি মোৰ কথা উলিয়াইছে। আইতাই এফালৰ পৰা সৱ গাই গৈছে।
:এইজনী আমাৰ ঘৰখনৰ জীৱ টো বুইছা। কেতিয়াবা ভাবো বিয়া বাৰু নিদিওঁ,মোৰ ওচৰতে থাকক।
:but why damn it?
একেজাপে বহাৰ পৰা উঠিলে। দেউতাই ধৰিবই পৰা নাই কি হল।
মানে তেওঁ শুনিলে।
ইয়াৰ পিছৰখিনি মই নাভাবো।
:তেনেই বেঙে জাপ মৰা দি জাঁপ মাৰি উঠিলা যে। অাৰু কথাষাৰ কিবা বিদেশী ভাষাত কলা হব পায়। বুজি নেপালো নহয়।
এইবাৰ খং উঠিছে তেওঁৰ। কিয়? নাজানো।
:আইতাই এনেই জমাই অাছে অৰ্ণৱ দা।take a chill man.
নিশাৰ কথাত তেওঁ অলপ শান্ত হোৱা যেন লাগিল।
:তোমালোক অকণ বহা, মই এওঁলোকক আগবঢ়াই আনোগৈ। বতৰো বেয়া। শৰাই সফুঁৰা সব লৈ আহিবলৈ দিগদাৰ হব। মই স্কুটাৰখন লৈ অলপ আগবাঢ়ি যাও।
:বেয়া নাপায় যদি মোৰ লগতে বলক। গাড়ীখন লৈ গলে সুবিধা হব।
মানুহজনৰ এই কথাবোৰ মোৰ ভাল লাগে। সহায় কৰি ভালপোৱা স্বভাৱ অাজিৰ দিনত বিচাৰি পোৱা টান। দেখি ভাল লাগে তেওঁ যেতিয়া বাইদেওক চিলিণ্ডাৰ তো উঠাই নিয়াত সহায় কৰি দিয়ে, দোকান বন্ধ কৰিবৰ সময়ত বস্তু কেইটা কঢ়িয়াই অটখনত উঠাই দিয়ে। কোমল মন এটা নহলে জানো এনেবোৰ কাম সম্ভৱ।


:বৰ ভাল হব হে, ৰবা মই ভৰি হাত তিয়াই কাপোৰ কেইটা সলাই লওঁ,পূজা ঘৰলৈ যাম নহয়।
দেউতা ভিতৰলৈ যোৱাৰ লগে লগে তেওঁ বাহিৰলৈ ওলাই গল। যাওঁতে চকুৰ ইংগিতেৰে মোকো মাতি থৈ গল। আইতা অাৰু নিশা নিজৰ কথাত মচগুল।
লাহেকে আঁতৰি তেওঁৰ পিছে পিছে খোজ ললো। বৰদেউতাহঁতৰ ঘৰৰ ফালৰ ৱালখনত আউজি ৰৈ আছে । এইবাৰ অলপ চিন্তিত যেন লাগিল তেওঁক।
অলপ আঁতৰি ৰৈ আছো। একো কোৱা নাই। নকয় চাগে। ঘূৰি গুচি আহিব লওঁতেই বাওঁহাতখনত খামুচি ধৰিলে।
:you can’t escape miss Astha.
ধক্।
একেটানে নি ওচৰ পোৱালেগৈ, গুলপীয়া কাপোৰযোৰতকৈ বেছি চাগে মোৰ গালখন হে গুলপীয়া হৈছে। কপালত টোপ টোপ ঘাম। পুজা ঘৰত দিয়া সেন্দুৰৰ ফোট টো বৈ গৈছে। তেওঁ হাতেৰে ঠিক কৰি দিব খুজিলে।
নাই, অাৰু নোৱাৰোঁ। হাতখন আঁতৰাই দুখোজ পিছুৱাই আহিলো।
:আইতাই কিয় তেনেকৈ কৈছে?
:কি কলে নো?
:তুমি জানা মই কি সুধিছো।
:…..
:তুমি সদায় আইতাৰ লগতে থাকিবা?
উফ্। আইতাই কিবা এটা এনেই কলে আৰু। সেইটো কথাতে ইমান খং উঠিব লাগেনে।
:আইতাই ধেমালি কৰিছিলে।
:মই নাই কৰা কিন্তু।
:মানে?
:মানে কি তুমি জানা।
এই মানুহজন কিয় ইমান অবুজন? সব কথাতে অধীৰ।
:I need one more answer.
:কি?


:আইতাই সদায় এনেকে মৰম কৰে?
সোঁ ফালৰ গালখনত আইতাই চুমা দিয়া ঠাই কণত আলফুলে হাত বুলাই দিলে তেওঁ।
চকু মুদি সামৰি লৈছো ভালপোৱাৰ মিঠা অনুভৱ।
ৰৈ যা সময়। ৰৈ যা।
বৈ যাব দে আবেগৰ পাৰভঙা নৈ খন।
সপোনৰ সীমনাত দেও দি নাচিব দে মোক প্ৰথম প্ৰেমৰ মাতাল ৰাগীত।
:আস্থা!
:হমম
:আইতাই তো বহুত তামোল খাই, মই দেখিছো। তাত প্ৰব্লেম নাই? চিগাৰেট লৈ ইমান প্ৰব্লেম কিয়?
এইটো কেনেকুৱা প্ৰশ্ন! সপোনৰ দেশৰ পৰা আহি দিঠক পালোহি।
তেওঁ সঁচাকে বুজা নাই মই কিয় তেনেকে কলো। আইতা অাৰু তেওঁৰ মৰম একে হব পাৰে জানো।
:আইতাই মোক বহুত মৰম কৰে।
:মইয়ো কৰো।


:কি??
:Nothing. You will never understand.
মোক তাতে এৰি গুচি অহিল, দেউতাৰ সৈতে গাড়ীত বহিলগৈ।
এই অদ্ভুত মানুহজন! কি বিচাৰে মোৰ পৰা, কি নাইপোৱা তেওঁ জীৱনত?

…. আগলৈ

-------------------------------------------------------------------------------------------------------------------------------------------------------

Indranee


Published by Indranee Sharma

Post a Comment

0 Comments
close