JEC Part 13
দেউতাহঁত ওলাই যোৱাৰ পিছত কাপোৰ যোৰ সলাই ললো।দাদাই কপাহী সূতাৰে বোৱা ৰঙা কুৰ্তা এটা দিছিল ৰাতিপুৱা। সেইটোকে উলিয়াই পিন্ধিলো। লগত বগা পাটিয়ালা পেন্ট অাৰু চুৰ্ণী এখনো দিছে। অাইনাখনত এবাৰ নিজকে চালো।
কপাল খন সেন্দুৰৰ ৰঙেৰে ৰঙা।
তাতোতকৈ বেছি ৰঙা তেওঁ চুই দিয়া গালখন।
আইতা অাৰু নিশা এইবাৰ কথা পাতিবলৈ ডাইনিং টেবুলত বহিলহি। মইও গৈ ওচৰতে বহি বিলাহী কেইটাকে কাটি আছো। ভাতৰ যোগাৰ ৰাতিপুৱাই মায়ে মইয়ে অলপ আগবঢ়াই থৈছো। মাত্ৰ মা আহি মাছৰ টেঙা খন বনাব।নিশাজনীকে চাই আছো, অাজি যেন বেলেগ এজনী নিশা অাছে মোৰ লগত। খিলখিলাই হাঁহিছে, আইতাৰ সোতোৰা পৰা গালখন চিকুটি চাইছে। চকুকেইটা সেমেকি আহিল।
ভালপোৱা মানুহবোৰ সুখী হলে ভাল লাগে!
গাড়ীৰ শব্দ শুনি ওলাই আহিলো। মা দেউতা বৰ্মা বৌ সব আহিছে তেওঁৰ লগত।
বৌয়ে মোলৈ চাই বেলেগ ধৰণৰ হাঁহি এটা মাৰি চকুটো টিপিয়াই দিলে। কিবা গম পোৱা নাইতো?
:অামি কাপোৰ কানি সলাই আহিম গৈ দেই মাইনা। মাৰক লাগি মেলি দিম হি। মই ইমান কৈছো অাজি বোলো নেলাগে আলহীও আছে। নুশুনে হেৰৌ। বোলে সদায় তাইৰ জন্মদিনত সবেই আমাৰ ঘৰত খায়,আজিও খাব লাগিব।
কপাল খন সেন্দুৰৰ ৰঙেৰে ৰঙা।
তাতোতকৈ বেছি ৰঙা তেওঁ চুই দিয়া গালখন।
আইতা অাৰু নিশা এইবাৰ কথা পাতিবলৈ ডাইনিং টেবুলত বহিলহি। মইও গৈ ওচৰতে বহি বিলাহী কেইটাকে কাটি আছো। ভাতৰ যোগাৰ ৰাতিপুৱাই মায়ে মইয়ে অলপ আগবঢ়াই থৈছো। মাত্ৰ মা আহি মাছৰ টেঙা খন বনাব।নিশাজনীকে চাই আছো, অাজি যেন বেলেগ এজনী নিশা অাছে মোৰ লগত। খিলখিলাই হাঁহিছে, আইতাৰ সোতোৰা পৰা গালখন চিকুটি চাইছে। চকুকেইটা সেমেকি আহিল।
ভালপোৱা মানুহবোৰ সুখী হলে ভাল লাগে!
গাড়ীৰ শব্দ শুনি ওলাই আহিলো। মা দেউতা বৰ্মা বৌ সব আহিছে তেওঁৰ লগত।
বৌয়ে মোলৈ চাই বেলেগ ধৰণৰ হাঁহি এটা মাৰি চকুটো টিপিয়াই দিলে। কিবা গম পোৱা নাইতো?
:অামি কাপোৰ কানি সলাই আহিম গৈ দেই মাইনা। মাৰক লাগি মেলি দিম হি। মই ইমান কৈছো অাজি বোলো নেলাগে আলহীও আছে। নুশুনে হেৰৌ। বোলে সদায় তাইৰ জন্মদিনত সবেই আমাৰ ঘৰত খায়,আজিও খাব লাগিব।
জানো, মায়ে কেতিয়াও নামানে। মোৰ জন্মদিনত যিমান পাৰে সিমান মানুহক খুৱাব।
ভিতৰলৈ সোমাই আহোঁতে মায়ে তেওঁক ইতো খাই ভাল পোৱানে, সিটো খাই ভাল পোৱানে সুধি আছে।
তেওঁ মাথোঁ মূৰ দুপিয়াই সন্মতি দি আছে।
দৰজা মুখতে মোক দেখি থমকি ৰল,ভাবিছিলো প্ৰিয় ৰঙত মোক দেখি তেওঁ সুখী হব। কিন্তু মেখেলা চাদৰ যোৰ সলাই পেলোৱাৰ বাবে অলপ অসন্তুষ্ট যেনহে লাগিল। গাৰ কাষেদিয়েই পাৰ হৈ গৈ আকৌ ছফাখনত বহিলগৈ।দেউতাও তেওঁৰ ওচৰতে বহিল।
:বহাচোন দেই মই প্ৰসাদ কণ সজাই আনোগৈ।জীউ এইখিনি ধৰচোন।
মাৰ লগত ভিতৰ সোমাই আহিলো, টেবুলতে প্ৰসাদৰ টোপোলাটো খুলিলো।
কলপাতত প্ৰসাদ সজাই মায়ে প্ৰথমে আইতাক দি সেৱা এটা কৰিলে। এইটো আমাৰ ঘৰৰ নিয়ম। ভগৱানৰ পিছতে আইতাৰ স্হান।
:ময়ো এনেকে কলপাতত খাম দেই আন্টি।
:উৱা খাবা আকৌ। তই এই দুভাগ বাহিৰলৈ লৈ যাচোন জীউ।
কাঁহী এখনতে প্ৰসাদ দুভাগ লৈ ওলাই আহিলো।
:লৈয়ে আনিলি নি, ৰ মই আকৌ তামোল এখন খালো পূজা ঘৰতে। মুখ খন আওখালি লওঁ। বৌটিয়ে ললে নি প্ৰসাদ? সেৱা এটিও কৰি লওঁ। তুমি খোৱাচোন দেই।
কলপাত খন তেওঁৰ ফালে আগবঢ়াই দিলো। ভালকৈ ধৰা নাছিল, পৰিব খোজোঁতেই থাপ মাৰি ধৰিলো। মাটিত পৰিৱ নাপায়। কিন্তু সেয়া কৰিবলৈ গৈ তেওঁৰ কিমান ওচৰ পালোগৈ নিজেই গম নাপালো। আচৰিত হৈ মোৰ ফালে চালে।
মোৰ অবস্থা দেখি গম পালে অজানিতে হল বুলি। লাজে ভয়ে হেঁচা মাৰি ধৰা মোৰ অবস্থাটো দেখি তেওঁৰ মূৰত কি খেলালে নাজানো।
কাণৰ কাষত আকৌ এবাৰ তেওঁৰ সেই অস্ফুট মাত..
:don’t come so close with your red dress and red blush miss Arrogant, you may get addicted to smoking too…..
ধক্ ।
তেওঁৰ ফালে চালো, চকুকেইটা অলপ সৰু কৰি সেই বেকা হাঁহিটো মাৰিলে। কিহে পাইছিলে মোক ইমান ওচৰলৈ আহিবলৈ। সোনকালে পলাব পাৰিলেই হল। আতৰি আহিলো। কিন্তু দুখোজ যাওঁতেই…
:wait.
হাতেৰে টানি ৰখাব নোৱাৰিলে কি হল, তেওঁৰ এই এটা শব্দই মোক একে ঠাইতে ৰৈ যাবলৈ বাধ্য কৰায়।
:Astha, come here.
ঘূৰি চালো। কি হল?
:RED কিয় পিন্ধিছা?
:এনেই।
:but you hate it right?
:…
:are you wearing it for me?
……
:Astha, look at me?
:…
:are you trying to tell me something?
কি কৈছে এইবোৰ? গম পাই যোৱা নাইতো মোৰ মনত কি চলি আছে? কিয় পিন্ধিছিলো তেওঁৰ প্ৰিয় ৰং?
প্ৰসাদৰ পাতখিলা টেবুলত থৈ উঠি আহিল।
:come with me.
হাতখনত ধৰি টানি লৈ গল, মাহঁত ভিতৰত কথাত মচগুল, দেউতা বাথৰূমত। কোনে বচাব এতিয়া মোক। কলৈ নিছে? কি কৰিব এতিয়া।
ৰখাই থোৱা গাড়ীখনৰ পিছফালে লৈ গল।
কিয় এনেকুৱা কৰিছে? কি হৈ গল হঠাতে? গাড়ীৰ পিছফালে তেওঁ অাৰু মই, সন্মুখত সৰু ফুলনিখন।
গাড়ীখনত যেনেতেনে আউজি ৰৈছো, তেওঁৰ দুখন হাত মোৰ দুয়োফালে গাড়ীৰ গ্লাছখনত এনেদৰে থোৱা আছে যে মই আঁতৰি যাবও নোৱাৰোঁ।
:I need answer Astha.
:কি উত্তৰ লাগে? Please যাবলৈ দিয়ক।
:you have played enough, now tell me what do you exactly feel for me?
ধক্।
হঠাৎ তেওঁ কিয় সুধিছে এই প্ৰশ্ন? কি উত্তৰ দিম মই?
:যাবলৈ দিয়ক, please.
ঘৰৰ ওচৰত এনেকে মোক জেৰা কৰিলে মই বাৰু কি উত্তৰ দিম! মোক নেদেখি যদি কোনোবা এইখিনি পায়হি?
হাতখনৰ তলেদি সৰকি ওলাই আহিলো। নোৱাৰিলোঁ। আকৌ টানি নি একেধৰণেৰে ৰখাই থলে।
:Answer me damn it.
:একো নাই কবলে।
মাতটো কৰপৰা ওলাইছে নাজানো।
:কি কৰি আছা এইবিলাক আস্থা? কিয় তুমি এনেকুৱা? খং নুঠে মোৰ ওপৰত? বেয়া নোপোৱা মোক? কেতিয়াও একো নোকোৱা কিয়?
:….
: I am going mad Astha, just say something. Scold me, shout at me, but please, at least say something. I wanna know what you feel for me.
:সচাকৈ একো নাই কবলৈ। মই যাওঁ।
:ENOUGH.
তেওঁৰ চকুকেইটা ৰঙা, আঙঠাৰ নিচিনা? জুই হৈ ওলাই আহিছে খং, অভিমান সকলোবোৰ।
:you can love every one around you but not me? You care for every single person in your life but not me? Do you hate me Astha?
বুজি পাইছো, তেওঁক অকণমান মৰমৰ প্ৰয়োজন, কিন্তু আজিলৈকে তেওঁৱো তো মোক একো খুলি কোৱা নাই।
এবাৰ সুধি চোৱাৰ প্ৰয়োজন নাইনে?
মইয়োতো বিচাৰো তেওঁ মোক এবাৰ মৰমেৰে সোধক। সেয়াও কৰিব নোৱাৰেনে? কিয় সকলোবোৰ তেওঁৰ মতেই হব লাগে?
:you have to give me my share, I need it, I want it. The world has done enough damage to my soul, you have to heal it Astha. I won’t take a no, I know you feel the same, so let me get it my way.
গ্লাছখনত দি থোৱা হাত দুখন লাহে লাহে মোৰ দুহাতলৈ আগবাঢ়ি আহিল, আঙুলিৰ মাজত তেওঁৰ দীঘল আঙুলি কেইটা সুমুৱাই চেপি ধৰিলে। খঙত তেওঁ কি কৰে নিজেই নাজানে। কিবা ভাবিব পৰা শক্তি এতিয়া মোৰ গাতো নাই।
চকু কেইটা জপাই দিলো। দুয়োৰে উশাহ এক হৈ গৈছে।
অৰ্ণৱ!
মোৰ চুলিত মুখ গুজি কৈ উঠিল।
:Make me alive Astha, I don’t want to die everyday.
আঙুলিৰ চেঁপাটো অাৰু টান কৰি দিলে তেওঁ। মানুহজন অসহায় হৈ পৰিছে আকৌ এবাৰ।
:এইবোৰ কি হৈছে মাইনা?
উচপ খাই উঠিলো, অৰ্ণৱে তেতিয়াও মোৰ চুলিত মুখ গুজি বিৰবিৰাই আছে তেওঁৰ অভিমানবোৰ। আহিবলগীয়া ধুমুহাজাকৰ কথা ভাবি থৰ থৰকৈ কঁপিছো মই। চাবলৈ সাহস নাই।কি উত্তৰ দিম? ক্ষন্তেকীয়া আবেগৰ বশৱৰ্তী হৈ কিয় ইমান কাষ চাপি গলো। গাৰ সমস্ত শক্তিৰে তেওঁক আতৰাবলৈ চেষ্টা কৰিলো, হঠাৎ এই প্ৰতিবাদ দেখি তেওঁ আচৰিত হৈ মোৰ ফালে চালে।বুজি পালে।
দুয়োটাই একে সময়তে ঘূৰি চালো।
চকুকেইটা হাতেৰে ঢাকি নিশা ৰৈ আছে।
:মই কিন্তু একো দেখা নাই দেই।ভিতৰলৈ বল আস্থা। বিচাৰি ফুৰিছে তোক সবেই।
উশাহটো তেতিয়াহে ঘূৰাই পালো। একেবাৰে বৰ্মাৰ নিচিনাকৈ মাতটো উলিয়াইছে এইজনীয়ে। মৰিয়েই থাকিলোহেঁতেন উশাহ নিশাহ বন্ধ হৈ। ভীষণ লাজ পালো। কিন্তু তেওঁ একেবাৰেই সহজভাৱে লৈছে কথাটো।
:please leave us alone Nisha, please.
উফ ।এতিয়াও কিবা বাকী আছেনে? কি অদ্ভুত জেদ।
তেওঁক প্ৰায় ঠেলা মাৰি সেইখিনিৰ পৰা দৌৰি পলালো, নিশাকো হাতখনত ধৰি চোঁচৰাই আনিলো। চিৰিকেইটাৰ ওচৰ পাই ঘূৰি চালো, মোৰফালেই চাই আছে, চকুকেইটা অলপ সেমেকা।
বুকুৰ কোনোবা ডোখৰ মোচৰ খাই গল।
আধৰুৱা হৈ ৰল ভালপোৱাৰ প্ৰথম প্ৰকাশ।
তেওঁৰ সৰু সৰু অভিমানবোৰৰ বাঙ্ময় ৰূপ।
সকলোবোৰ আধৰুৱা হৈয়ে ৰল।
দাদা অাৰু বৰদেউতা দেউতাৰ লগত ড্ৰয়িংৰুমত বহি আছে। দেউতাই তেওঁৰ কথা কিবা সুধিছিল যদিও কাণত একো সোমোৱা নাই। একেকোবে গৈ মাৰ ওচৰ পালোগৈ, কিয় জানো, বেছিকৈ ভয় লাগিলে মাৰ ওচৰত থাকো, সাহস পাওঁ। বৰ্মা, বৌ সবেই মিলি পাকঘৰত ভাতৰ যোগাৰ কৰিছে, নিশা আকৌ আইতাৰ ওচৰতে বহিল।আইতাৰ লগত ইমানেই বন্ধুত্ব হল যে নিশা অাজি ৰাতি থাকিবলৈও ৰাজী হল। চৰ্ত এটাই, আইতাৰ লগত শুব। কাইলৈ দেউতা অাৰু মই থৈ আহিম গৈ।
:জিউ, দাদাক মাতি টেবুলখন আঁতৰাই ঠাই খন অকণ মুচিa দেচোন।
আটাইবোৰ একেলগে খাবলৈ টেবুলত নোজোৰে। অাৰু আমাৰ ঘৰত কোনোবাই আগত খোৱা বা পাছত খোৱাৰ নিয়ম নাই। নিমখে খাওঁ বা মাছে মাংসৰে খাওঁ সবেই একেলগে খাওঁ। গতিকে পকাতে বহি খাব লাগিব। দাদাক মাতি টেবুলখন শোৱা কোঠালৈ ভৰাই ডাইনিং থকা জেগাখিনিত ঢাৰি পাটি যি অাছে পাৰিলো। মোতকৈ বেছি উত্সাহেৰে নিশাইহে সকলোবোৰ কৰিছে। আইতাই মাটিত বহিব নোৱাৰে কাৰণে মূঢ়া এটা অাৰু ড্ৰয়িং ৰুমৰ কৰ্নাৰ টেবুলখন পাৰি দিলো। মায়ে সকলোকে ভিতৰলৈ মাতি আনিলে।তেওঁক অলপ আচৰিত যেন লাগিল। সৰু বেচিন তো চকুৰ ইংগিতেৰে দেখুৱাই দিলো। হাত ধুই দেউতাৰ ওচৰতে বহিল। অলপ অসুবিধা পাইছে যদিও একো কোৱা নাই।
:দিগদাৰ পাইছা নেকি ডেকা লৰা।
:নাই পোৱা আংকল।
দুয়োটাই একে সময়তে ঘূৰি চালো।
চকুকেইটা হাতেৰে ঢাকি নিশা ৰৈ আছে।
:মই কিন্তু একো দেখা নাই দেই।ভিতৰলৈ বল আস্থা। বিচাৰি ফুৰিছে তোক সবেই।
উশাহটো তেতিয়াহে ঘূৰাই পালো। একেবাৰে বৰ্মাৰ নিচিনাকৈ মাতটো উলিয়াইছে এইজনীয়ে। মৰিয়েই থাকিলোহেঁতেন উশাহ নিশাহ বন্ধ হৈ। ভীষণ লাজ পালো। কিন্তু তেওঁ একেবাৰেই সহজভাৱে লৈছে কথাটো।
:please leave us alone Nisha, please.
উফ ।এতিয়াও কিবা বাকী আছেনে? কি অদ্ভুত জেদ।
তেওঁক প্ৰায় ঠেলা মাৰি সেইখিনিৰ পৰা দৌৰি পলালো, নিশাকো হাতখনত ধৰি চোঁচৰাই আনিলো। চিৰিকেইটাৰ ওচৰ পাই ঘূৰি চালো, মোৰফালেই চাই আছে, চকুকেইটা অলপ সেমেকা।
বুকুৰ কোনোবা ডোখৰ মোচৰ খাই গল।
আধৰুৱা হৈ ৰল ভালপোৱাৰ প্ৰথম প্ৰকাশ।
তেওঁৰ সৰু সৰু অভিমানবোৰৰ বাঙ্ময় ৰূপ।
সকলোবোৰ আধৰুৱা হৈয়ে ৰল।
দাদা অাৰু বৰদেউতা দেউতাৰ লগত ড্ৰয়িংৰুমত বহি আছে। দেউতাই তেওঁৰ কথা কিবা সুধিছিল যদিও কাণত একো সোমোৱা নাই। একেকোবে গৈ মাৰ ওচৰ পালোগৈ, কিয় জানো, বেছিকৈ ভয় লাগিলে মাৰ ওচৰত থাকো, সাহস পাওঁ। বৰ্মা, বৌ সবেই মিলি পাকঘৰত ভাতৰ যোগাৰ কৰিছে, নিশা আকৌ আইতাৰ ওচৰতে বহিল।আইতাৰ লগত ইমানেই বন্ধুত্ব হল যে নিশা অাজি ৰাতি থাকিবলৈও ৰাজী হল। চৰ্ত এটাই, আইতাৰ লগত শুব। কাইলৈ দেউতা অাৰু মই থৈ আহিম গৈ।
:জিউ, দাদাক মাতি টেবুলখন আঁতৰাই ঠাই খন অকণ মুচিa দেচোন।
আটাইবোৰ একেলগে খাবলৈ টেবুলত নোজোৰে। অাৰু আমাৰ ঘৰত কোনোবাই আগত খোৱা বা পাছত খোৱাৰ নিয়ম নাই। নিমখে খাওঁ বা মাছে মাংসৰে খাওঁ সবেই একেলগে খাওঁ। গতিকে পকাতে বহি খাব লাগিব। দাদাক মাতি টেবুলখন শোৱা কোঠালৈ ভৰাই ডাইনিং থকা জেগাখিনিত ঢাৰি পাটি যি অাছে পাৰিলো। মোতকৈ বেছি উত্সাহেৰে নিশাইহে সকলোবোৰ কৰিছে। আইতাই মাটিত বহিব নোৱাৰে কাৰণে মূঢ়া এটা অাৰু ড্ৰয়িং ৰুমৰ কৰ্নাৰ টেবুলখন পাৰি দিলো। মায়ে সকলোকে ভিতৰলৈ মাতি আনিলে।তেওঁক অলপ আচৰিত যেন লাগিল। সৰু বেচিন তো চকুৰ ইংগিতেৰে দেখুৱাই দিলো। হাত ধুই দেউতাৰ ওচৰতে বহিল। অলপ অসুবিধা পাইছে যদিও একো কোৱা নাই।
:দিগদাৰ পাইছা নেকি ডেকা লৰা।
:নাই পোৱা আংকল।
তেওঁৰ বহাৰ ধৰণ দেখি লগা নাই আগতে এনেকে খাইছে কেতিয়াবা। মনে মনে হাঁহি উঠিল। কাঁহৰ কাঁহী, কাঁহৰ বাটি, তামৰ ঘটিত পানী, সকলোবোৰ তেওঁ অাৰু নিশাৰ খুব ভাল লগা যেন লাগিল । খোৱা বস্তুবোৰ সজাই দি আমিবোৰো বহিলো। খুব ভাল লাগিছে। আইতাই মাজে মাজে জমাই আছে।তেওঁৰ এফালে দেউতা, আনফালে বৰদেউতা, সন্মুখত নিশা, কাষত মই। শাকে পাতে মায়ে একেবাৰে ঘৰুৱা ভাৱে এইসাজ বনাইছে। মচুন্দৰী শাকৰ পাতত দিয়া, মচুৰ দাইলৰ বৰ দি বনোৱা নৰসিংহ পাতৰ জোল,সৰু মাছৰ চৰ্চৰি ইত্যাদি। খুব তৃপ্তিৰে খাইছে তেওঁ। হঠাতে মায়ে সুধি পেলালে…
:তোমাৰ ঘৰত কোন কোন আছে অৰ্ণৱ?
হাঁহি থকা মুখ খন শেঁতা পৰি গল। সানি লোৱা ভাতখিনি একেথৰে চাই ৰৈ আছে, বাওঁহাতৰ মুঠিতো টান হৈ গৈছে, চকু কেইটা ৰঙা।
:কোনো নাই।
ঘট ঘটকৈ গোটেই গিলাচ পানী খাওঁতে চৰচৰণি খাই গল। দেউতাই পিঠিটো থপথপাই দিছে। বুজি পাইছো তেওঁৰ কি হৈছে। এবাৰ মূৰ তুলি মোৰ ফালে চালে, একো নাছিল সেই দৃষ্টিত।
নিস্তেজ, নিৰ্মোহ, নিৰ্বিকাৰ।
ভয় লাগিল আকৌ এবাৰ, সাৰ পাই উঠিছে সেই খঙাল অৰ্ণৱ।
:Excuse me Uncle. মই উঠিব পাৰোঁ নে?
:উঠা উঠা একো নাই, চেহ, শেষৰ গঢ়া থাকিলেই পায়। ৰবা অকণ নিমখ দি কুহুমীয়া পানী খাই দিবা । আমাৰো হৈছেই অাৰু।
মুখ খন ধুই একো নোকোৱাকৈ বাহিৰলৈ ওলাই গল।
জানো, এতিয়া ইটোৰ পিছত সিটো চিগাৰেট জ্বলাব।
মোক ওচৰত পালে খং কৰিব।
কিন্তু কেতিয়াও নকয় তেওঁৰ কি হৈছে।
তেওঁৰ পিছে পিছে যোৱাৰ সাহস নাই।কিন্তু উপায় নাই, খাই হোৱাৰ পাছতো এতিয়া বাকীবোৰৰ কথা ধেৰ ওলাব।
:জীউ তই অাৰু নিশাই মিঠাই খিনি লৈ আনচোন। অাৰু অৰ্ণৱকো গৰম পানী এগিলাছ দি দিবি।
পানীগিলাচ লৈ ওলাই আহিলো, মই ভবাৰ দৰে তেওঁ চিগাৰেট জ্বলোৱা নাই। দুয়োখন হাতেৰে মুখ খন ঢাকি ছফাখনতে বহি আছে।মই ইমান ওচৰত থাকোঁতেও গম পোৱা নাই। পানীগিলাছ আগবঢ়াই দিলো।
:লওঁক।
মূৰ তুলি চালে।
বুকুৰ ভিতৰত কিবা এটা মৰি যোৱা যেন লাগিল। কি হৈছে তেওঁৰ?
প্ৰথমবাৰ।
অাজি প্ৰথমবাৰ তেওঁৰ ধুনিয়া চকুজুৰি ইমান অসহায়, পৰো পৰো কৈ দুটোপাল চকুপানী ৰৈ আছে, কাণখন ৰঙা, গালৰ শিৰা প্ৰতি শিৰা স্পষ্ট। উশাহবোৰ ঘন।
:Please leave Astha.
সদায় আদেশৰ সুৰত কোৱা মানুহজনে অাজি অনুৰোধ কৰিছে।
গিলাছটো টেবুলখনত থৈ তেওঁৰ সন্মুখত আঠুকাঢ়ি বহিলো।
কি কৰিছো, কিয় কৰিছো নাজানো।
কিন্তু অাজি চোন কোনোবাই দেখে বুলি মোৰ ভয় লগা নাই।
হাতখন তেওঁৰ গালখনৰ ফালে আপোনা আপুনি উঠি গল, মৰম নে পুতৌ মই নিজেও নাজানো। কিন্তু এই সময়ত মই তেওঁৰ কাষত থাকিব বিচাৰো।
নিদিলে তেওঁক চুই চাবলৈ, থাপ মাৰি ধৰিলে হাতখন। গাৰ সমস্ত জোৰেৰে।
:Don’t show sympathy Astha, I am really tired of that.
:কিন্তু…
:Stay away from me please, I can give nothing to you, absolutely nothing.
I just wish we never met Astha.
পোৱাৰ আগতেই হেৰোৱাই পেলালো মোৰ প্ৰথম ভালপোৱা!
তেওঁ নিবিচাৰে মই কাষত থকাটো।
হাতখন লাহে লাহে ঢিলাই দিলে তেওঁ।
:I should leave. ভিতৰত কৈ দিয়া।
:কি হৈছে আপোনাৰ।
:একো নাই হোৱা। দেউতাক মাতি দিয়া।
মই নুঠা দেখি নিজেই দপদপাই সোমাই গল ভিতৰলৈ। হঠাৎ তেওঁ যাবলৈ ওলোৱাত সকলো আচৰিত হল। কিন্তু কিবা জৰুৰী কাম আছে বুলি কোৱাত মান্তি হল। নিশা মোৰ ওচৰ চাপি আহিল। হাতখন ধৰি আছে।
তেওঁক আগবঢ়াই দিবলৈ সকলো ওলাই আহিল।
:ইচ ৰাম মই পাহৰিলোৱেই। ৰবা ৰবা।
মা লৰালৰিকৈ ভিতৰলৈ গল। ঘূৰি আহোঁতে হাতত ফুলাম গামোচা এখন।
:পূজাৰ দিনাখন সুদা হাতে কেনেকৈ পঠিয়াই দিওঁ বাৰু,এইখনকে দিছো দেই ।
আগতে জনা হলে কিবা এটা অনাই থলোহেঁতেন।
:আমাৰ অসমীয়া মানুহৰ এইখন বৰ ডাঙৰ উপহাৰ নে কি কোৱা?
বৰদেউতাই তেওঁৰ কান্ধত হাতখন থৈ কলে। ভৰি চুই বিদায় লৈছে সকলোৰে পৰা। মোৰ ফালে এবাৰো নাইচোৱা।
খৰ খোজেৰে গৈ গাড়ীত বহিলগৈ। দাদাই গাড়ীখন উলিয়াই নিওঁতে কৰবাত লাগে নি চাই দিছে। বাৰে বাৰে চাইছো তেওঁৰ ফালে, নাই মোৰ উপস্থিতি সম্পুৰ্ণৰূপে উপেক্ষিত।
ভাল লগাবোৰ ইমান সোনকালে নাইকিয়া হৈ যাব পাৰে জানো?
এনেকুৱা কি কথা অাছে যিয়ে তেওঁক বাৰে বাৰে বাধ্য কৰায় ‘অৰ্ণৱ’ হৱলৈ।
বেপেৰুৱা, উগ্ৰ, কঠুৰ, নিৰ্দয় ।
নে এইখন মুখা তেওঁ পিন্ধিবলৈ বাধ্য?
মাঁহত সকলো ভিতৰলৈ গল। মই অাৰু নিশা তেতিয়াও ৰৈ আছো, নেদেখা হোৱালৈকে গাড়ীখনলৈ চাইছো। অাৰু নোৱাৰোঁ, চকুপানীবোৰ পাৰ ভাঙি বৈ আহিছে।
:মাজনী তোৰ ফোনটো বাজি আছে চোন অথনিৰে পৰা।
দেউতাৰ মাত শুনি নিশা আগবাঢ়ি গল। ফোনটো আনি মোক দিলে।
ৰাজীৰ ফোন।
: হেল্ল ‘
:আস্থা, বহুত ডাঙৰ কথা হল।
তাইৰ মাতটো কঁপিছে, ভয় খাইছে কিবা কথাত।
:কি হল কচোন ।
:তই অকলে আছনে?
:ভয় কেলেই খুৱাইছ, কি হল ক।
:নিশাৰ ফটো ভাইৰেল হৈছে।
:কি ফটো?
:তাইৰ ex কোনোবাই কৰিছে, fake নে real এতিয়াও গম পোৱা নাই। but পুৰা share হৈছে fb আৰু WhatsApp অত।
:ফটো হে, তাতেনো কি হল?
:তই পাগল নি? বুজি পোৱা নাই নি? অলপ private photo. তাইক নকবি।
বুজি পালো, মূৰটো ঘূৰাই গল। ফোনটো সৰি পৰিল।
পিছফালে কোনোবা আছে যেন লাগিল।
ঘূৰি চালো। নিশা!!!!!!!!!
শেঁতা পৰি গৈছে গোটেইজনী। ঠিয় হৈ থাকিব নাইপৰা। চিৰিটোত বহি দিছে। দৌৰ মাৰি গৈ সাৱটি ধৰিলো। কান্দিবও পৰা নাই বেচেৰীয়ে।মোৰ ফালে চাই কিবা কিবি বিৰবিৰাই আছে। একো বুজি পোৱা নাই। এই সময়ত মই কি কৰিব লাগে নাজানো, মাত্ৰ তাইক ধৰি আছো।কিমান সময় পাৰ হল নাজানো।
:ভিতৰলৈ বল নিশা।
:মই কি কৰিম এতিয়া আসু?
ভয় খাইছে তাই, বুজি পাইছো। মোৰো বহুত ভয় লাগিছে, কিন্তু তাইক মই দেখুৱাই দিব নোৱাৰোঁ। জোৰ কৰি তাইক ভিতৰলৈ আনিলো। ড্ৰয়িংৰুমত বহি সকলোয়ে মোৰ জন্মদিনৰ মিঠাই খাইছে। মই সোমাই যোৱাৰ লগে লগে বৰ্মাই মোৰ মুখতো জোৰ কৰি এটা গুজি দিলে। মই তলকিবই নোৱাৰিলোঁ।
কেনেকৈ বুজাওঁ মই?
জন্মদিনৰ সুখত সুখী হোৱাৰ অৱকাশ অাৰু নাই।
বহুত কিবাকিবি হেৰাই থাকিল। ঘূৰাই পাম নে নেপাম নাজানো।
:বহা আকৌ নিশা, মিঠাই খুৱাই নাইচোন।
মায়ে তাইক প্ৰায় টানি নিয়াদি নিলে।পায়সৰ বাতিটো হাতত লৈ মা অাৰু দেউতাৰ মাজত বহিছে তাই। অাৰু কিমান অভিনয় কৰিব এই ছোৱালীজনীয়ে। হাঁহিব পৰা নাই যদিও এবাৰলৈও কন্দাও নাই । সকলোৰে হাঁহিৰ খিলখিলনিৰ মাজত গোপনে কথা পাতিছো অামি। আৰু নোৱাৰোঁ।
:মা, নিশাৰ ভাগৰ লাগিছে চাগে, বল মোৰ ৰুমত অলপ শুই লবি।
কোনোবাই কিবা কোৱাৰ আগতেই তাইক লৈ আনিলো মোৰ ৰূমলৈ।দৰজাখন বন্ধ কৰি দিলো। ঠেলি নিয়াদি নি বিচনা খনত বহাই দিলো।
:কিবা এটা ক নিশা।
:মই বদনাম হৈ গলো আসু , কবলৈ কিবা বাকী অাছে জানো?
:তেনেকৈ কেলে কৈছ?
:সি মোক কৈছিল, এনেকুৱা কিবা কৰি দিম বুলি, মই ভাবিছিলো মোক ভয় খুৱাবলৈ কৰিছে,সদায় ব্লেকমেইল কৰে, পাপাৰ পৰা লৈ বহুত পইচা দিলো এতিয়ালৈকে।লাষ্ট টাইম ফোন কৰোতে বহুত বেছিকে বিচাৰিছিল, মই নিদিওঁ বুলি কলো, সেইকাৰণে এনেকুৱা কৰিলে।
:তই ইমানদিনে লুকুৱাই থৈছিলি কিয়? পাপাক কৈ চাব পাৰিলিহেঁতেন।
:সব তোৰ নিচিনা লাকি নহয়, তোৰ নিচিনাকৈ মই সব কথা পেৰেন্টছক কব নোৱাৰোঁ।
কিন্তু কিয়?
আচৰিত নহয় নে কথাবোৰ?
সকলোতকৈ আপোন মানুহবোৰৰ আগত অামি আমাৰ দুৰ্বলতাবোৰ উদঙাই দিৱলৈ ইমান ভয় কৰোঁ কিয়?
উপহাস কৰিবলৈ এখন ডাঙৰ পৃথিবী থাকেই, কিন্তু অলপ মৰম দি সঠিক পথ দেখুৱাবলৈ এখন সৰু পৃথিৱীৰ সকলোকে প্ৰয়োজন নহয় জানো?
ৰাজীয়ে মেছেজ কৰিছে, কিছুমান স্ক্ৰীণশ্চট। নিশাৰ বিষয়ে টুলুঙা মন্তব্য দিবলৈ যেন এক অঘোষিত প্ৰতিযোগিতাহে আৰম্ভ হৈছে। কেনোবাই তাইৰ মাকৰ কথাও টানি আনিছে। এজনী ছোৱালীক সামাজিক ভাৱে অপদস্থ কৰা হৈছে, অাৰু এচামে তাত আসুৰিক আনন্দ লাভ কৰিছে। মেছেজটো ডিলিট কৰি দিলো।
:নিশা, এইবোৰ সচাঁ নে মিছা মই নাজানো, অাৰু তোক সুধিবও নিবিছাৰো, কিন্তু মই মা দেউতাৰ পৰা লুকুৱাব নোৱাৰিম।
:প্লিজ নকবি, মোৰ কথা কি বুলি ভাবিব। অাৰু তোক যদি মোৰ লগত থাকিব নিদিয়ে? মই আকৌ বহুত lonely হৈ যাম।please don’t do this to me.
:বিশ্বাস ৰাখ নিশা, মায়ে বুজি পাব মই জানো।
দৰজাখন খুলি ওলাই আহিলো, বৰমাহঁত ইতিমধ্যে ঘৰলৈ গল। মাক ৰুমলৈ মাতি আনিলো। কিবা এটা অঘটন হৈছে বুলি গম পাইছে মায়ে। এবাৰ মোৰফালে এবাৰ নিশাৰ ফালে চালে। অামি এজনীয়েও একো কব পৰা নাই।
:জিউ, কিবা কবি?
নিশাই এতিয়া কিবা কব পৰা অবস্থাত নাই। মইয়ে কব লাগিব।
বহুত সাহস কৰি কথাখিনি কলো। বুকুখন পাতল লাগিল। মায়ে একো কোৱা নাই।
ইমান চিন্তাত কোনোদিনেই দেখা নাছিলো মাক।
:তোমাৰ ভূল হোৱা নাই বুলি মই নকওঁ, তুমি কথাবোৰ তোমাৰ দেউতাক জনাব লাগিছিল। ইয়াৰ পিছৰখিনি অামি ডাঙৰে কৰিম। অলপ জিৰাই লোৱা।
জিউ, দেউতাৰৰ লগত কথা পাতি কি কৰিব লাগে চাঁও, তেতিয়ালৈকে তহঁতে একো কৰিব নালাগে। তোমাৰ দেউতাৰ নম্বৰটো দিয়া নিশা।
:প্লিজ আন্টি, পাপাক নকব। মই বহুত লাজ পাম।
:মইয়ে হও বা তোমাৰ দেউতাৰাই হওক, অামি সকলোৱে এইটো বয়স পাৰ কৰি আহিছো নিশা। কেতিয়াবা কিছুমান ভূল হৈ যায়। বুজি পাব তোমাৰ দেউতাই। হয়তো তোমাক খং কৰিব, কিন্তু লুকুৱাই ৰাখিলে তুমি জানো শান্তিত থাকিব পাৰিবা?
মাৰ কথাত নিশা অলপ শান্ত হল। গাৰু এটা অাৰু পাতল কম্বল এখন দি তাইক শুবলৈ দিলো, মূৰৰ শিতানতে বহি চুলি কেইদাল মোহাৰি আছো। বহুত কিবাকিবি কৰিব মন গৈছে, কিন্তু ইয়াতকৈ বেছি মই একো কৰিব নোৱাৰোঁ।
মা অাৰু দেউতাই কথাবোৰ আলোচনা কৰি নিশাৰ দেউতাকক মাতি পঠিওৱাৰ সিদ্ধান্ত ললে।
প্ৰায় তিনি ঘণ্টা মানৰ মূৰত তেখেত আহিল। আহিয়েই নিশাক উদ্দেশ্যি অকথ্য গালি গালাজ, মাৰিবলৈকে খেদি গৈছিল। কাহানিও দেখি নোপোৱা কিছুমান আচৰণ। দেউতাই বহুত বুজাই বঢ়াই শান্ত কৰিলে। কিন্তু তেখেতৰ মতে নিশাক যি লাগে তাকেই কিনি দিছে, চাকৰে নাকৰে আল পৈচান ধৰা মানুহো গোটাই দিছে, তাৰ পাছতো তাই এনেকুৱা কিয় কৰিব।
:টকা পইচা বা সা সুবিধা দিলেই দায়িত্ব শেষ হয় জানো। আপুনি তাইক সময় দিছেনে?
এইবাৰ মাৰ খং উঠা যেন লাগিল। নিশা অাৰু মই তেতিয়াও ড্ৰয়িংৰুমৰ চুক এটাত
ৰৈ আছো। ইমানখিনিৰ পিছতো এটোপাল চকুপানী টোকা নাই তাই।
:চাওক, মোৰ reputation বহুত বেয়া হৈ যাব, গতিকে এইক মই এতিয়া ঘৰলৈ নিব নোৱাৰিম, অলপ দিন ইয়াতে থাকক, কাপোৰ কানি মই লৈয়ে আনিছো। অলপ দিন পাছত এনেও সবেই পাহৰি যাব। Then she can come.
কিমান সহজতে কৈ দিলে কথাষাৰ। ইমান ঠুনুকা হব পাৰেনে বান্ধোন?
নিশা কিন্তু নিৰ্বিকাৰ, তাই যেন আগতেই জানিছিল সকলোবোৰ।
মা দেউতাই বহুত বুজাবলৈ চেষ্টা কৰিলে কিন্তু তেখেতে দেউতাকহে ওলোটাই অপমান কৰিলে। নিশাৰ বেগটো গাড়ীৰ পৰা নমাই একো নোকোৱা কৈয়ে গুচি গল।
অভিশপ্ত এটা দিন!!
জন্মদিনৰ শুভকামনাবোৰ যেন ঘূৰাই দিম সকলোকে।
মায়ে সন্ধিয়াৰ চাকি বন্তি জ্বলাই ঘৰতে আৰতি কৰিছে , পূজাথলীলৈ যোৱাৰ ইচ্ছা কাৰোৰে নাই। বৰমাই বাৰে বাৰে সোধাত নিশাৰ গা বেয়া বুলি কলো।
মৌনতাৰ মাজতেই সময়বোৰ পাৰ হৈছে। মায়ে জোৰ কৰিলতো নিশা ভাত খাবলৈ ওলাই নাহিল। দৰজাখন লাহেকে খুলি চালো, গাৰুটোৰ তুলাবোৰ উলিয়াই সিঁচি পেলাইছে, তাইৰ ফোনটো দুটুকুৰা হৈ তলত পৰি আছে। গালত আঙুলিৰ চিন স্পষ্ট।
হাঁহিৰে জগত জিনা ছোৱালীজনীৰ অাজি নিজৰ ওপৰত ঘিণ উপজিছে, নিজৰ গালত নিজেই চৰিয়াইছে।
হাঁয় সময়!!!!
:জিউ, অাজি তই অকলে শুবি। নিশা মোৰ লগত শুব।
কেনেকে বুজি পায় সকলোবোৰ এই মানুহজনীয়ে ?
মোৰ মা।
সাৱটি ধৰিলো, মোৰ দৰে মা সকলোকে কিয় নিদিলা নমো???
নিশাক বুকুত সাবটি মায়ে বুজাইছে কিবাকিবি, এইবাৰ তাই কান্দিছে, চিঞৰি চিঞৰি, উশাহ বন্ধ হৈ যোৱাকৈ।নাকান্দিবি বুলি নকওঁ, দুখবোৰ পানী হৈ ওলাই আহিছে। বৈ যাওক। দৰজাখন লাহেকৈ জপাই মাৰ বিচনালৈ আহিলো।
জুৰুলা কৰা এটা দিন।
বিষময়।
তেওঁৰ কথাও ভাবিলো এবাৰ, কি ভাবি আঁতৰি গল এনেদৰে?
ফোনটো বাজিছে, অৰ্ণৱৰ ফোন।
:নিশা ঠিকে আছেনে?
তেওঁ কেনেকে গম পালে?
:আপুনি কেনেকে গম পালে?
:ভাইৰেল হৈছে, সবেই পাইছে almost. I don’t have Facebook but Utpal has.
সি কলে। fake হয়। photoshop কৰিছে। তাইক ষ্ট্ৰেচ লব মানা কৰিবা। শুই থাকা এতিয়া। নিশাৰ care লবা।
:আপুনি ঠিকে আছেনে? অথনি..
:I don’t want to discuss anything. Good night.
কাটি দিলে ফোনটো।
ভাগৰি পৰিছো ময়ো।
নিবিছাৰো একো উত্তৰ। তেওঁ যেনেকৈ সুখী তেনেকৈয়ে থাকক।
নিশাৰ কান্দোনৰ শব্দ বন্ধ হল। মাৰ বুকুৰ উমে সকলো দুখ পাহৰাব পাৰে।
গাৰুটোত মূৰ গুজি চকুকেইটা জপাই দিলো।
আগলৈ….
-------------------------------------------------------------------------------------------------------------------------------------------------------
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )