JEC Part 14
পূজাৰ বন্ধ শেষ হল। ঘূৰি আহিছো #JEC কেম্পাচলৈ। এইবাৰ মোৰ লগত এজনী নতুন নিশা। সকলোতে আগবাঢ়ি যোৱা, মোক টানি আজুৰি উলিয়াই নিয়া নিশা এতিয়া মোৰ পিছত লুকাই থাকি ভাল পোৱা হল। কাৰোৰে আগত ওলাব নিবিচাৰে।দাদাই নমাই থৈ যোৱা এঘন্টাৰো অধিক হল, অহাৰ পৰা ৰুমতে সোমাই অাছে।মোৰ লগতো একো কথা পতা নাই।
দুয়োজনীৰে বেগৰ বস্তুবোৰ উলিয়াই ঠিক ঠাক কৰি ললো। মায়ে ঘৰতে পিঠা পনা, কেক বনাই দি পথাইছে। বাইদেউৰ কাৰণেও বেলেগকৈ মিঠাইৰ টোপোলা এটা, লগতে এখন চাদৰ। বাইদেউয়ে মোক দিয়া মৰমখিনিৰ তুলনাত এইয়া তেনেই সামান্য উপহাৰ। কানু দাৰ বাবেও কিবা এটা আনিছো। কানু দা আমাৰ Extension অৰ চোৱা চিতা কৰাৰ দায়িত্বত অাছে। বয়সীয়াল অজলা অঁকৰা মানুহজনক সবেই মানি চলো। আমাক মাজে মাজে উৎপাত কৰিলে গালিও দিব, অাৰু যেতিয়াই যিটো লাগে চাইকেল খন লৈ গৈ আনিও দিব। বস্তুবোৰ ঠিক কৰি থাকোতেই শুনিলো বাহঁতৰ ৰুমত খুব সৰু সৰু মাতত সবেই কিবা আলোচনা কৰি আছে। ৰাজী আহি লাহেকে মোকো মাতি থৈ গল। নিশাৰ ফালে চালো, জোতা কাপোৰ একো সলোৱা নাই এতিয়ালৈকে। যেনেকৈ আহিছিলে তেনেকৈয়ে বিচনাত তললৈ মূৰ কৰি পৰি আছে।থাকক, নামাতো।বাহঁতৰ ৰূমলৈ গলো।
:আস্থা, তই ৰুম change কৰিবি নেকি?
প্ৰিয়ংকা বায়ে হঠাৎ এনেকুৱা এটা প্ৰশ্ন কৰিলত থতমত খালো। কিয় সুধিছে?
:চা, মোৰ পেৰেন্টচ ইমান মডাৰ্ন হৈও নিশাৰ কেচটো লৈ প্ৰব্লেম অাছে, তইতো বহুত গাঁৱৰ হয় ন , তোৰ মা দেউতাৰ প্ৰব্লেম হবই চিউৰ ।
সুজাতা, কথাই কথাই মোৰ ঘৰ যে ভিতৰুৱা গাঁৱত সেইকথা কবলৈ নাপাহৰে তাই।প্ৰিয়ংকা বাৰ কথাৰ ওপৰতে মাত মাতিলে তাই। নিশাৰ লগত তাইৰ ভাল নাছিল। এই ঘটনাটোত তাই যেন কিবা এটা আনন্দ হে পাইছে এনেকুৱা লাগিল।
হাঁহিও উঠিল, গাঁৱৰ মানুহবোৰ সংকীৰ্ণ মনোভাৱৰ বুলি ধাৰণা এটা কৰিয়েই লয় মানুহবোৰে। মোৰ মায়ে কপাহী মেখেলা চাদৰ পিন্ধি ডাঙৰ কৈ সেন্দুৰৰ ফোঁট লয়, সেইবাবে তেওঁ বহল মনৰ হব নোৱাৰে।
সাজ পোচাক যে মানসিকতাৰ চিহ্ন সেইয়া ওলাই আহিহে বুজি পালো।
বৰ সস্তীয়া আধুনিকতা !
:বা, নিশা আমাৰ ঘৰতেই আছিল ইমানদিনে। মোৰ মা দেউতা আধুনিক নহব পাৰে, কিন্তু অশিক্ষিত নহয়। অাৰু আন কোনোবাই কি ভাবে মই নাজানো, মোৰ সিমান মগজ নায়েই, কিন্তু মই নিশাৰ লগত সদায় থাকিম।
কোনোদিন কাকো বেয়াকৈ কৈ পোৱা নাছিলো, অাজি কিন্তু ভীষণ খং এটা উঠিছে। মুখত যি ওলালে তাকে কলো। গুচি আহিলো ৰূমলৈ। নিশা তেতিয়াও তেনেকৈয়ে পৰি আছে। অাৰু বেছি খং উঠিলে।টানি বিচনাৰ পৰা নমাই দিলো।
:বল বাইদেওক লগ কৰি আহোঁ।
:মই নেযাওঁ, হাঁহিব সবেই।
:তাতে তোৰ কি হল? তইয়ে তো মোক কৈছিলি তই কোনে কি কয় care নকৰ? এতিয়া কি হল? চা, মই বেছি একো নাজানো, কিন্তু মোৰ মতে যিয়ে তোৰ ফটো ভাইৰেল কৰিছে, সি ওলাবলৈ লাজ কৰিব লাগে, তই নহয়। বল এতিয়া।
মিঠাইৰ টোপোলা অাৰু চাদৰ খন পলিথিন এটাতে ভৰাই নিশাক প্ৰায় চোঁচৰাই নিয়াদি লৈ গলো। দোকানৰ সন্মুখত আমাৰ চিনিয়ৰ দাদা কেইজনমান। লগতে ছাৰ দুজনো অাছে। চাহ খাই ওলাই আহিছে। দেখিয়েই নিশাই উভতি বাট বুলিবলৈ বিচাৰিলে। ধৰি আছো।
:ছাৰ পূজা চালে?
:অ চালো চালো, অামি অাৰু ইয়াতে কলনিতে।
কাহানিও আগবাঢ়ি কাকো মাতি নোপোৱা মই ছাৰকো মাতিব পৰা হলো। ভিতৰি কিমান ভয় খাইছো নিজেহে জানো, কিন্তু মায়ে কোৱা কথাষাৰ মনত পেলাই সাহস গোটাইছো।
‘জীও, নিশাৰ আগত দুৰ্বল হৈ নাযাবি, একোৱেই যেন হোৱা নাই তেনেকৈ থাকিবি। চাবি সব ঠিক হৈ যাব।’
:অাজি নিশা ইমান ঠাণ্ডা মুণ্ডা হৈ আছে যে আস্থা, ঘৰৰ পৰা আহিবৰ মন নাছিল যেন পাওঁ।
:তাইৰ গা বৰ ভাল নহয় বাইদেউ। এইয়া মায়ে আপোনালৈ দি পথাইছে, পূজা বুলি অাৰু।
আগ্ৰহৰে টোপোলাটো আঁকোৱালি ললে বাইদেউৱে, তেতিয়াহে বাইদেউৰ হাতখনলৈ মন কৰিলো। বৰ ধুনিয়া ঘড়ী এটা।
:পূজাত এইটো ললে বাইদেউ? ইমান ধুনিয়া।
:মইনো কত এইবোৰ নিজে কিনিম, অৰ্ণৱে দিছে, বোলে এইবাৰ JEC ত শেষ পূজা, এইটোকে দিলো, অাৰু কেইবাটাও লৰা ছোৱালীয়ে কিবাকিবি দিছে। এই চাৰি বছৰত ইহঁতবোৰ কিবা নিজৰ লৰা ছোৱালীৰ দৰে লগা হল। গুচি গলে বৰ বেয়া লাগিব পায়।
শেষৰ কথা কেইটা কওঁতে বাইদেউৰ মাতটো থোকাথুকি হৈ গল। চাদৰৰ আঁচলটো চকুৰ কোণত হেঁচি ধৰিছে। বৰ মৰমিয়াল এই মানুহগৰাকী। সহজ সৰল মানুহবোৰ মোৰ সদায় প্ৰিয়।
দিন ছুটি, পাঁচটা বজাই নাই কিন্তু অলপ অলপ এন্ধাৰ হলেই। ষ্ট্ৰীট লাইট অাৰু বাইদেউৰ দোকানৰ সৰু বাল্বটোৰ পোহৰে ঠাই ডোখৰ কিবা মায়াময় কৰি তুলিছে। দোকানৰ ভিৰ সেৰেঙা হল। বাইদেউৱে দোকান সামৰিবলৈ যো জা চলাইছে।
:যাঁও বাইদেউ, অাজি চাহ নেখাওঁ।
:হব হব যোৱা।
নিশা তেতিয়াৰে পৰা অলপ দূৰত ৰৈ আছে।
:ঠিকে আছ?
গলগলীয়া মাতষাৰ! কিমানদিন শুনা নাই।
ঘূৰি চালো, অৰ্ণৱ।
নিশাৰ ওচৰত ৰৈ আছে, তেওঁৰ এখন হাত নিশাৰ মূৰত। বেচেৰীয়ে এইবাৰ ওঁঠ কেইটা কামুৰি যেনেতেন চকুপানী ৰাখিছে। অৰ্ণৱৰ আগত তাই সদায় সৰু ভনীয়েকৰ দৰেই উৎপাতবোৰ কৰি আহিছে। কিন্তু অাজি যেন তাইক অলপ সাহসৰ প্ৰয়োজন। উৎপল দাৰ চকুকেইটা সেমেকা, যেনিতেনি চাইছে কিন্তু নিশা বা মোৰ ফালে চাব পৰা নাই।
:চাহ খাবি?
মূৰটো জোকাৰি না বুলি মাত্ৰ কলে তাই ।
:তই এনেকুৱা কৰিলে কেনেকে হব, fake আছিল, সবেই গম পালে এতিয়া।
:পাপাই ঘৰত যাবই নিদিলে মোক।
এইবাৰ উচুপি উচুপি কান্দিছে নিশাই, অৰ্ণৱৰ চকু কেইটা ৰঙা।
:যাব নিদিয়ে নাযাবি, দহ বছৰতকে বেছি দিন হল মই ঘৰ দেখি নোপোৱা, but I am still alive right?
এটা নতুন সাথৰ।
এটা নতুন প্ৰশ্ন!
কেতিয়া বুজি পাম এই মানুহজনক।
এবাৰ, মাত্ৰ এবাৰ যদি জুমি চাবলৈ দিলেহেঁতেন তেওঁৰ বুকুৰ ভিতৰখন।
আঁতৰাই দিলোঁহেঁতেন উশাহ হেঁচি ধৰা কলা শিলবোৰ।
কিয় ভাৱে মই পুতৌ কৰিম বুলি?
কেনেকৈ বুজাম তেওঁক জানিবলৈ মোৰ কিমান হেঁপাহ?
নিশা অাৰু তেওঁৰ পৰা অলপ দূৰত ৰৈ আছো, এইখিনি সময় নিশাৰ বাবে। কথা কম কোৱা মানুহজনে অাজি তাইক বুজাবলৈ কিছুমান কথা কৈছে, মন্ত্ৰমুগ্ধৰ দৰে শুনি আছো মই।
:এতিয়া যা।
মোৰ ফালে চাবলৈ তেওঁৰ যেন আহৰি নাই, নে তেওঁ মোক দেখাই নাই?
উৎপল দালৈ চালো, শেঁতা হাঁহি এটাৰে মূৰটো দুপিয়ালে।
কাৰোবাৰ অসৎ কাম এটাই কিমানখন অন্তৰ পলকতে ভাঙি দিব পাৰে।
নমো,তুমি সঁচাকৈ আছানে?
নিশাৰ পিছে পিছে খোজ ললো, তেওঁৰ কাষেদিয়েই পাৰ হৈ আহিলো ।
ওচৰ পাই টানি লৈছো উশাহত তেওঁৰ সুগন্ধি।
:wait.
তলমূৰ কৰি ৰৈ আছে।
থমকি ৰলো, কিবা কব বুলি আশাৰে বাট চালো।
নাই, একো কোৱা নাই, চকুযোৰ পঢ়ি ললোহেঁতেন যদি তেওঁ এবাৰ মোৰ ফালে চায়!
ধীৰ খোজেৰে আঁতৰি আহিলো।
হঠাতে দপদপাই আহিল কোনোবা পিছফালৰ পৰা। হাতখনত ধৰি ঘূৰাই দিলে মোক।
পৰিম যেন লাগিলে, তেওঁৰ পাতল জেকেটটোৰ কলাৰত খামোছ মাৰি ধৰিলো।
:You can’t ignore me like this Astha.
উফ্।
-------------------------------------------------------------------------------------------------------------------------------------------------------
আপোনাৰ লোকক অনুৰোধ জনাইছোঁ যাতে কোনেও Spam Comment নকৰে । ধন্যবাদ ( Digital Assam )